দৰদী –  গৌতম মালাকাৰ

Pc boston university
 দৰদী 
আৰু কিমান লিখিবি
মানৱতাৰ গান
সুৰীয়া দৰদী কণ্ঠ
আৰু কিমাননো নিগৰাবি
দৰিদ্ৰতাৰ দলিলেৰে
কিমাননো গুঁঠিবি
কবিতাৰ মালা
সহানুভূতিৰ শব্দৰে
গল্পবোৰ আৰু কিমান চহকী কৰিবি
যন্ত্ৰণাৰ সতেজ ডাঙৰিৰে ভৰি আছে
আগচোতাল-পিছচোতাল
পাৰিবি জানো মচিব
তেজ বোৱোঁৱা চকুৰ দুৰ্দশা
যদিহে নাই
সঁচা আন্তৰিকতাৰ এখুদ উদাৰতা ?
 গৌতম মালাকাৰ
কৰিমগঞ্জ