ধৰিত্ৰীৰ দাহ আৰু গোলকীয় উষ্ণতা – কুণ্ডিল হাজৰিকা

Pc ScienceDaily

ধৰিত্ৰীৰ দাহ আৰু গোলকীয় উষ্ণতা

কুণ্ডিল হাজৰিকা
যোৰহাট, টীয়ক (ভগামুখ)

প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক অতি আদিম আৰু নিবিড়। কিন্তু আধুনিকতাৰ অন্ধ দৌৰ আৰু চৰম যান্ত্ৰিকতাই আজি সেই চিৰন্তন সম্পৰ্কৰ ওপৰত এক গভীৰ আঘাত হানিছে। সাম্প্ৰতিক সময়ত আমি সকলোৱে অনুভৱ কৰা আটাইতকৈ স্পৰ্শকাতৰ আৰু ভয়াৱহ সমস্যালৈ ৰূপান্তৰিত হৈছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ ফলত সৃষ্টি হোৱা অভূতপূৰ্ব প্ৰচণ্ড দাবদাহ। বতৰৰ এই অস্বাভাৱিক ৰুদ্ৰৰূপে কেৱল এটা ঋতুৰ সাময়িক পৰিৱৰ্তনক নুবুজায়, বৰঞ্চ ই বিপন্ন ধৰিত্ৰীৰ এক কৰুণ আৰ্তনাদহে প্ৰকাশ কৰিছে। মানুহে নিজৰ সুখ স্বাচ্ছন্দ্যৰ বাবে প্ৰকৃতিক ইমানেই শোষণ কৰিছে যে আজি সমগ্ৰ পৰিৱেশ তন্ত্ৰই নিজৰ স্বাভাৱিক ভাৰসাম্য হেৰুৱাই পেলাইছে।

পৃথিৱীৰ বুকুলৈ নামি অহা এই উত্তপ্ত সংকট কোনো আকস্মিক ঘটনা নহয়, ইয়াৰ আঁৰত আছে মানুহৰ অনিয়ন্ত্ৰিত আৰু অপৰিকল্পিত কাৰ্যকলাপ। উন্নয়নৰ দোহাই দি দিনে দিনে অৰণ্য ধ্বংস কৰি গঢ়ি তোলা হৈছে কংক্ৰিটৰ অট্টালিকা আৰু কল কাৰখানা। গছ-গছনি কাটি তহিলং কৰাৰ ফলত বতাহত কাৰ্বন-ডাই-অক্সাইডৰ দৰে ক্ষতিকাৰক গেছৰ পৰিমাণ আশংকাজনকভাৱে বৃদ্ধি পাইছে। উদ্যোগীকৰণ, যানবাহনৰ পৰা নিৰ্গত ধোঁৱা আৰু আধুনিক বিলাসী সামগ্ৰী, যেনে শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ অত্যাধিক ব্যৱহাৰে বায়ুমণ্ডলত সেউজগৃহ গেছৰ আৱৰণখন ক্ৰমান্বয়ে ঘন কৰি তুলিছে। ইয়াৰ ফলত সূৰ্যৰ তাপ ধৰাপৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ মহাকাশলৈ উভতি যাব নোৱাৰি সমগ্ৰ পৃথিৱীখনক এখন উত্তপ্ত মৰুভূমিলৈ ৰূপান্তৰিত কৰিছে।

এসময়ৰ সুজলা সুফলা, চিৰসেউজ অসমৰ বতৰো এতিয়া পূৰ্বৰ দৰে শীতল হৈ থকা নাই। পাহাৰ ভৈৰামৰ বনাঞ্চল ধ্বংস, নদীৰ স্বাভাৱিক গতিপথৰ পৰিৱৰ্তন আৰু জলবায়ুৰ বিলোপসাধনৰ বাবে আমাৰ ইয়াতেও এতিয়া গৰমৰ প্ৰকোপ অসহনীয় হৈ পৰিছে। সময়মতে বৰষুণ নোহোৱা হৈছে, যাৰ পোনপটীয়া প্ৰভাৱ পৰিছে কৃষি খণ্ডৰ ওপৰত। বাৰিষাৰ অনিয়মিত চৰিত্ৰ, খৰাং সদৃশ পৰিস্থিতি আৰু নদীসমূহৰ ক্ৰমশঃ শুকাই যোৱা ৰূপে সামগ্ৰিক জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। প্ৰকৃতিৰ এই অনাকাংক্ষিত ভাৰসাম্যহীনতাই কেৱল মানুহৰে নহয়, বৰঞ্চ আমাৰ চহকী জৈৱ-বৈচিত্ৰ্যকো এক তীব্ৰ সংকটৰ মুখলৈ ঠেলি দিছে।

এই গোলকীয় মহাবিপদৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে কেৱল চিন্তা প্ৰকাশ কৰিয়েই ক্ষান্ত থাকিলে নহ’ব, বৰঞ্চ যুদ্ধকালীন তৎপৰতাৰে বাস্তৱসন্মত পদক্ষেপ ল’ব লাগিব। “এজোপাই প্ৰাণ, এজোপাই জীৱন” এই আপ্তবাক্যশাৰীক সাৰোগত কৰি ব্যক্তিগত আৰু সামাজিক পৰ্যায়ত ব্যাপক হাৰত গছ ৰোৱা আৰু তাক সযতনে প্ৰতিপালন কৰাৰ এক সৰ্বাত্মক আন্দোলন গঢ়ি তুলিব লাগিব। ইয়াৰ সমান্তৰালভাৱে, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ যিমান পাৰি কমাই সৌৰশক্তি আৰু বায়ুশক্তিৰ দৰে নৱীকৰণযোগ্য শক্তিৰ চৰ্চা বৃদ্ধি কৰা উচিত। প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণ বৰ্জন কৰা, প্ৰাকৃতিক জলাশয়সমূহ সংৰক্ষণ কৰা আৰু যান্ত্ৰিক নিৰ্ভৰশীলতা কিছু পৰিমাণে হ্ৰাস কৰি প্ৰকৃতি অনুকূল জীৱনশৈলী গ্ৰহণ কৰাটো এতিয়া সময়ৰ আটাইতকৈ ডাঙৰ দাবী।

পৃথিৱীখন কেৱল বৰ্তমানৰ মানুহখিনিৰে নহয়, ই অনাগত প্ৰজন্মৰো একমাত্ৰ বাসস্থান। স্বাৰ্থপৰতা আৰু ক্ৰমবৰ্ধমান যান্ত্ৰিকতাৰ মোহ ত্যাগ কৰি আমি যদি এতিয়াও সাৰ নাপাওঁ, তেন্তে ভৱিষ্যতৰ ইতিহাসে আমাক কেতিয়াও ক্ষমা নকৰিব। ধৰিত্ৰীৰ এই দাহ প্ৰশমন কৰাৰ দায়িত্ব কেৱল চৰকাৰ বা কোনো নিৰ্দিষ্ট সংস্থাৰ নহয়, ই আমাৰ প্ৰত্যেকৰে এক নৈতিক আৰু অপৰিহাৰ্য কৰ্তব্য। সামূহিক আৰু সংকল্পবদ্ধ প্ৰচেষ্টাৰেহে আমি আকৌ এবাৰ এই ধৰাক সেউজীয়া, সুশৃংখল আৰু শীতল কৰি তুলিবলৈ সক্ষম হ’ম।