অসম জাতীয় পৰিষদৰ জাতীয় স্বাভিমান যাত্ৰাৰ তৃতীয় দিন

অসম জাতীয় পৰিষদৰ জাতীয় স্বাভিমান যাত্ৰাৰ তৃতীয় দিন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম জাতীয় পৰিষদৰ ‘জাতীয় স্বাভিমান যাত্ৰা’ৰ তৃতীয় দিনা ‘আত্মবলিদান দিৱস’ত কা আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কৰ গৃহস্থান ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিছাত দলে শ্বহীদ ঈশ্বৰ নায়কসহ পঞ্চশ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰে৷ এই উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপসভাপতি অঞ্জন উপাধ্যায়, সম্পাদকত্ৰয় ৰাজীৱ ভট্টাচাৰ্য, প্ৰিন্স ফাইজুল হক আৰু জান বৰা, কাৰ্যালয় সম্পাদক নিখিল ভট্টাচাৰ্য, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অজয় তাঁতী আৰু অৰূপ কলিতা প্ৰমুখ্যে নেতাসকলে শ্বহীদকেইগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে৷ দলৰ সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই শ্বহীদ ঈশ্বৰ নায়কৰ পিতৃ নিৰাকাৰ নায়কক ফুলাম গামোছা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত সভাপতি গগৈ, সাধাৰণ সম্পাদক ভূঞা, যুটীয়া সম্পাদক দুলদুল বৰকটকী আৰু কাৰ্যনিৰ্বাহক সদস্য অজয় তাঁতীসহ নেতাসকলে ভাষণ দিয়ে৷