বানত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ ডিজিটেল জৰীপৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ চাৰিখন জিলাত সংঘটিত শেহতীয়া ভয়াৱহ বানপানীত ক্ষতিগ্রস্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ তড়িৎ আৰু বৈজ্ঞানিক জৰীপ নিশ্চিত কৰাৰ দিশত ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে। যোৰহাটৰ চিনামৰাস্থিত সন্মিলন কেন্দ্রত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বাবে বানত ক্ষয়-ক্ষতিৰ দ্রুত মূল্যায়নৰ বাবে ডিজিটেল এপ্লিকেশ্যন ব্যৱহাৰৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে। এই প্রশিক্ষণ কাযূচীত মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰে যে শেহতীয়া বান পৰিস্থিতিত ৰাজ্য চৰকাৰে অত্যন্ত সক্ৰিয়তাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ পিছত এতিয়া পৰৱৰ্তী পর্যায় হিচাপে বান ক্ষতিগ্রস্তলৈ ক্ষতিপূৰণ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ইয়াৰ অংশ হিচাপে বানত হোৱা ক্ষতিৰ দ্রুত জৰীপৰ অৰ্থে প্ৰস্তুত কৰা ম’বাইল এপ্লিকেচনৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জৰীপ যাতে নিখুঁত হয় আৰু ক্ষতিপূৰণ লাভৰ বাবে যোগ্য কোনো ব্যক্তি বা পৰিয়াল বাদ পৰি নাযায়, তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়- শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে জড়িত বিষয়াসকলৰ লগত বানত ক্ষতিগ্রস্ত হোৱা লোকসকলক কেনেকৈ সহায় কৰিব পাৰি, সেই বিষয়ে আজি আলোচনা কৰা হয়। আলোচনাৰ সিদ্ধান্ত মর্মে কাইলৈৰ পৰা জিলা পৰ্যায়ত জৰীপকাৰীসকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হ’ব আৰু ৯ আগষ্টৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ আৰম্ভ কৰা হ’ব। প্রথম পৰ্যায়ৰ জৰীপ ৩০ আগষ্টলৈকে চলিব আৰু জৰীপৰ তালিকা প্রস্তুত হোৱাৰ পিছত জৰীপকাৰীসকলে ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ ওচৰলৈ দ্বিতীয়বাৰৰ বাবে গৈ জৰীপত ৰৈ যোৱা ভুল-ত্রুটিৰ পুনৰীক্ষণ কৰিব। এই প্ৰক্ৰিয়াৰে অহা ১০ ছেপ্টেম্বৰৰ ভিতৰত ক্ষয়-ক্ষতিৰ এক ধাৰণা লাভ কৰিব পৰা যাব। মুখ্যমন্ত্ৰীয়ে ইয়াকো উল্লেখ কৰে যে জৰীপকাৰীসকলে প্ৰতিটো ঘৰৰ ফটোগ্রাফ সংগ্ৰহ কৰিব আৰু এটা ডিজিটেল এপ্লিকেচনৰ জৰিয়তে এই জৰীপকাৰ্য সম্পন্ন হ’ব। বন্যার্তসকলৰ স্থায়ী পুনৰ সংস্থাপন কাৰ্যৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া আনুমানিক ব্যয়ৰ এক থূলমূল আভাস ৩০ আগষ্টত লাভকৰিব পৰা যাব। এই সমগ্ৰ ছবিখন পৰিষ্কাৰ হোৱাৰ পাছতে চৰকাৰে ক্ষতিগ্রস্ত পৰিয়ালসমূহলৈ প্রয়োজনীয় সহায় আগবঢ়োৱাৰ কাম আৰম্ভ কৰিব। আজিৰ এই প্রশিক্ষণ অনুষ্ঠানত মন্ত্রী কেশৱ মহন্ত, অতুল বৰা, অজন্তা নেওগ, বিমল বড়া, ৰামেশ্বৰ তেলী, সুশান্ত বৰগোহাঁই, কৃষ্ণেন্দু পালৰ লগতে বিধায়ক হিতেন্দ্র নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, ধীৰাজ গোৱালা, ময়ূৰ বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, সুৰুয দিহিঙীয়া আৰু মৃদুল কুমাৰ দত্ত উপস্থিত থাকে। প্রশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত মুখ্য সচিব এল এছ চাংছনকে ধৰি কেইবাগৰাকী শীর্ষ বিষয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আয়ুক্ত, সম-জিলা আযুক্ত, চক্ৰ বিষয়া আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলো উপস্থিত থাকে।
