বলাৎকাৰ এটা সামাজিক ব্যাধি – হিমাদ্ৰী বৰকটকী

Pc Vidhi

 বলাৎকাৰ এটা সামাজিক ব্যাধি 

পুহ মাহৰ এটা দিন , কুঁৱলীয়ে আঁবৰা। প্ৰাতঃভ্ৰমণ কৰি আহি থাকোঁতে দেখিলো পানী যুঁৱলীত কিবা এটা বস্তু পৰি আছে। মই ওচৰ চাপি গৈ দেখিলোঁ এগৰাকী মহিলাৰ নিথঁৰ দেহ। মোৰ বুকুখন ঢিপিং কৈ উঠিল । ভালকৈ চালোঁ যদিও কোন ধৰিব নোৱাৰিলোঁ। কোনোবাই মাৰি পেলায় থৈ যোৱা নাইতো ? আজিকালি এইবোৰ চিৰাচৰিত হৈ থকা ঘটনা। লাহে লাহে গাওঁৰ মানুহে নদীৰ পাৰত জুম বান্ধিলে । গাওঁৰে ল’ৰা এটাই পুলিচলৈ ফোন কৰি ঘটনাটো জনালে । কিছু সময়ৰ পিছত পুলিচ আহিল। পুলিচে গাঁৱৰ ৰাইজক সোধ -পোচ কৰিলে। গাঁৱৰ ৰাইজে চিনি নাপাওঁ বুলি ক’লে মহিলা গৰাকীক। মই ও চিনি নাপাওঁ বুলি কʼলো মহিলা গৰাকীক । “শ”টো এজনী ছোৱালীৰহে। পানীৰ পৰা তুলি আনোতে গম পালোঁ। পুলিচে “শ” টো লৈ গ’ল পোষ্টমৰ্টন কৰিবলৈ। পিছত খবৰ কৰি গম পালোঁ ছোৱালীজনী আমাৰ কাষৰ গাওঁৰে । কলেজৰ পৰা আহি থাকোঁতে তাইক নৰ- পিশাচ কেইটামানে বলাৎকাৰ কৰি‌ নিসংগভাৱে হত্যা কৰি নদীৰ পানী যুঁৱলীত পেলাই থৈ গৈছে। ছোৱালীজনী পঢ়া শুনাত বৰ ভাল আছিল বুলি কলেজৰ চাৰ বাইদেউ সকলে কৈছিল। মাক দেউতাকৰ এজনীয়েই ছোৱালী আছিল। মাক দেউতাকৰ অৱস্থা চাব নোৱাৰা হৈছে। যাৰ ঘৰত এনে পৰিস্থিতি বা ঘটনাৰ সৃষ্টি হয় তেওঁলোকেহে বুজি পায়।
কি! সিহঁতৰ বাই – ভনী নাই নেকি ? সিহঁতৰ মানসিকতা বোৰ কি হ’ল ? কিয় এজনী উঠি অহা ছোৱালীৰ জীৱনটো ধ্বংস কৰি পেলালে নৰ – পিশাচ কিটাই ? কি দোষ আছিল তাইৰ ?
সেই নৰ – পিশাচ কেইটাক পুলিচে ধৰি থানালৈ লৈ গ’ল। কিন্তু কি হ’ব খবৰ পোৱা মতে হাত দীঘল মানুহৰ ল’ৰা। টকা পইচা খুৱাই ল’ৰা কেইটাক থানাৰ পৰা উলিয়াই লৈ গ’ল অভিভাৱকে। আমাৰ আইনখন তেনেকুৱাই। প্ৰকৃত প্ৰমান নোপোৱা বুলি কৈ পুলিচে খালাচ কৰি দিলে নৰ পিশাচ কিটাক। এনেবোৰ মানুহৰ কাৰনে দোষী সাৰি গৈ মুক্ত আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছে। সিহঁতৰ জানো নিজৰ বাই – ভনী নাই ? এনে এটা জঘণ্য ঘটনা সংঘটিত কৰি মুক্ত আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছে। সঁচাই ধিক্কাৰ দিছোঁ এই আইনখনক।
বেচেৰী ছোৱালীজনীৰ ঘৰ খনে কিন্তু ন্যায় নাপালে। কাৰন টকা পইচা নথকা মানুহ তেওঁলোক। একো আওঁ-ভাওঁ নজনা গাঁওৰ মানুহ। তেওঁলোকৰ হৈ মাত মাতিবলৈ আৰু যুজিবলৈ কোনো নাই। এজনী উঠি অহা ছোৱালীৰ জীৱনটো সেই নৰ পিশাচ কিটাই ধ্বংস কৰি পেলালে। সিহঁতৰ পণ্যৰ সামগ্ৰী হ’বলৈহে তাই জনম লৈছিল নেকি ? কিয় আমি ছোৱালী – বোৱাৰীহʼত সুৰক্ষিত নহয় এই পৃথিৱীত ? আমাৰ পদে পদে ভয় । কি ঠিক কেতিয়া বা কৰোবাৰ কামনাৰ বলিয়েই হওঁ ! এজনী ছোৱালী স্কুল বা কলেজৰ পৰা ঘৰলৈ ঘূৰি নহালৈকে মাক দেউতাকৰ সদায় চিন্তা। আজিৰ যুগটোত কাকো ভৰষা কৰিব নোৱাৰি। নিজৰ গাৰ নোমডালেই শত্ৰু। প্ৰতিদিনে চছিয়েল মিডিয়াত এই ভয়ংকৰ দৃশ্যবোৰ দেখুৱাই আছে। গাৰ নোম শিয়ৰি যোৱা অৱস্থা। পথৰ দাঁতিত প্ৰায়ে দেখা যায় বলাৎকাৰ কৰি‌ পেলায় থৈ যোৱা দৃশ্য। কিয় হৈছে বাৰু এই মানসিকতা আজিৰ সমাজ খনৰ ? দিনে দিনে এই ভয়ংকৰ ঘটনাবোৰৰ পুনৰাবৃত্তি হৈয়েই আছে। আইনকো ভয় নকৰা হৈ আহিছে আজিৰ সমাজখনৰ এচামলোকে। দিনে দিনে কুকুৰ মেকুৰীতকৈ ও অধম হৈ গৈছে মানুহৰ মানসিকতা।
গতিকে সমাজৰ এজন নাগৰিক হিচাপে মই ভাবোঁ প্ৰত্যেক ব্যক্তিৰ মানসিকতা সুস্থ হলেহে এই অপৰাধ প্ৰৱনতা আৰু বলাৎকাৰ সমাজৰ পৰা নিৰ্মূল হ’ব। লগতে আমাৰ আইনখনো কটকটীয়া হ’ব লাগিব । তেতিয়াহে এবাৰলে হ’লেও বলাৎকাৰ আৰু অপৰাধ প্ৰৱনতা কৰিবলৈ এশবাৰ ভাৱিব লাগিব।

হিমাদ্ৰী বৰকটকী
নগাঁও