ৰাজ্যত পুনৰ জাতীয় পতাকাক অপমান

ৰাজ্যত পুনৰ জাতীয় পতাকাক অপমান

অনলাইন বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত শ্বালকাটি বালিকা মুক্তাব স্কুলত জাতীয় পতাকাক অপমান কৰা হৈছে ।স্থানীয় ৰাইজে জনোৱা মতে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা দায়িত্ব সামৰিবলৈ উত্তোলন কৰি থৈ গৈ ছিল পতাকা কিন্তু স্বাধীনতা দিৱসৰ ৩নিদিন পিছতো উলমি ৰ’ল জাতীয় পতাকা! দেশৰ স্বাভিমান জাতীয় পতাকা আৰু চৰকাৰী নীতি নিয়মক কেৰেপ নকৰে স্কুল খনৰ প্ৰধান শিক্ষক আব্দুল কাদিৰে। উল্লেখযোগ্য যে ঘৰত বহি চৰকাৰী ধনেৰে বিলাসী জীৱন নিৰ্বাহ কৰা এনে দায়ত্বহীন স্কুল কর্তী পক্ষ্যৰ গাফিলতিৰ বাবে স্বাধীনতা দিৱসৰ তিনদিন উকলি যোৱাৰ পিছতো উলমি ৰল জাতীয় পতাকা।কিন্তু এনেহেন দায়ীত্বহীন স্কুল কতৃ পক্ষ্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তথা প্ৰশাসন কি ব্যৱস্থা গ্ৰহণ কৰিব । পৰৱৰ্তী পৰ্য্যায়ত সেয়াহে লক্ষ্যনীয় হব reporting by specials Reporter (Amarjit rabha)