দেশৰ ৫১,০০০ স্থানৰ লগতে অসমতাে ৪০০ টা মণ্ডলত বিজেপিৰ দিব্য কাশী-ভৱ কাশী’ অনুষ্ঠান

pc facebook

দেশৰ ৫১,০০০ স্থানৰ লগতে অসমতাে ৪০০ টা মণ্ডলত বিজেপিৰ দিব্য কাশী-ভৱ কাশী’ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ স্বপ্ন প্রকল্প কাশীৰ বাবা বিশ্বনাথ মন্দিৰৰ নব্যৰূপৰ লােকপর্ণ মহাপৰ্বৰ লগত সংগতি ৰাখি দেশৰ ৫১,০০০ টা স্থানৰ লগতে ৰাজ্যিক বিজেপিৰ ৪০০ টা মণ্ডলত বিভিন্ন ধর্মীয় কার্যসূচী আদি গ্রহণ কৰাৰ লগতে মূল কাৰ্যসূচী পােনপটীয়া সম্প্রচাৰ কৰা হয়। এই অনুষ্ঠানত দলীয় কার্যকর্তা, স্থানীয় ৰাইজ, নির্বাচিত প্রতিনিধি তথা সাধু-সন্ত আৰু ধৰ্মাৰ্চাৰ্যসকল উপস্থিত থাকে। তদুপলক্ষে বিজেপি অসম প্রদেশৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়া বিধানসভা সমষ্টিৰ ডিমু-ডােৱক গাঁও পঞ্চায়তৰঅন্তর্গত বৰলীমাৰাৰ সুন্দৰবন শিৱ মন্দিৰৰ প্ৰাংগণত ৰঙিয়া ব্লক মণ্ডলৰ উদ্যোগত আয়ােজিত অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত কলিতাই কয় যে পুৰাতন-সনাতন ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য, আস্থা আৰু গৰিমাৰ প্রতীক কাশী বিশ্বনাথ ধামক বিশ্বমুখী কৰি তােলাৰ উদ্দেশ্য প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী গ্রহণ কৰা এই পদক্ষেপ অতিকৈ আদৰণীয়। ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, সাধাৰণ সম্পাদক দিপ্লো ৰঞ্জন শর্মা গুৱাহাটীৰ জিলা সমিতিৰ উদ্যোগত বশিষ্ঠ মন্দিৰৰ প্ৰাংগনত আয়ােজিত অনুষ্ঠানত উপস্থিত থাকে। ৰাজ্যিক বিজেপিৰ অন্যতম সাধাৰণ সম্পাদক পুলক গােহাঁই তিনিচুকীয়াত উপস্থিত থকাৰ লগতে মুখ্য মুখপাত্র তথা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাচা যােৰহাটনগৰ মণ্ডলত আয়ােজিত অনুষ্ঠানত উপস্থিত থাকে। উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, সাংসদ, বিধায়ক সকলেও আজি নিজ নিজ সমষ্টিৰ মণ্ডলত উপস্থিত থাকি মূল অনুষ্ঠানৰ অংশীদাৰ হয়। ৪০০ টা মণ্ডলত আয়ােজিত অনুষ্ঠানত নিমন্ত্রিত ধর্মাচার্য তথা সাধু-সন্তসকলক, স্থানীয়ভাৱে সম্ভাষণ জনােৱা হয়।