ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫২ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্রীয় কেবিনেট মন্ত্রী সর্বানন্দ সােণােৱাল

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫২ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্রীয় কেবিনেট মন্ত্রী সর্বানন্দ সােণােৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱাল। আজিৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সােণােৱালৰ লগতে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ড° লীলাকান্ত নাথ, ভাৰতৰ প্রসিদ্ধ ক্রীড়া আইকন, পদ্ম বিভূষণ এম চি মেৰী কম, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক জীতেন হাজৰিকা, বিশিষ্ট ক্রীড়া পৰিচালক স্তুতি গােস্বামী প্রমুখ্যে বিশিষ্ট ব্যক্তিসকল, বিশ্ববিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্রী, ছাত্র-ছাত্রী, অভিভাৱক আৰু সাংবাদিকসকল।অনুষ্ঠানত সম্বােধন কৰি সৰ্বানন্দ সােণােৱালে পােনপ্ৰথমে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সেউজীয়া পৰিৱেশৰ প্রশংসা কৰে। পৰিৱেশ পৰিস্থিতিৰ বাবে এনেকুৱা পৰিৱেশ খুবেই প্রয়ােজনীয় বুলি তেওঁ উল্লেখ কৰে।ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে বিভিন্ন দিশত সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ শলাগ লয়। ছাত্র-ছাত্ৰীসকলৰ ব্যক্তিত্বৰ বিকাশৰ বাবে তেওঁলােকক শৃংখলাবদ্ধ আৰু বিজ্ঞানসন্মতভাৱে আগবঢ়ালৈ নিয়াত তেওঁ গুৰুত্ব আৰােপ কৰে। লগতে এইক্ষেত্ৰত অভিভাৱকসকলৰ অৱদানাে গুৰুত্বপূৰ্ণ বুলি সােণােৱালে উল্লেখ কৰে। “এখন সমাজত উল্লেখযােগ্য পৰিৱর্তন আনিবলৈ হ’লে তিনি মহাশক্তিয়ে ঐক্যবদ্ধ প্রচেষ্টাৰে সেই পৰিৱৰ্তন সম্ভৱ কৰি তুলিব পাৰে।” এই তিনি মহাশক্তি হিচাপে তেওঁ শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক সদৃশ পিতৃ-মাতৃ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কথা উল্লেখ কৰে।অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্র্যক এক মহানশক্তি বুলি কৈ ইয়াক দেশৰ উন্নয়নত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, তাৰ চিন্তা-চর্চা কৰিবলৈ সকলােকে আহ্বান জনায়। Tradition to Translationৰ কথা কৈ তেওঁ দেশৰ পৰম্পৰাগত আয়ুষ পদ্ধতি, চিকিৎসা ব্যৱস্থা, খাদ্যাভাস আদিৰ বিজ্ঞানসন্মত গৱেষণা কৰি বিশ্বত প্ৰকৃতিৰ সম্পদ-সম্ভাৱনাৰ কথা ব্যক্ত কৰে।তদুপৰি পৰিস্থিতি তন্ত্র(ecology) আৰু অর্থনীতিক (economy) একেলগে আগবঢ়াই নিয়াত তেওঁ গুৰুত্ব আৰােপ কৰে। অনুষ্ঠানত উপস্থিত থকা ক্রীড়া আইকন মেৰী কমক তেওঁ ভূয়সী প্রশংসা কৰে। এগৰাকী মহিলা, তিনিটা সন্তানৰ মাতৃ হৈও বক্সিঙত ছয়বাৰকৈ বিশ্ব চেম্পিয়ন হ’বলৈ সক্ষম হােৱা মেৰী কমৰ জীৱন কাহিনী নিশ্চিতভাৱে যুৱ প্রজন্মৰ বাবে প্রেৰণাদায়ক বুলি মন্ত্রী সােণােৱালে উল্লেখ কৰে। যুৱ শক্তিয়ে হৈছে আধুনিক ভাৰতৰ গঢ় দিওঁতা বুলি কৈ মন্ত্রীগৰাকীয়ে যুৱ প্ৰজন্মৰ কাৰণে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে গ্রহণ কৰা ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া, ষ্টার্টআপ ইণ্ডিয়া আদি বিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰে।কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আজি মার্চপাষ্টৰাে অভিবাদন গ্রহণ কৰে আৰু তেওঁলােকক আমন্ত্রণ কৰি অনাৰ বাবে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ শলাগ লয়।ডিব্রুগড় বিশ্ববিদ্যালয় প্রাঙ্গণত হার্বেল গার্ডেন আৰু নাৰ্ছাৰী তথা এটা গৱেষণা কেন্দ্র স্থাপনৰ বাবে কেন্দ্রীয় আয়ুষ মন্ত্ৰালয়ৰ তৰফৰপৰা যাৱতীয় আর্থিক সহযােগিতা আগবঢ়োৱা হ’ব বুলি তেখেতে ঘােষণা কৰে। এই পদক্ষেপ ৰূপায়িত হ’লে শিক্ষানুষ্ঠানখনৰ সৌন্দর্য অধিক বৃদ্ধি হােৱাৰ লগতে ছাত্র- ছাত্রীসকল উপকৃত হ’ব তেওঁ আশা ব্যক্ত কৰে।