পথ ভ্ৰমিত
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি
দেউতাকে নিজ কন্যা মনিকাক কলেজৰ পৰা অহা দেখি তাইৰ আজিৰ সময়ত নিজৰ কাষত মাতি মৰমতে সুধিবলৈ আৰম্ভ কৰিছে কোৱাচোন মাইনা আজি কলেজলৈ গৈ কি কি কৰিলা। মনিকাই ঠিক তেতিয়া থুলমুলকৈ কিছু কথা কলে আৰু কিছুমান কথা লুকুৱাই ৰাখিবলৈ যত্ন কৰিলে। মনিকাৰ দেউতাকো বহু চতুৰ আছিল।কাৰণ এজনী গাভৰু ছোৱালী এজনীয়ে যৌৱনপ্ৰাপ্ত বয়সত যে প্ৰেম পিৰিতিৰ পাল্লাত পৰে লগতে বেয়া লগৰ লগত লগ লাগি অ-খাদ্য কিছুমান গ্ৰহণৰ পাল্লাত পৰে,ইয়াৰ উপৰিও নিজৰ শিক্ষা গ্ৰহণৰ কামবোৰ ঠিকমতে নকৰি সদায় পাৰ্টি, মনোৰঞ্জন আদিৰ দৰে নানান অলাগতিয়াল অভ্যাস গঢ়ি তোলে । সেই তেনেকুৱা ধৰণৰ কথাবোৰ এটাৰ নিজ জীয়েকৰ মুখেদি শুনিবলৈ নাপায় বৰ অচম্বিত হৈছে।কাৰণ দেউতাকে জানে যৌৱনে বাৰুকৈয়ে আমনি কৰে। সেয়েহে মনিকাৰ মুখেদি তেনে কোনোধৰণৰ কথা শুনিবলৈ নোপোৱাৰ পাচত দেউতাকে নিজেই কবলৈ আৰম্ভ কৰিলে, মাইনা তোমাৰ মায়ে, লগতে ময়ো এই তোমালোকৰ বয়সবোৰ পাৰ কৰি আহিছোঁ। মই ভালদৰে জানো যে এতিয়া তোমাক কি কি দিশবোৰে অত্যাধিক ৰূপত আকৰ্ষণ কৰে। শুনা মাইনা আমাৰ সময়ত কথাবোৰ বৰ বেলেগ আছিল। কাৰণ আমাৰ হাতত এতিয়াৰ দৰে উন্নত মানদণ্ডৰ সংসাধন নাছিল।গতিকে আমাৰ হাতত তেতিয়া বিকল্পবোৰ বৰ সীমিত আছিল।কিন্তু আগৰ তুলনাত বৰ্তমান দিনবোৰ বৰ জটিলতাৰ দিশে আগবাঢ়ি গৈছে। সেয়েহে বৰ্তমান সময়ত মানুহবোৰে সহজতে পথ ভ্ৰমিত হয়। গতিকে মনৰ অত্যধিক বিচলনৰ পৰা ৰক্ষা পাবলৈ হলে প্ৰতি দিনে এক সুন্দৰ,ধুনীয়া অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে। মনক যদি সদায় বান্ধি ৰখাৰ চেষ্টাও কৰা হয় তথাপিও মন অতি সোনকালে বিচলিত হৈ পৰে। সেয়েহে মনক একাগ্ৰ কৰিবলৈ সদায় দৃঢ়-সংকল্পবদ্ব হব লাগে। আৰু এটা গুৰুত্বপূৰ্ণ কথা শুনা মাইনা। কেতিয়াবা কেতিয়াবা দৃঢ়-সংকল্পবদ্ব মনতো কেতবোৰ অলাগতিয়াল বস্তুবোৰে আহি মানসিক শান্তি ভংগ কৰিব বিচাৰে। ইয়াৰ বাবে একমাত্ৰ অত্যাআৱশ্যক বস্তু হল ধৈৰ্য ধৰিবলৈ শিকিব লাগিব। আচলতে মাইনা আমাৰ আগৰ দিনবোৰ তুলনাত বৰ্তমান সময়ত আমাৰ মন,মস্তিষ্কবোৰ কেতিয়াবা কেতিয়াবা ভ্ৰমিত হৈ পৰা দেখা পাওঁ। যদি এই বৃদ্ধ অবস্থাত ভৰি থোৱাৰ সময়তো আমি নিজকে সদায় নিয়ন্ত্ৰণ কৰি চলিব লগিয়া হয় তেন্তে তোমাৰ যৌৱন কালত তুমি কিমান যে নিজকে নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাব লাগিব তুমি নিজেই এবাৰ ভালকৈ চিন্তা কৰা। সেয়েহে মাইনা সময়ে সময়ে সকলোবোৰ মানুহৰ পথ ভ্ৰমিত হোৱা দেখা যায়।কিন্তু সেই সময়চোৱাত কিমান ধৈৰ্য সহকাৰে নিজ জীৱনটো আগুৱাই লৈ গৈছা সেইটোৱেই বেছি ডাঙৰ কথা। গতিকে আমাক তোমাৰ অভিভাৱক ৰূপে সকলোবোৰ কথা খোলা খুলিকৈ কবলৈ সদায় যত্ন কৰি যাবা। নহলে কেৱল মাত্ৰ এটি ভুল সিদ্ধান্তৰ গ্ৰহণৰ ফলত গোটেই জীৱনটো নষ্ট হৈ পৰা পৰিলক্ষিত হয়।
