পান-ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়

Pc Gauhati High Court

পান-ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী উচ্চ ন্য়ায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে ৷ এই ৰায় অনুসৰি পান কার্ড-ভোটাৰ পৰিচয় পত্ৰৰ দৰে নথি স্বাধীনভাৱে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ নহয়। ইয়াৰ সমান্তৰালভাৱে ‘এভিডেঞ্চ এক্ট-১৯৭২’ৰ ৬৫-বি ধাৰাৰ অধীনত প্রয়োজনীয় প্রমাণ-পত্ৰ অবিহনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) ৰ কম্পিউটাৰ জেনেৰেটেড লিগেচী ডাটাৰ কোনো সাক্ষ্যমূল্য নাই। বিদেশী ন্য়ায়াধিকৰণৰ এটা সিদ্ধান্ত সন্দৰ্ভত মন্তব্য় কৰি গুৱাহাটী উচ্চ ন্য়ায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিয়ে ৷ ন্যায়াধীশ কল্যাণ ৰায় ছুৰানা আৰু ন্যায়াধীশ শ্বামিমা জাহানৰ দুজনীয়া খণ্ড বিচাৰপীঠে অতি স্পষ্টভাৱে কয় যে ইলেক্ট্র’নিক নথিপত্ৰ প্ৰমাণৰ বাবে ‘এভিডেঞ্চ এক্ট-১৯৭২’ৰ ৬৫-বি ধাৰাৰ অধীনত প্রয়োজনীয় প্রমাণ-পত্র নাথাকিলে কম্পিউটাৰ জেনেৰেটেড এন আৰ চিৰ লিগেচী ডাটাৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি। অৱশ্যে পূর্বপুৰুষৰ নামৰ বানানত সামান্য পার্থক্য থাকিলে নাগৰিকত্বৰ দাবীক বাতিল নকৰিবও পৰা যায়। কিন্তু এইক্ষেত্রত সংশ্লিষ্ট ব্যক্তিজনে নিজৰ আৰু পূৰ্বপুৰুষৰ মাজত এক নিৰৱচ্ছিন্ন-বিশ্বাসযোগ্য বংশবৃক্ষ প্ৰমাণ কৰিব লাগিব। যাতে ভাৰতত উপস্থিতি নির্দিষ্ট সময়সীমাৰ পূৰ্বে থকাটো গ্রহণযোগ্য সাক্ষ্য-প্রমাণৰ মাধ্যমত প্রতিষ্ঠিত হয়। দুজনীয়া খণ্ড বিচাৰপীঠখনে নিজৰ পৰ্যবেক্ষণত বিষয়টোক লৈ এইদৰে উল্লেখ কৰিছে। পান কার্ড-ভোটাৰ পৰিচয়-পত্ৰ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ নোহোৱাটো সুপ্রতিষ্ঠিত। আবেদনকাৰীয়ে নিজকে আয়কৰদাতা হিচাপে দেখুৱাবলৈ কোনোধৰণৰ প্ৰমাণ দাখিল কৰিব পৰা নাই। যিহেতু পান কাৰ্ডখন আবেদনকাৰীৰ স্ব-ঘোষণাৰ ভিত্তিত ইছ্যু কৰা হৈছিল, সেয়েহে পান কাৰ্ডৰ তথ্য আদি প্ৰমাণৰ কাৰণে সংশ্লিষ্ট আয়কৰ কাৰ্যালয়ৰ পৰা নথিপত্র দাখিল কৰাটো উচিত আছিল। তদুপৰি পান কার্ড-ভোটাৰ পৰিচয়-পত্ৰ কম্পিউটাৰ জেনেৰেটেড নথি। উল্লেখ্য যে গোৱালপাৰা জিলাৰ হছডবা গাঁৱৰ মহিৰুদ্দিন শ্বেইখৰ পুত্ৰ আমিনুল হকক কামৰূপ (মহানগৰ) জিলাৰ ৪নং ফৰেইনাৰ্ছ ট্রিবিউনেলে ৮৪২/২০১৬নং এফটি গোচৰটোৰ পৰা উদ্ভৱ হোৱা এফটি (কে (এম)-৪) ১০৭৭/২০১৭নং এফটি গোচৰটোৰ ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰায় দি বিদেশী ঘোষণা কৰিছিল। দিনহাজিৰা কৰাৰ সূত্ৰে গুৱাহাটীৰ বৰবড়ীত ভাৰাতীয়া হিচাপে বাস কৰা আমিনুল হকে ফৰেইনাৰ্ছ ট্রিবিউনেলৰ এই ৰায়ক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউপি (চি) ৫৪৭১/২০১৯ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰে। দীর্ঘ শুনানিৰ অন্তত ন্যায়াধীশ কল্যাণ ৰায় ছুৰানা আৰু ন্যায়াধীশ শ্বামিমা জাহানৰ দুজনীয়া খণ্ড বিচাৰপীঠে যোৱা ২ এপ্রিলত লেখ আবেদনখনৰ ৰায়দান সংৰক্ষিত ৰাখিছিল। অৱশেষত যোৱা ৩০ জুনত দুজনীয়া খণ্ড বিচাৰপীঠখনে গোচৰটোৰ ৰায় দিয়ে। এই ৰায়ত ফৰেইনাৰ্ছ ট্রিবিউনেলে আমিনুল হকক বিদেশী বুলি কৰা ঘোষণা বাহাল ৰখাৰ লগতে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া লেখ আবেদনখন খাৰিজ কৰা হয়। লক্ষণীয়ভাৱে আমিনুল হকে ফৰেইনাৰ্ছ ট্রিবিউনেল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁৰ পৰিয়ালে প্ৰজন্মৰ পিছত প্রজন্ম ধৰি অসমত বসবাস কৰি অহাৰ দাবী কৰাৰ লগতে ইয়াৰ সমৰ্থনত ১৬খন নথিপত্র দাখিল কৰিছিল। ইয়াৰ ভিতৰত আছিল পিতৃৰ নামত থকা ১৯৫১ চনৰ এন আৰ চিৰ প্ৰতিলিপি, পিতৃ, ককাক-আইতাক, সতীয়া মাতৃ আৰু পৰিয়ালৰ সদস্যৰ নামত থকা ১৯৫১ চনৰ এন আৰ চিৰ কম্পিউটাৰাইজড প্রতিলিপি, ১৯৬৬ চনৰ তথা তাৰ পৰৱৰ্তী সময়ত ভোটাৰ তালিকা, ১৯৭৩ চনৰ ১২ ছেপ্টেম্বৰত ককাকে ভূমি ক্ৰয় কৰাৰ দলিল, পান কার্ড, হছডবা, আঞ্চলিক হাইস্কুলৰ প্রধান শিক্ষকে ২০১৭ চনৰ ২০ অক্টোবৰত দিয়া বিদ্যালয়ৰ প্ৰমাণ-পত্ৰ, ভোটাৰ কাৰ্ড আদি। আবেদনকাৰী আমিনুল হকে আদালতত যুক্তি দর্শাইছিল যে তেওঁৰ পিতৃ আৰু ককাকৰ নামৰ অসংগতিসমূহ কেৱল বানানৰ ভিন্নতাৰ বাবেই ঘটিছে। ইয়াৰ কাৰণে তেওঁৰ নাগৰিকত্ব বাতিল কৰাটো উচিত হোৱা নাই। এইক্ষেত্রত আদালতে সংশ্লিষ্ট ব্যক্তি, নিজৰ আৰু পূৰ্বপুৰুষৰ মাজত এক নিৰৱচ্ছিন্ন-বিশ্বাসযোগ্য বংশবৃক্ষ প্রমাণ কৰাৰ কথা উল্লেখ কৰে। সেইদৰে এন আৰ চিৰ নথিৰ ওপৰত নিৰ্ভৰতাৰ প্ৰসংগ নাকচ কৰি দুজনীয়া খণ্ড বিচাৰপীঠখনে কয় যে আবেদনকাৰীয়ে যিসমূহ নথিৰ ওপৰত ভিত্তি কৰি নাগৰিকত্বৰ দাবী জনাইছে, সেই নথিসমূহ কম্পিউটাৰ জেনেৰেটেড। সেয়েহে তেনে নথিসমূহক স্বয়ংক্রিয়ভাবে প্রমাণৰূপে গ্ৰহণ কৰিব পৰা নাযায়। ইলেক্ট্র’নিক নথিৰ ক্ষেত্রত ইলেক্ট্র’নিক সাক্ষ্য-প্রমাণৰ আইনী চৰ্তাৱলী পূৰণ হ’বই লাগিব।