দৰ্শক– ✍নিহাল গগৈ

pc-hubsports blog

দৰ্শক

✍নিহাল গগৈ

অকস্মাৎ,
জীৱনৰ নাটঘৰত নায়কজনক দেখি
সুধিয়ে পেলালো,
দৰ্শক হ’বলৈ সহজ নেকি?
তেওঁ কৌতূহলী হাঁহিৰে মোক ক’লে,
দৰ্শক হ’বলৈ এটি আৱেগপ্ৰৱণ মন লাগে;
মন্ত্ৰমুগ্ধ দৃষ্টিৰে মিছাবোৰ সচাঁ বুলি ভাৱি থাকিবলৈ।