তোমালৈ
মেৰী বৰদলৈ,নগাঁও
আজি কি উপহাৰে অলংকৃত
কৰিম তোমাক,
আজি চোন
তুমি নিজে নিজৰ
এটি সৰগী উপহাৰ৷
আজি তোমাৰ নামকৈ
আকাশতো ফুলিছে
জোনাকী ফুল
এআকাশ৷
আজিৰ দিনটোতেই তুমি
আই কোলাত
ভৰাই তুলিছিলা
অন্তহীন প্ৰেমৰ
এসাগৰ চিৰস্বাশত মিঠা সুবাস৷
আজি তোমাৰ
বিশেষ দিনৰ শুভক্ষণটি
অবিস্মৰণীয় হৈ ৰওক
প্ৰতিপল সুখীহৈ ৰোৱা
মনৰজোখাৰে৷
অনাগত প্ৰতিমুহূৰ্তই
কঢ়িয়াই আনক মনে বিচৰাধৰণে
তোমাৰ জীৱনলৈ
সুখসমৃদ্ধি অনাবিল আনন্দৰ
বন্যা৷
তোমাৰ বিশেষ দিনত
দূৰণিৰ পৰাই
তোমালৈ মোৰ বুকুভৰা
হাজাৰ ভালপোৱা
অলেখ শুভকামনা যাচিলোঁ তোমাক
আশাকৰোঁ আকোঁৱালি ল’বা৷
কাষত নাথাকিলেও
দেখা নাপালেও
মোৰ উশাহ থকালৈ
ৰাখিম সযতনে বুকুতে সদায়৷
