দূৰ্গা পূজাৰ আধ্যাত্মিক বৈশিষ্ট্য –  ব্ৰহ্মাকুমাৰ আকাশ সাহা

PC - Interview Times

দূৰ্গা পূজাৰ আধ্যাত্মিক বৈশিষ্ট্য

ভাৰত পবিত্ৰ ভুমি, মানুহ আৰু দেৱতাৰ কৰ্ম আৰু চৰিত্ৰৰ ভুমি, স্বয়ং ভগৱানৰ অৱতৰণ ভুমি । সেইবাবেই ভাৰতত প্ৰতি বছৰে বহুতো উৎসৱ পালন কৰা হয়। যাৰ ফলত মানুহে জীৱনত এক নতুন উদ্যম, উৎসাহ আৰু নতুন প্ৰেৰণা লাভ কৰে। প্ৰতিটো উৎসৱতে কিছুমান আধ্যাত্মিক গোপন কথা নিহিত হৈ থাকে। সেইবাবেই ভাৰত ভুমি মহান। ভাৰত ভূমিক বিশ্বৰ এক মহান তীৰ্থস্থান হিচাপে গণ্য কৰা হয়। সকলো উৎসৱ ইটোৱে সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তাৰ ভিতৰত দূৰ্গাপূজা এক অনন্য উৎসৱ। এই উৎসৱৰ বৰ্ণনাত কোৱা হ’য় যে যেতিয়া এই জগতত অজ্ঞানতাৰ অন্ধকাৰ বাঢ়ি যায়, এনে সময়ত নাৰী; শক্তি ৰূপত অৱতৰিত হৈ আসুৰিক শক্তিক ধ্বংস কৰে। বৰ্তমান সময়তো প্ৰতিজন মানুহ; পুনৰ এনে আসুৰিক শক্তি অৰ্থাৎ কু-অভ্যাসৰ বলি হৈ আছে। যেতিয়া মানুহে কু-অভ্যাসৰ পৰা মুক্তি পাব, তেতিয়া তেওঁ দেৱতুল্য হৈ পৰিব। সেইবাবেই আজিও দূৰ্গোৎসৱত এই দানৱৰ পৰা মুক্তি পাবলৈ ৯ গৰাকী দেৱীক আমন্ত্ৰণ কৰা বা পূজা কৰা হয়। কিন্তু আজি দেখিবলৈ পোৱা গৈছে যে প্ৰতি বছৰে দূৰ্গোৎসৱ উদযাপন কৰাৰ পিছতো প্ৰতিজন মানুহ দিনক দিনে এই অসুৰ অৰ্থাৎ কামবাসনা, ক্ৰোধ, লোভ, মোহ, অহংকাৰৰ বশৱৰ্তী হৈ পৰিছে, আনহাতে মাতৃ ভগ্নীসকলো নিজৰ দিৱ্য কৰ্তব্য পাহৰি দেহৰ অভিমানত আহি এই পাঁচ অসুৰৰ বশৱৰ্তী হৈছে। ইয়াৰ বাবেই আজি সমগ্ৰ পৃথিৱীত দুখ,দুৰ্নীতি,অশালীনতা, পাপ বাঢ়ি গৈ আছে।
আজি এফালে ধৰ্মীয় পথত নাৰী সকলক দুৰ্গা, সৰস্বতী, লক্ষ্মী আদি দেৱী ৰূপত পূজা কৰা হয়, আনফালে নাৰীক নৰকৰ দূৱাৰ বুলি কোৱা হয় । এইটো সঁচাকৈয়ে আচৰিত আৰু দুখৰ কথা। আজিৰ নাৰী নিজৰ শক্তি, গুণ, কৰ্তব্য, কলা, সন্মান পাহৰি এই পাঁচ অসুৰৰ বলি হৈ পৰিছে। যাৰ বাবে আজি নাৰীক নৰকৰ দূৱাৰ,‍অবলা বা দুৰ্ভগীয়া বুলি কোৱা হয়। যদি এই নাৰীসকলে নিজৰ অন্তৰ্নিহিত আত্মাক চিনি পায়, পাঁচ বিকাৰক ত্যাগ কৰে, তেন্তে তেওঁৰ ওপৰত কু-দৃষ্টিৰে চোৱাৰ কোনেওঁ সাহক নকৰিব । এনে নাৰী কোনো দানৱৰ আক্ৰমণত নপৰে, কিন্তু সেই দানৱক নাশ কৰাৰ গৰাকী হ’ব। যেতিয়া এগৰাকী নাৰীয়ে নিজকে জাগ্ৰত কৰিব, তেতিয়া এই নাৰী অবলাৰ সলনি শক্তিশালী হৈ পৰিব। নৰকৰ দূৱাৰৰ সলনি স্বৰ্গৰ দূৱাৰ খুলা দেৱী হৈ পৰিব। গতিকে হে নাৰী শক্তি এতিয়া জাগ্ৰত হওকঁ, সমগ্ৰ বিশ্বই আপোনালোকৰ কৰ্তব্যৰ বাবে আহ্বান জনাইছে। এই দানৱৰ পৰা সমগ্ৰ জগতখনক ৰক্ষা কৰক। আপুনি ২-৩ সন্তানৰ মাতৃ নহয়, সমগ্ৰ পৃথিৱীৰ মাতৃ। আপুনি শিৱময় শক্তি। এই পাঁচ অসুৰৰ বশৱৰ্তী হৈ ক্ষণিক সুখৰ মাজেৰে বৈ যোৱা পৃথিৱীখনক ৰক্ষা কৰক। এয়াই দূৰ্গোৎসৱে আপোনালোকক বাৰে বাৰে মনত পেলাই দিবলৈ আহে।
নাৰীৰ বহুতো গুণ, কলা, আৱেগ আৰু বৈশিষ্ট্য আছে। দূৰ্গা মাতাৰ ছবিখনত তেওঁৰ হাতত বিভিন্ন বস্তু দি স্পষ্ট কৰি দিয়া হৈছে। যেনেকৈ,এহাতে পদুম ফুল দেখুৱাইছে, এয়া পদুম ফুলৰ দৰে মৰমলগা, নিৰ্মল জীৱন যাপনৰ কলাৰ প্ৰতীক। আনফালে স্বদৰ্শন চক্ৰ দেখুৱাইছে, এইটো নিজকে চিন্তা কৰাৰ কলাৰ প্ৰতীক।তৃতীয় হাতত তৰোৱাল দেখুৱাবলৈ,এয়া মধুৰ বাণীৰ জৰিয়তে সকলোৰে কল্যাণ কৰিবলৈ আসুৰিক শক্তিৰ নাশ কৰাৰ প্ৰতীক।চতুৰ্থ হাতত শৰ দেখুৱাই,এইটো জ্ঞানৰ শক্তি ৰূপি শৰেৰে অসুৰ ধ্বংসৰ প্ৰতীক।পঞ্চম হাতত ত্ৰিশূল দেখুৱাবলৈ,এয়া মায়াশক্তি ধ্বংস কৰাৰ প্ৰতীক।ষষ্ঠ হাতত আশীৰ্বাদ দিয়া দেখুৱাইছে,এয়া সকলোকে ক্ষমতা দান দিয়াৰ প্ৰতীক।সপ্তম হাতত গদা দেখুওৱা হৈছে, এয়া আধ্যাত্মিক জ্ঞানৰ দ্বাৰা আসুৰিক শক্তিৰ ওপৰত জয়ৰ প্ৰতীক । সেয়া বৰ্তমান সময়তো যদি প্ৰতিগৰাকী নাৰীয়ে এইবোৰ ধাৰণ কৰে, তেন্তে প্ৰতিগৰাকী নাৰী দুৰ্গা, কালি হৈ এই পৃথিৱীত বিয়পি থকা আসুৰিক শক্তিক ধ্বংস কৰি কম সময়ৰ ভিতৰতে পৃথিৱীখনক স্বৰ্গ কৰি তুলিবলৈ সক্ষম হ’ব। তেওঁ প্ৰতিজন মানুহক দানৱৰ পৰা দেৱতুল্যলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হ’ব। তেতিয়াহে এনে নাৰীক ভাৰত মাতৃৰ ৰূপত গায়ন কৰা হ’ব।
আচলতে প্ৰতিগৰাকী নাৰী শ্ৰদ্ধা, পূজনীয় আৰু অপৰিসীম ক্ষমতাৰ অধিকাৰী। তেওঁ এই জগতত বিয়পি থকা আসুৰিক শক্তিবোৰক ধ্বংস কৰিব পাৰে। কিন্তু আজি দেখা যায় এই জগতৰ মায়াৱী আকৰ্ষণৰ বলী হৈ নিজৰ গুণ, কৰ্তব্য, বিশেষত্ববোৰ পাহৰি সকলো শক্তি হেৰুৱাই পেলাইছে, শৰীৰৰ আকৰ্ষণৰ বলি হৈ তেওঁ নিজৰ কৰ্তব্য পাহৰি গৈছে। লুভীয়া আকৰ্ষণৰ আওতালৈ আহি সাজ-সজ্জা, সৌন্দৰ্য, ফেশ্বন, আদিৰে নাৰীয়ে নাৰীত্বৰ মৰ্যাদা, ঐশ্বৰিক নিয়ম আৰু সীমা উলংঘা কৰিছে । সেইবাবে দানৱ বধ কৰাৰ সলনি তেওঁ নিজেই আসুৰিক স্বভাৱৰ হৈ পৰে। ক্ষমতাৰ সলনি ক্ষমতাহীন হৈ পৰে। এনে নাৰীয়ে দানৱৰ পৰা পৃথিৱীখন ৰক্ষা কৰিব নোৱাৰে। যদি এগৰাকী মহিলাই এনে আচৰণ কৰে, তেন্তে পিছলৈ তেওঁৰ বাবে নিজকে ৰক্ষা কৰাটো অতি কঠিন হ’ব। সেয়ে অন্ততঃ নিজকে ৰক্ষা কৰিবলৈ হলে এই ৫ টা আসুৰিক শক্তিক অৰ্থাৎ কামবাসনা, ক্ৰোধ, লোভ, মোহ, অহংকাৰ হৃদয়ৰ পৰা বলিদান দি বিনাশ কৰা উচিত। তেতিয়াহে আগন্তুক সময়ত মৰ্যাদাৰে জীয়াই থাকিব পাৰিব। যদি আপুনি এই আসুৰিক শক্তিবোৰক ধ্বংস কৰে তেন্তে প্ৰকৃতিয়েও আপোনাক সমৰ্থন কৰিব। যিকোনো পৰিস্থিতিত স্বয়ং ভগৱানে আপোনাৰ সহায়ৰ বাবে আহিব। গতিকে নিজকে সাহসী কৰক। ইয়াৰ বাবে প্ৰথমে ঈশ্বৰৰ শ্ৰেষ্ঠমত মানি চলিব লাগিব। এই আসুৰিক শক্তিবোৰৰ ওপৰত জয়লাভ কৰিব লাগিব। তেতিয়া আপুনি পৃথিৱীৰ সন্মুখত শক্তি ৰূপে দেখা পাব ।
এনে নাৰীক জাগ্ৰত কৰি পুনৰ এই জগতত বিয়পি পৰা আসুৰিক প্ৰবৃত্তিবোৰক নিঃশেষ কৰাৰ স্বাৰ্থত পৰমপিতা শিৱ পৰমাত্মাই জ্ঞানৰ কলহ নাৰীসকলক দিছে । এই জ্ঞানৰ যোগেদি গৃহস্থৰ আচৰণত থাকিও নিজৰ ভিতৰত থকা পাঁচ বিকাৰক সহজে নষ্ট কৰিব পৰা যাব। যেতিয়া আপুনি আপোনাৰ ভিতৰৰ আসুৰিক প্ৰৱণতাবোৰ ধ্বংস কৰিব তেতিয়া আপুনি নিজৰ লগতে পৃথিৱীখনকো সহজে ৰক্ষা কৰিব পাৰিব। এতিয়া পৰমপিতা পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয়া বিশ্ব বিদ্যালয়ত আপোনালোকক আমন্ত্ৰণ কৰি আছে। জাগক আৰু নিজৰ কৰ্তব্য জানি লওক। এই ঐশ্বৰিক জ্ঞানৰ দ্বাৰা আপোনাৰ ভিতৰত যিবোৰ মহাশক্তি, কলা, গুণ, বৈশিষ্ট্য আছে সেইবোৰক জাগ্ৰত কৰক। এই জ্ঞানৰ দ্বাৰাহে আপুনি নিজৰ জীৱনত আধ্যাত্মিক বিপ্লৱৰ জৰিয়তে অসুৰবোৰক ধ্বংস কৰিবলৈ সক্ষম হ’ব।

 ব্ৰহ্মাকুমাৰ আকাশ সাহা
সৰভোগ,বৰপেটা জিলা