অসম আৰক্ষীত ব্যাপক বদ-বদল

Pc Wikipedia

অসম আৰক্ষীত ব্যাপক বদ-বদল

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে আৰক্ষী প্ৰশাসনত বৃহৎ ৰদবদল কৰিছে। অসম আৰক্ষীৰ কেইবাগৰাকীও শীর্ষ পৰ্যায়ৰ আইপিএছ আৰু  এপিএছ বিষয়াক বদলি কৰি নতুন দায়িত্ব অর্পণ কৰিছে। গৃহ বিভাগে জাৰি কৰা এক নির্দেশনা মতে ৰাজ্যৰ ৯খন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক নতুন দায়িত্ব অর্পণ কৰাৰ লগতে অসম আৰক্ষীৰ গুৰুত্বপূৰ্ণ অংশ চিআইডিৰ ৭ গৰাকী বিষয়াকো নতুন দায়িত্ব দিয়া হৈছে। স্মর্তব্য যে অসম আৰক্ষীৰ কেইবাগৰাকীও শীর্ষ বিষয়াক নতুন দায়িত্ব প্রদান কৰা হৈছে। জাৰি কৰা নিৰ্দেশনা অনুসৰি বিশেষ শাখাৰ উপ-মহাপৰিদৰ্শক ৰত্না সিংহক একেটা বিভাগৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। বঙাইগাঁৱৰ ডিআইজি বিজয় কুলীগ্রামক বিটিএডিৰ আইজিপি ৰূপে বদলি কৰা হৈছে। বিটিএডিৰ আইজিপি বিবেক ৰাজ সিঙক অতিৰিক্ত দায়িত্বৰ পৰা ৰেহাই দিয়া হৈছে। অসম আৰক্ষীৰ ল’জিষ্টিকৰ আইজিপি ড° শিৱপ্ৰসাদ গাঞ্জালাক উত্তৰ মণ্ডলৰ আইজিপি ৰূপে অতিৰিক্ত দায়িত্ব প্রদান কৰা হৈছে। এছবিৰ আইজিপি কংকনজ্যোতি শইকীয়াক পূব মণ্ডলৰ আইজিপি ৰূপে বদলি কৰা হৈছে। সত্যৰাজ হাজৰিকাক পূব মণ্ডলৰ আইজিপিৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। তেজপুৰৰ উত্তৰ মণ্ডলৰ আইজিপি প্রশান্ত সাগৰ চাংমাইক অগ্নি নির্বাপন আৰু জৰুৰীকালীন সেৱাৰ আইজিপি ৰূপে নিযুক্তি দিয়া হৈছে। একেদৰে দেৱজ্যোতি মুখার্জীক উক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। দৰঙৰ এছএছপি ড° ৰবীন কুমাৰক এমপিচিৰ ডিআইজিপি ৰূপে দায়িত্ব দিয়া হৈছে। গৌতম বৰাক সীমান্ত শাখাৰ ডিআইজিপি ৰূপে নিযুক্তি দিয়া হৈছে। অমৃত ভূঞাক এছবিৰ ডিআইজিপি ৰূপে নিযুক্তি দিয়াৰ লগতে ধেমাজিৰ এছএছপি সুধাকৰ সিঙক তিনিচুকীয়াৰ উত্তৰ পূব মণ্ডলৰ ডিআইজিপি ৰূপে নিযুক্তি দিয়া হৈছে। চিআইডিৰ বিশেষ এছএছপি ৰঞ্জন ভূঞাক নিৰাপত্তা শাখাৰ ডিআইজিপি ৰূপে দায়িত্ব দিয়া হৈছে। অসম আৰক্ষীৰ এডমিনৰ এআইজিপি প্রণৱজ্যোতি গোস্বামীক একেটা বিভাগতে ডিআইজিপি হিচাপে নিযুক্তি দিয়া হৈছে। গোলাঘাটৰ এছএছপি ৰাজেন সিঙক কেন্দ্ৰীয় মণ্ডল আৰু পাৰ্বত্য মণ্ডলৰ ডিআইজিপি ৰূপে দায়িত্ব প্রদান কৰা হৈছে। বাই টি গ্যাটছ’ক এমচিচিৰ পৰা বদলি কৰি পশ্চিম মণ্ডলৰ ডিআইজিপি ৰূপে নিযুক্তি দিয়া হৈছে। চিৰাঙৰ এছএছপি মোহনলাল মিনাক বদলি কৰি ফ’ৰেনছিক বিজ্ঞান সঞ্চালকালয়ৰ সঞ্চালকৰূপে বদলি কৰা হৈছে। ল’জিষ্টিকৰ এআইজিপি স্বপ্ননীল ডেকাক গোলাঘাটৰ এছএছপি ৰূপে বদলি কৰা হৈছে। চিআইডিৰ মানৱ সৰবৰাহকাৰী প্ৰতিৰোধী শাখাৰ এছএছপি ধ্ৰুৱ বৰাক চিৰাঙৰ এছএছপি ৰূপে দায়িত্ব দিয়া হৈছে। নগাঁৱৰ এছএছপি পার্থপ্রতিম দাসক বদলি কৰি কাছাৰৰ এছএছপি ৰূপে দায়িত্ব দিয়া হৈছে। হোজাইৰ এছএছপি বীৰা ভেংকট ৰাকেশ ৰেড্ডীক নগাঁৱৰ এছএছপিৰ দায়িত্ব দিয়া হৈছে। কাছাৰৰ এছএছপি সঞ্জীৱ কুমাৰ শইকীয়াক ২০নং বেটেলিয়নৰ কমাণ্ডেন্ট ৰূপে নিযুক্তি দিয়া হৈছে। অসম আৰক্ষীৰ কল্যাণ শাখাৰ এআইজিপি শর্মিষ্ঠা বৰুৱাক দৰঙৰ এছএছপিৰ দায়িত্ব দিয়া হৈছে। ২০নং বেটেলিয়নৰ কমাণ্ডেণ্টন্ট জ্যোতিৰঞ্জন নাথক দশম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট ৰূপে বদলি কৰা হৈছে। চিআইডিৰ ৰাজ্যিক অপৰাধ ৰেকৰ্ড ব্যুৰ’ৰ এছএছপি আচিফ আহমেদক বিশ্বনাথৰ এছএছপিৰ দায়িত্ব প্রদান কৰা হৈছে। বিশ্বনাথৰ এছএছপি এ বসুমতাৰীক চিআইডিৰ এছএছপি ৰূপে নিযুক্তি দিয়া হৈছে। আৰক্ষী আয়ুক্তালয় গুৱাহাটীৰ এডমিনৰ ডিচিপি নিৰুপম হাজৰিকাক হোজাইৰ এছএছপিৰ দায়িত্ব প্রদান কৰা হৈছে। দেৰগাঁৱৰ এআইজিপি মাধুৰীমা দাসক আৰক্ষী আয়ুক্তালয় গুৱাহাটীৰ এডমিনৰ ডিচিপি ৰূপে বদলি কৰা হৈছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ সীমান্ত শাখাৰ ডিচিপি নিশান্ত সৌৰভক মৰিগাঁৱৰ এছএছপি ৰূপে নিযুক্তি দিয়া হৈছে। মৰিগাঁৱৰ এছএছপি প্রকাশ সোণোৱালক ধেমাজিৰ এছএছপি ৰূপে বদলি কৰা হৈছে। চিআইডিৰ চাইবাৰ ক্রাইম ২ৰ এছএছপি সৌৰভজ্যোতি শইকীয়াক চিআইডিৰ প্ৰশিক্ষণৰ এছএছপি ৰূপে বদলি কৰা হৈছে। একেদৰে পূৰ্বৰ প্ৰশিক্ষণৰ এছএছপি শান্তনু শর্মা পাঠকক সীমান্ত-১ৰ এছএছপি ৰূপে নিযুক্তি দিয়া হৈছে। চিআইডিৰ এছএছপি হৰেকৃষ্ণ নাথক চিআইডিৰ বিশেষ এছএছপি ৰূপে নিযুক্তি দিয়াৰ লগতে দশম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট ছিজল আগৰৱালাক চিআইডিৰ এছএছপি ৰূপে নিযুক্তি দিয়া হৈছে। চিৰাঙৰ মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নীতিশা সঞ্জয় জগতাপক চিআইডিৰ ৰাজ্যিক অপৰাধ ব্যুৰ’ৰ এছএছপি ৰূপে নিযুক্তি দিয়া হৈছে। কাছাৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালক দেৰগাঁৱৰ এআইজিপি ৰূপে নিযুক্তি দিয়া হৈছে। একেদৰে ডিব্ৰুগড়ৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অতুল কুমাৰক অসম আৰক্ষীৰ কল্যাণ শাখাৰ এআইজিপি আৰু ডিজিপিৰ ছেক্সন অফিচাৰ ৰূপে নিযুক্তি দিয়া হৈছে। চিৰাঙৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাহাতো অমিত কুমাৰ সিদ্ধি প্রসাদক সীমান্ত শাখাৰ ডিচিপি আৰু মুখ্যমন্ত্ৰীৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত দায়িত্ব প্রদান কৰা হৈছে। নলবাৰীৰ মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমন প্রকাশ মীনাক দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ এছএছপি ৰূপে নিযুক্তি দিয়া হৈছে। বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মেৰিলিন জাউলচাংমারীক চিআইডিৰ মহিলা আৰু শিশু অপৰাধ শাখাৰ এছএছপি ৰূপে দায়িত্ব দিয়া হৈছে। নাজিৰাৰ সম-জিলা অধীক্ষক দেশাই তুষাৰ উত্তমক চিআইডিৰ চাইবাৰ ক্রাইম-২ এছএছপি ৰূপে নিযুক্তি দিয়া হৈছে।