তৃণমূল কংগ্ৰেছ তথা ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ সুস্মিতা দেৱৰ
ৰঙিলী বাৰ্ত্তাসেৱা- তৃণমূল কংগ্ৰেছত আন এক বিপৰ্যয় । এইবাৰ পদত্যাগ কৰিছে ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে । কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছ (TMC)-ত যোগদান কৰা সুস্মিতা দেবে ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰিছে। সুস্মিতা দেবক মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী হিচাপে গণ্য কৰা হৈছিল। এসপ্তাহৰ ভিতৰত তৃণমূলৰ দ্বিতীয়গৰাকী সাংসদে পদত্যাগ কৰিছে ৰাজ্যসভাৰ পৰা । ইয়াৰ পূৰ্বে সুখেন্দু শেখৰ ৰয়েও ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল । এইবাৰ সাংসদ পদ ত্যাগ কৰিছে সুস্মিতাই । পূৰ্বে কংগ্ৰেছৰ এগৰাকী শক্তিশালী নেত্ৰী আছিল সুস্মিতা দেৱ । সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীও আছিল প্ৰয়াত প্ৰাক্তন কংগ্ৰেছ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা । কিন্তু ২০২১ চনৰ পাছত তেওঁ কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে আৰু পশ্চিম বংগৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয় ৷ ইফালে, ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিয়েই নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে সুস্মিতা দেৱে ৷ ইয়াৰ পিছতে তেওঁ বিজেপিত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে। আনকি বিজেপিয়ে তেওঁক অসমৰ পৰা ৰাজ্যসভালৈও পঠিয়াব পাৰে বুলি আলোচনা চলিছে। ‘‘মই ইয়াৰ দ্বাৰা ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰিছোঁ, অনুগ্ৰহ কৰি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই পদত্যাগ গ্ৰহণ কৰিব পাৰে । ৰাজ্যসভাৰ সদস্য হিচাপে মোৰ কাৰ্যকালত সকলো সহায় সহযোগিতা আগবঢ়োৱা মহামহিম, মাননীয় উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভা সচিবালয়ৰ সমূহ কাৰ্যকৰ্তালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷’’ সুস্মিতা দেৱে এখন পত্ৰত লিখিছে । সুস্মিতা দেৱে তৃণমূল কংগ্ৰেছ এৰি যোৱাটো নিশ্চিত কৰি কয়, “মই তৃণমূল কংগ্ৰেছ এৰিছোঁ । টিএমচি এৰি যোৱাৰ বাবে এটা দীঘলীয়া কাহিনী আছে । মই এনে পৰিস্থিতিত থাকিব নিবিচাৰো, য’ত মই একে সময়তে দুখন নাৱত উঠিছোঁ । মমতা দিদিৰ সম্পৰ্কে মই কোনো মন্তব্য নকৰো ।” সুস্মিতা দেব ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ টিকটত শিলচৰ সমষ্টিৰ পৰা সাংসদ নির্বাচিত হৈছিল। ইয়াৰ উপৰি কংগ্ৰেছে তেওঁক মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰীৰ দায়িত্বও অর্পণ কৰিছিল। ২০২১ চনত তেওঁ কংগ্ৰেছ ত্যাগ কৰি মমতা বেনাৰ্জীৰ দল টিএমচিত যোগদান কৰিছিল। ইয়াৰ প্ৰায় এমাহ পিছতেই মমতা বেনার্জীয়ে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰিছিল। তেওঁ সংসদৰ কেইবাখনো গুৰুত্বপূৰ্ণ সমিতিৰ সদস্য হিচাপেও কাম কৰিছিল আৰু মহিলাসকলৰ বিষয়ত সদায় স্পষ্টভাৱে নিজৰ মতামত প্ৰকাশ কৰিছিল।
