অভিশপ্ত ৩০ অক্টোবৰ ভয়াৱহ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত দুৰ্ভগীয়া লোকসকলক সোঁৱৰণ

অভিশপ্ত ৩০ অক্টোবৰ ভয়াৱহ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত দুৰ্ভগীয়া লোকসকলক সোঁৱৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-   ২০০৮ চনৰ ৩০ অক্টোবৰত অসমত হোৱা ভয়াৱহ ধাৰাবাহিক বোমা বিস্ফোৰণৰ আজি ১৩টা বছৰ অতিক্ৰম কৰিছে।এই দিনটো অসমৰ ইতিহাসত ক’লা দিন হিচাপে চিহ্নিত কৰা হৈছে।গণেশগুৰি উৰণীয়া  সেতুৰ তলত এক ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়।এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, প্রাক্তন মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক অতুল বৰা আৰু সাংসদ কুইন ওজাকে ধৰি শীৰ্ষ বিষয়া-কৰ্মচাৰীয়ে স্মৃতি সৌধত পুষ্পাঞ্জলি জ্ঞাপন কৰি মৃতকৰ সদ্‌গতি কামনা কৰে। অনুষ্ঠানত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তদুপৰি বিস্ফোৰণত মৃত্যু হোৱা আৰু চিৰদিনৰ বাবে ঘুণীয়া হোৱাসকলৰ পৰিয়ালৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে পৰ্যায়ক্রমে আলোচনাৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মৃতকৰ আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে হিংসাৰ জৰিয়তে কোনো সমস্যাৰ সমাধান নহয় বুলি মন্তব্য কৰে। ৩০ অক্টোবৰৰ এই অভিশপ্ত দিনটো সোঁৱৰণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাত প্ৰাণ হেৰুওৱা নিৰীহলোকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে।