কেন্দ্ৰই কা-ৰ বিধি প্ৰণয়ন কৰিবলৈ সাহ নকৰাটোয়ে কা বিৰোধী আন্দোলনৰ সাফল্য : লুৰীণজ্যোতি গগৈ

PC Times Of india

কেন্দ্ৰই কা-ৰ বিধি প্ৰণয়ন কৰিবলৈ সাহ নকৰাটোয়ে কা বিৰোধী আন্দোলনৰ সাফল্য : লুৰীণজ্যোতি গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা- সংসদত কা আইন গৃহীত হোৱাৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতে অসম জাতীয় পৰিষদে গুৱাহাটী মহানগৰীত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি কা-বিৰোধী আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ সূচনা কৰে৷ দলৰ দহদিনীয়া ‘জাতীয় সংকল্প অভিযান’ৰ দ্বিতীয় দিনা সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত কেইবাসহস্ৰ লোকে জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা দিছপুৰ অভিমুখে শোভাযাত্ৰা কৰি গৈ জু-ৰোডৰ এ আই ডি চি পইন্টত কা আইনৰ প্ৰতিলিপি দাহ কৰে৷ কা-বিৰোধী শ্লোগানেৰে চৌপাশ উত্তাল কৰি আগবাঢ়ি যোৱা প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ এমুঠিমান আৰক্ষীয়ে কেইবাবাৰো চেষ্টা চলায় যদিও প্ৰতিবাদকাৰীসকলে বাধা অতিক্ৰম কৰি ‘কা আমি নামানো’, ‘কা আইন বাতিল কৰক’ আদি শ্লোগান দিয়ে৷ প্ৰতিবাদকাৰীসকলে জাতীয় পৰিষদৰ কাৰ্য্যালয় চৌহদত ক’লা পতাকা উত্তোলন কৰাৰ লগতে ৰাজপথত সমদল কৰোতে হাতে হাতে ক’লা পতাকা লৈ প্ৰদৰ্শন কৰে৷ উল্লেখযোগ্য যে ২০১৯ চনৰ আজিৰ দিনটোতে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা পাৰিত হৈছিল৷ তাৰ পিছদিনাৰে পৰা অসমত কা বেৰোধী আন্দোলন আৰম্ভ হৈছিল যদিও ক’ভিড মহামাৰী আৰু দেশজোৰা লকডাউনৰ বাবে আন্দোলন স্তব্ধ হৈ পৰিছিল৷ ক’ভিড শাম কটাৰ পিছত বিধানসভা নিৰ্বাচন আৰম্ভ হয় আৰু নিৰ্বাচনী সভাসমূহত বিজেপিয়ে কা-ৰ প্ৰসংগ এৰাই চলি মূলতঃ প্ৰলোভন আৰু সাম্প্ৰদায়িক বিভাজনেৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰে৷ অৱশ্যে কা আইনখন সংসদত পাৰ্থ হৈছে যদিও চৰকাৰী বিধি প্ৰণয়ন কৰিব নোৱাৰাৰ বাবে আইনখন প্ৰয়োগ কৰিব পৰা নাই৷ নিয়ম মতে, সংসদত আইন পাৰ্থ হোৱাৰ পিছত চৰকাৰে তাৰ বিধি ছমাহৰ ভিতৰত প্ৰণয়ন কৰিব লাগে৷ উক্ত সময়সীমাৰ ভিতৰত বিধি প্ৰণয়ন কৰিব নোৱাৰিলে সংসদৰ পৰা তিনি মাহৰ সময় লব লাগে৷ কাৰ বিধি প্ৰণয়ন কৰিব নোৱাৰি কেন্দ্ৰীয় চৰকাৰে ইতিপূৰ্বে দুবাৰ সংসদৰ পৰা তিনিমাহকৈ মুঠ ছমাহ সময় লৈছে৷ অহা ফেব্ৰুৱাৰী মাহত উক্ত ছমাহ সময় উকলি যাব৷  জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে কা আইন জাপি দি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে৷ এই ষড়যন্ত্ৰ কোনো পধ্যেই মানি লব নোৱাৰি৷ কা আইনৰ পক্ষত থকাসকল অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষাৰ পক্ষ্যত নাই বুলি উল্লেখ কৰি গগৈয়ে কয়, “বিজেপিয়ে কয় যে অসমবাসী ৰাইজে বিজেপিৰ পক্ষত ভোট দি কা-ৰ প্ৰতি সমৰ্থন আগবঢ়াইছে৷ মিছা কথা৷ বিজেপিয়ে নিৰ্বাচন জিকিছে প্ৰলোভন-প্ৰতিশ্ৰুতি আৰু সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰি৷ কা-ৰ প্ৰতি অসমীয়া ৰাইজৰ সমৰ্থন থকা হ’লে ইমান দিনে কেন্দ্ৰীয় চৰকাৰে কা আইনৰ বিধি প্ৰৱৰ্তনৰ কাম সম্পূৰ্ণ কৰিলেহেতেন৷ বিধি প্ৰণয়ন নকৰাৰ কাৰণ হৈছে প্ৰতিবাদৰ ভয়৷ সেই গতিকে আমি প্ৰতিবাদ অব্যাহত ৰাখিব লাগিব৷” কেন্দ্ৰই কা বাতিল নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব৷ গগৈয়ে লগতে কয় যে জাতীয় পৰিষদৰ দহদিনীয়া জাতীয় সংকল্প অভিযানৰ তৃতীয় দিনা কাইলৈ কা-আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কৰ জন্মস্থান ওদালগুৰিত দলে ‘আত্মবলিদান দিৱস’ পালন কৰিব৷ এনেদৰে দৈনিক এটাকৈ কাৰ্যসূচীৰে ১৭ ডিচেম্বৰত মাজুলীত দলৰ প্ৰতিষ্ঠা দিৱস উৎযাপন কৰিব দলে৷ ১৯ ডিচেম্বৰত চৈয়দ আব্দুল মালিকৰ জন্মস্থান নাহৰণিত গল্পসম্ৰাটগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই সংকল্প অভিযানৰ সামৰণি পৰিব৷