কৃষ্ণচূড়াৰ হাঁহি
বনজিত দাস
ৰিহাবাৰী, বজালী
বসন্তই ধুই নিয়া সেউজ বুলনি
বিশাল আকুলতা
কেনেকৈ বোৱাই উমাল অনুভূতি
কিহৰ তাৰনাত মনাকাশত গোৱা ৰঙতে ৰাঙলী
স্মৃতিৰ পৰসত এমুঠি সপোন
নিৰৱ সঁফুৰা মেলি
উন্মুক্ত বিশালতাক বুকুত বান্ধি কিহৰ মায়া
উগুল-থুগুল মন উচাটন
ৰং সানিছা তেজ ৰঙা ফুলৰ চানেকি
কিয় আকোৱালি লোৱা ইমান সোঁৱৰণী
মায়াবিনী গান গাই
তথাপি আজি অপেক্ষাৰিত
ৰঙকে বিচাৰি অনুভৱে দি যোৱা
সেউজ ৰঙত ঢালি
আকাশত আঁকি দিলা মাথো ৰঙা
বতহে কৈ যোৱা মনৰ বতৰা
তেজ ৰঙা ৰঙত তীব্ৰ আকাংক্ষা
ৰিক্ত বেদনাক উটুৱাই
কিয় বাৰু ইমান উদাসীনতা
তুমি দেখোন কৃষ্ণচূড়া ।
