নিৰ্বাচনৰ মাজতে নাভূত-নাশ্ৰুত কাণ্ড ৰোগীৰ জীৱন সংকটত পেলাই বন্ধ চিকিৎসালয় দুৱাৰ প্ৰসূতিয়ে ৰাজপথতে জন্ম দিলে সন্তান

নিৰ্বাচনৰ মাজতে নাভূত-নাশ্ৰুত কাণ্ড ৰোগীৰ জীৱন সংকটত পেলাই বন্ধ চিকিৎসালয় দুৱাৰ প্ৰসূতিয়ে ৰাজপথতে জন্ম দিলে সন্তান

ৰঙিলী বাৰ্ত্তাসেৱা-  নিৰ্বাচনৰ মাজতে গোসাঁইগাঁও চিভিল হাস্পতালত নাভূত-নাশ্ৰুত কাণ্ড৷নিৰ্বাচনৰ দিনটোত ৰোগীৰ জীৱন সংকটত পেলাই বন্ধ চিকিৎসালয় দুৱাৰ৷ৰোগীৰ বাবে বন্ধ কৰি দিয়া হ’ল গোসাঁইগাঁও চিভিল হাস্পতালৰ মুখ্যদ্বাৰ৷মহকুমাধিপতিৰ নিৰ্দেশত নিৰ্বাচনৰ বাবে গোসাইগাওঁ আৰ এন বি চিভিল চিকিৎসালয়ৰ মুখ্য প্ৰৱেশ দুৱাৰ বন্ধ কৰি দিয়াৰ বাবে এগৰাকী প্ৰসূতিয়ে ৰাজপথতে জন্ম দিলে সন্তান।ভুক্তভোগীৰ মাজত হাহাকাৰ হোৱাৰ পাছতে দেৱাল পাৰ হৈ চিকিৎসালয়ৰ ভিতৰত প্ৰৱেশ কৰে ৰোগীৰ আত্মীয়।এই ঘটনাৰ পাছতে ৰোগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।পৰৱৰ্তী সময়ত সাংবাদিকৰ হেঁচাত খুলি দিয়া হয় হাস্পতালৰ দুৱাৰ।