দুৰ্গা পূজাত সৌন্দৰ্য‍্য চৰ্চা – ডাঃ বিজিতা চুতীয়া

PC-Cholas Super Market

দুৰ্গা পূজাত সৌন্দৰ্য‍্য চৰ্চা

ডাঃ বিজিতা চুতীয়া
বি.এ.এম.এচ., এম.ডি.(আয়ুৰ)
জ্যেষ্ঠ গৱেষক, বিকালী মডেল হস্পিতেল, ধূপধৰা
ফোন নং-৯৭০৭২৮৪১০০

আকৌ দুৰ্গা পূজা পালেহি। উৎসৱ মানেই যেন সাজোন-কাচোন নহয় জানো? পূজাৰ বতৰত যুৱতীসকলৰ মনত এটা ডাঙৰ প্ৰশ্ন – পূজা চাবলৈ যাওঁতে কি সাজ পিন্ধিব, কেনেদৰে নিজকে সাজিব এই বিষয়ে ভাবিবলৈ আৰু বেছি দিন নাই। ছাল, চুলিৰ পৰিচৰ্যা আৰম্ভ কৰিবৰ হ’ল।

সৌন্দৰ্য‍্য আৰু স্বাস্থ্যৰ সুৰক্ষাত সহজলভ্য আৰু কম খৰছতে প্ৰাকৃতিক উপাদানেৰে ছাল আৰু চুলিৰ পৰাকৈ কেইটামান টিপছ আগবঢ়ালো-

ছালৰ পৰিচৰ্যা-
১) ছালখন নিমজ আৰু উজ্জ্বল কৰি তোলাত দৈ অতি উপকাৰী। সূৰ্য্যৰ ৰশ্মিয়ে ছালত কৰিব পৰা ক্ষতিসমূহ দৈয়ে দূৰ কৰে। দৈৰ লগত কমলা বা নেমুৰ ৰস মিহলাই মুখ পৰিস্কাৰক হিচাপে ব্যৱহাৰ কৰিব পাৰি।
২) দৈ আৰু হালধিৰ ৰস মিহলাই ছালত লগালে ছালৰ ৰং বগা হয়। হালধিত এন্টিছেপ্তিক গুণ আছে। ই ছালৰ বিভিন্ন ৰোগ নিৰাময় কৰে। হালধি লগালে ছালৰ ৰং উজ্জ্বল হয় আৰু চৰ্ম ৰোগ আদিৰ পৰা ছালখন সুৰক্ষিত হৈ থাকে।
৩) দৈৰ লগত বেছনৰ মিশ্ৰণ তৈয়াৰ কৰি মুখত সানিলে শালমইনা কমে, আনহাতে বেছন, হালধি আৰু দৈৰ মিশ্ৰণ তৈয়াৰ কেই মুখত সানিলে বয়সৰ লগে লগে মুখত পৰা বাৰ্ধক‍্যৰ আটোৰ সমূহ নাইকিয়া হয়।
৪) গাখীৰেৰে ছালখন ভালকৈ মালিচ কৰিব। ইয়াৰ ফলত ছালখন কোমল আৰু মিহি হ’ব।
৫) গাখীৰ আৰু নেমুৰস মিহলাই দেহত লগাই মালিচ কৰিব। ই ব্লিচিঙৰ কাম কৰিব।
৬) ছালখন উজ্জ্বল কৰি তুলিবলৈ সদায় পোৱা পানীৰ সৈতে মৌ মিহলাই খাব।
৭) ৰ’দত ছালখনৰ উজ্জ্বলতা কমি যায়। সেয়ে তৰমুজৰ ৰসৰ সৈতে বিলাহীৰ ৰস মিহলাই ছালখনত লগাব। দহ মিনিট পিছত ধুই দিব।
৮) স্ক্ৰাব হিচাপে এটা পকা কল, এক চামুচ অ’টছ, এক চামুচ মৌ ভালকৈ মিহলাই মুখত লগাই দুই মিনিট মান স্ক্ৰাব কৰি পাঁচ মিনিটৰ পিছত ধুই দিব।
৯) মচুৰ দাইল তিনি ঘণ্টামান তিয়াই থৈ ভালকে পিচি পেষ্ট বনাই পেক হিচাপে লগাব পাৰে।

ইয়াৰ উপৰিও ছালৰ বিভিন্ন সমস্যা থাকিব পাৰে। তাৰ বাবে এগৰাকী অভিজ্ঞ চিকিৎসকৰ কাষ চাপিব।

চুলিৰ পৰিচৰ্যা-

১) গা ধোৱাৰ আগতে চুলিৰ গুৰিত দৈ সানি আধাঘন্টামান মালিচ কৰিলে উফিৰ সমস্যাৰ পৰা মুক্তি পোৱাৰ লগতে চুলি কোমল , চিকচিকীয়া আৰু শক্তিশালী হয়।
২) জবা ফুল, জবা ফুলৰ কুমলীয়া পাত, নাৰিকল তেলৰ লগত মিশ্ৰণ বনাই চুলিৰ গুৰিত ১৫ মিনিট ৰাখিলে চুলি মিহি হয়, চুলি গজে আৰু চুলি প্ৰকাৰ পৰাও উপশম পায়।
৩) জেতুকাৰ পাত, পিয়াঁজ, মেথি পাউদাৰ, নাৰিকল তেলৰ মিশ্ৰণ সপ্তাহত দুবাৰকৈ ঘঁহিলে চুলি ক’লা হয়। চুলি সৰা বন্ধ হয়।
৪) জেতুকাৰ পাত আৰু ৰঙা জবা ফুলৰ পাত ভালকৈ পিচি চুলিত লগাওক। ইয়াৰ লগত নাৰিকল তেল , কণী আৰু দৈ অলপো মিহলাব পাৰে। এঘণ্টা ৰাখি ধুই পেলাওক। এনে কৰিলে চুলিখিনিৰ উজ্জ্বলতা বৃদ্ধি পাব।
৫) ঔ টেঙাৰ বীজ ভালদৰে ফেনেকি সামান্য পানী মিহলাই মূৰ ধুবলৈ ব্যৱহাৰ কৰিব লাগে। ঔটেঙাৰ বীজ ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হয়, নতুন চুলি গজে। চুলি কোমল হয়।
৬) নাৰিকল তেলৰ লগত মৌ মিহলাই চুলিত লগাই পোন্ধৰ মিনিটৰ পিছত ধুই পেলাব। এই মিশ্ৰণ লগোৱাৰ ফলত চুলিৰ পূৰ্বৰ সৌন্দৰ্য‍্য ঘূৰি অহাত অৰিহণা যোগাব।
৭) প্ৰাকৃতিক ভাবে চুলিৰ ৰং ৰঙচুৱা কৰিবলৈ জেতুকাৰ পাত অতি উপকাৰী। ইয়াৰ বাবে জেতুকা পাত, কণী, দুচামুচ চেনি, দুচামুচ মৌ, দৈ, চাহপাত সিজোৱা পানীৰ লগত এৰাতি তিয়াই ৰাখিব লাগে। পিছদিনা পুৱাই সেই মিশ্ৰণ চুলিত লগাই দুঘণ্টা ৰাখি পানীৰে পৰিষ্কাৰকৈ ধুই পেলাব লাগে। সিদিনা ৰাতি মূৰত তেল সানি পিছদিনা শ্বেম্পু কৰিব লাগে। এইদৰে ১৫ দিনৰ মূৰে মূৰে কৰিলে দেখিব চুলিত সুন্দৰ ৰং ধৰিছে। লগতে চুলি সৰা বন্ধ হ’বা, উফিৰ সমস্যাও দূৰ হ’ব।

পূজাৰ বতৰত এইখিনি যত্নৰে নিজকে আকৰ্ষণীয় ৰূপত সজাই তোলক। শেষত সকলোলৈকে শাৰদীয় দ্যৰ্গ পূজাৰ শুভেচ্ছা জনালো।