তুমি যৌৱনৰ পাখিলাহি পখিলা- মৃগাংক বৰুৱা

pc pinterest

তুমি যৌৱনৰ পাখিলাহি পখিলা
——————————–—
(১)
তুমি যৌৱনৰ পাখিলাহি পখিলা
মোৰ বুকুত দিবানিশা সাৰে থকা
এক মিঠা কল্পনা

তুমি এসাগৰ বিশাল মৰমেৰে
বন্ধুত্বৰ মূৰ্ত প্ৰকাশ
সেয়ে তুমি শৰতৰ শেৱালি নোহোৱা
যি ৰাতিতেই এবাৰেই ফুলি সৰি পৰিবলৈ
আজন্ম প্ৰেমিক তুমি
কুলুকুলুকৈ বোৱাই থাকা
মৰম নদী নিৰৱধি…..

(২)
তৰাবোৰে জ্বলি জ্বলি
আকাশখন খামুচি ধৰাৰ দৰে
তোমাৰ বৰ্ণবোৰে খামোছে
মোৰ হৃদয় আকাশ
জোন হৈ জিলিকে তোমাৰ মুখনি
ৰাতিটোৰ বাধাহীন মনটো
নেদেখা সীমালৈকে প্ৰসাৰিত হয়…..
প্ৰসাৰিত হয় নেদেখা সীমালৈকে

তোমাৰ উঠন বুকুত সদায়ে ধাৰণ কৰা
এটি তেজাল বেলি
যি তিনিশ পয়ষ্ঠী দিনেই পোহৰায়
মোৰ মনাকাশ…
কল্পনাৰ ঘৰটি ও উঠে উজ্বলি
তুমি যে প্ৰেমৰ আৱাহনী প্ৰতিমা
মই তাৰে এক অনামী পূজাৰী…..


মৃগাংক বৰুৱা, গোলাঘাট