দিল্লীত ৪গৰাকী মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্রী ড° শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ উন্নয়নৰ একাধিক গুৰুত্বপূৰ্ণ বিষয় লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত কেইবাগৰাকী কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুক সাক্ষাৎ কৰি ৰাজ্যৰ বিমান যোগাযোগৰ সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত, কেন্দ্ৰীয় মন্ত্রী ৰাজীৱ ৰঞ্জন সিঙৰ সৈতে ৰাজ্যৰ মীন পালন, পশুপালন আৰু দুগ্ধ উন্নয়ন বিষয়ত, কেন্দ্রীয় তথ্য-প্রযুক্তি, ৰে’ল, ইলেক্ট নিক্স মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত ৰে’ল যোগাযোগ আৰু ছেমি কণ্ডাক্টৰৰ সন্দৰ্ভত আলোচনা কৰে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্রীগৰাকীৰে হোৱা সাক্ষাৎকালতে অসমক পূব ভাৰতৰ এক গুৰুত্বপূৰ্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংছ’, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত ৬টা গ্রীনফিল্ড বিমানবন্দৰ আৰু হাফলঙত হেলিপ’ৰ্ট স্থাপনৰ অগ্রগতিক লৈ আলোচনা হয়। মুখ্যমন্ত্রী ড° শর্মাই প্রকাশ কৰা অনুসৰি শিলচৰৰ প্ৰস্তাৱিত গ্রীনফিল্ড বিমানবন্দৰৰ প্ৰাৰম্ভিক কাম ইতিমধ্যে অসম চৰকাৰে সম্পূৰ্ণ কৰি উলিয়াইছে। এই প্রকল্পটোৰ অনুমোদন প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ আজি কেন্দ্ৰীয় অসামৰিক মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰীৰ এই সাক্ষাৎকালতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত বিমানবন্দৰসমূহৰ প্ৰাক্ সম্ভাৱনীয়তা অধ্যয়ন কৰি কাম খৰতকীয়া কৰিবলৈ সন্মতি প্রকাশ কৰে। এই বৈঠকত পশ্চিম অসমৰ গুৰুত্বপূৰ্ণ ৰূপসী বিমানবন্দৰৰ চলি থকা সম্প্ৰসাৰণৰ আঁচনিৰো পৰ্যালোচনা হয়। মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰা মতে এই প্রকল্পসমূহে কেৱল যোগাযোগ ব্যৱস্থাই উন্নত কৰা নহয়, অর্থনৈতিক সুযোগ সৃষ্টি, পৰ্যটনৰ বিকাশ আৰু দীর্ঘকালীন উন্নয়নত বিশেষভাৱে অৰিহণা যোগাব। এই বৈঠকত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সচিব সমীৰ কুমাৰ সিন্হা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব কে কে দ্বিবেদী, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে এই সাক্ষাতৰ কথা উল্লেখ কৰি প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় অসামৰিক মন্ত্ৰীৰ সৈতে আজি এক ফলপ্রসূ বৈঠকত মিলিত হৈ অসমৰ বিমান যোগাযোগ আৰু ল’জিষ্টিক খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সন্দর্ভত বিস্তৃত আলোচনা কৰা হ’ল। মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দর্ভত আলোচনা কৰে। এই সাক্ষাতৰ সময়তে বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে মুখ্যমন্ত্রীক কেইবাটাও বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বৈঠকত অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি, বান সাহায্য আৰু ক্ষতিগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপন তথা উদ্ধাৰ অভিযান সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই সাক্ষাতৰ পাছতে উল্লেখ কৰে যে ডাব্ল ইঞ্জিন চৰকাৰে বানত ক্ষতিগ্রস্ত হোৱা সকলোৰে জীৱিকা পুনৰুদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কাৰ্যসূচী অধিক ক্ষিপ্ৰ কৰি তুলিব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রীয়ে কেন্দ্রীয় মীন, পশুপালন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰী ৰাজীৱ ৰঞ্জন (লালন সিং) সিঙক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি ৰাজ্যৰ মীন আৰু দুগ্ধ খণ্ডৰ প্ৰচুৰ সম্ভাৱনাক লৈ এক বিস্তৃত আলোচনাত মিলিত হয়। অসমক দেশৰ প্রধান মাছ উৎপাদনকাৰী আৰু ৰপ্তানিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে এই প্রসংগত উল্লেখ কৰে যে মাছৰ উৎপাদন বৃদ্ধিৰ লগতে প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনিৰ শক্তিশালীকৰণ, মূল্য শৃংখল উন্নয়ন আৰু বজাৰ সংযোগ সুদৃঢ় কৰা তথা ৰপ্তানি প্ৰক্ৰিয়াক উদগনি যোগোৱাৰ ওপৰত এই বৈঠকত আলোচনা কৰা হয়। তদুপৰি উন্নত পশু চিকিৎসা সেৱা, পশু ঔষধি কেন্দ্র স্থাপন, টেট্রাপেক আৰু মিল্ক পাউডাৰ প্ৰকল্প স্থাপন, কৃত্রিম প্রজননৰ জৰিয়তে গৰুৰ জাত উন্নয়নৰ দৰে পদক্ষেপেৰে অসমৰ দুগ্ধ সমবায় খণ্ডক অধিক শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। এই আলোচনাকালত ৰাজ্যত ৰে’ল সংযোগ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে লংকা-উমৰাংছ’ৰ মাজত নতুন ৰে’লপথ স্থাপন আৰু ভাৰত-ভূটান ৰে’ল প্ৰকল্প শীঘ্ৰে ৰূপায়ণৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।
