তাই হেনো প্ৰফেছৰ পাছতহে গম পালোঁ ….. অভিজিত শেনচোৱা

pc SPSP

তাই হেনো প্ৰফেছৰ পাছতহে গম পালোঁ …..

ৰাতিপুৱা গৰম নাছিল যদিও এতিয়া বেলিটোৱে মূৰৰ ওপৰত যেন নিজৰ বীৰত্ব দেখাইছে । যেনে তেনে তলৰ ভিৰ ফালি গৈ ওপৰ মহলাৰ বাৰাণ্ডাত থকা খালি বেঞ্চ এখনত ভাগৰুৱা দেহাটো এৰি দিলো । পৰীক্ষা আছে, স্পৰ্টিং পিন্ধিও আহিব নোৱাৰি, ফৰ্মেল ড্ৰেচ পিন্ধিও গৰমত থাকিব পৰা নাই ! পৰীক্ষা হলৰ বাৰাণ্ডাত পূৰ্বৰে পৰা অপেক্ষাৰত পৰিক্ষাৰ্থীৰ ভিৰ । কোনো কোনো অকলে, কোনো ব্যস্ত নিজৰ মোবাইলটোৰ সৈতে, কোনোজন আকৌ ব্যস্ত চিনাকি কাৰোবাক বিচৰাত । বেঞ্চখনৰ পৰা পিঠিটো আঁতৰাই আনি পোন হৈ বহি ইফালে-সিফালে চকু ফুৰালোঁ । নাই কোনো চিনাকি মুখ মনলৈ নাহিল । তেনেতে কাকতি ফৰিং অহাদি আগমন এগৰাকী পৰিক্ষাৰ্থীৰ । চঞ্চল, হাঁহি থকা মুখ লৈ যেন খুবেই উত্তেজিত তাই ! আহি মোৰ কাষতে বহি মোবাইলত ব্যস্ত হৈ থকা ছোৱালী কেইজনীক সুধিলে “৫নম্বৰ ৰুম কোনটো” । বিৰক্তিৰে আঙুলিয়াই দেখালে তাৰে এজনী ছোৱালীয়ে ।উত্তৰ পাই আকৌ পখিলা উৰাদি তাই উৰি গুচি গল । ছোৱালীকেইজনীয়েও পুনৰ মোবাইলত চকু গুজিল । মাথোঁ মই চাই ৰলো তাই যোৱাৰ বাটটো ।
গল কথা গুছিল কাহিনী তাতে সামৰিল । পৰীক্ষাৰ সময় আহিল, সকলো নিজৰ নিজৰ ৰুমত সোমাল । ৫নম্বৰ ৰুমত সোমাই মই মোৰ চিট বিচাৰিবলৈ ধৰিলো । কিছু মুহূৰ্তৰ অন্তত বিচাৰি পালোঁ মোৰ স্থান । কিন্তু এইয়া কি ! মোৰ সন্মুখৰ বেঞ্চত বহি আছে সেই প্ৰাণ চঞ্চলা ছোৱালীজনী । ৫ নম্বৰ ৰুমত তাই আৰু বাকী দুজনীহে মাথোঁ ছোৱালী । পৰীক্ষা দিবলৈ আহিছে যদিও তাই গুৰু-গম্ভীৰ হৈ থকা নাই । ইফালে সিফালে চাই ফুৰিছে । যাকে চিনি পায় তাকে মাতিছে, হাঁহিছে । খুবেই চঞ্চল, ভাল লাগিল দেখি যেন ফুলে ফুলে উৰি ফুৰা পখিলাজনীহে । পৰীক্ষা আৰম্ভ হবলৈ তেতিয়াও কিছু পৰ আছিল । সেই ক্ষণতে মোৰ চিটৰ পৰা মাজে মাজে লক্ষ্য কৰিলোঁ চশমাৰ আঁৰে আঁৰে তাইলৈ । কাণত হীৰা আকৃতিৰ সৰু ফুলি । পিঠিলৈ পৰা চুলি, বাৰেপতি সোঁহাতৰ আঙুলিৰে কাণৰ পিছলৈ ঠেলি আছে ফেনৰ বতাহত বাউলি হৈ উৰি ফুলা চুলি কেইডাল । ডিঙিত এডাল লঘু চেইন । ক’লা মাস্ক পিন্ধাৰ বাবে মুখখন পিছে চাব পৰা ন’গল । তাইৰ ডাঠ পাৱাৰ চশমাই ঢাকি ৰখা চঞ্চল মায়াবী চকু দুটিয়ে হাঁহিলে কাষত কিছু আঁচ পৰে । ভাল লাগে দেখি । খুবেই চঞ্চল তাই । আনকি আন ছোৱালীৰ দৰে স্থিৰ-শান্তিৰে বহি থাকিব নোৱাৰে । এবাৰ ইফালে এবাৰ সিফালে যেন বনত খেলি ফুৰা সৰু কণমানিজনীহে । আকৌ মন গলে ৱালত ভেজা দি ক্লাছটোক চাই থকা । মন গলে পিছলৈ ঘূৰা ইত্যাদি নানা কাৰ্যই মন মোহি গল । হয়তো আমনি লাগিছিল। এইবাৰ তাই কাষতে বহি থকা লৰাটোক উদ্দেশ্যি এৰিলে প্ৰশ্নবাণ নিজে প্ৰথমে । ক’ত ঘৰ, ক’ত পঢ়িছিল ইত্যাদি ইত্যাদি, সুধি গল প্ৰশ্ন বহু দিনৰ চিনাকি মানুহৰ দৰে, ঠিক যেন সি তেওঁলোকৰ ঘৰৰ এক সদস্য হে । ল’ৰাটোৱে উত্তৰ দি গল যদিও কিন্তু ওলোটাই কোনো প্ৰশ্ন নকৰিলে, যদিওবা কিছু পৰ পিছত তাই নিজে কৈ গল নিজৰ বিষয়ে হাঁহি হাঁহি । পিছৰ চিটৰ পৰা ময়ো শুনি গলো প্ৰাণ চঞ্চলা সেই যুৱতীৰ জীৱন গাঁথা । জন্মসূত্ৰে গুৱাহাটীৰ বেলতলাৰ নিবাসী যদিও বৰ্তমান থাকে দৰঙত । B.Sc. কৰিছিল সন্দিকৈৰ পৰা, মাষ্টাৰ্ছ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা, Phd গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা । সন্মুখৰ বেঞ্চত চিনাকি পৰ্ব হোৱা দেখি এইবাৰ মোক মোৰ বেঞ্চৰ পৰিক্ষাৰ্থীজনে মোৰ কি subject সুধিলে । উত্তৰ কলো, এইবাৰ তাই সেই লৰাক এৰি পিছলৈ মোৰ পিনে ঘূৰি ললে । এইবাৰ মোলৈ প্ৰশ্নবাণ এৰিলে ! -“আপুনি শিৱসাগৰৰ নহয়নে ?” মই আচৰিত !
-“হয়, পিছে আপুনি কেনেকৈ জানিলে ?”
-“আপোনাৰ এডমিতটোৰ পৰা হি হি”
সুবিধা মই এৰি নিদিওঁ । এইবাৰ সুযোগ বুজি ময়ো এৰিলো মোৰ প্ৰশ্নবাণ । কিন্তু আৰম্ভ কৰিবলৈ লওঁতেই প্ৰশ্নকাকত বিলাবলৈ এক্সটাৰনেল আহিল । সুধিব খোজা বহু কথা ৰৈ গল গল ……
প্ৰশ্ন কাকতৰ একো আগ-গুৰি বুজি পোৱা নাই । ইপিনে একঘণ্টাও যোৱা নাই । ইফালে-সিফালে চকু পকাই থাকোতে আকৌ চকু গল সন্মুখৰ বেঞ্চৰ তাইলৈ । গোটেই পৰীক্ষাৰ দুঘণ্টা বেঞ্চ খনত এবাৰ ইফালে এবাৰ সিফালে চটফটাই উৎপাত কৰি মেলি কটালে । তাৰ মাজতে কেইবাবাৰো এক্সটাৰনেলক ইটো সিটো সৰু সুৰা কিবা কিবি সুধিলে (গোটেই ক্লাছটোৰ পৰিক্ষাৰ্থীসকলৰ খিনিৰ ভিতৰত তায়ে কেৱল এনেকুৱা আছিল) । দুঘণ্টা অতিক্ৰম হল পৰীক্ষা শেষ হল সকলো বাহিৰলৈ ওলাবলৈ সাজু হল । এক্সটাৰনেলে সকলো উত্তৰ কঁপি ঠিকে-ঠাকে আছেনে নাই তাকে পৰীক্ষা কৰিবলৈয়া আমাক ওলাই যোৱাত বাধা দিলে । এইবাৰ মই সুযোগ বুজি কথা পাতিলোঁ । ‘পৰীক্ষা কেনে হ’ল’ৰ পৰা আৰম্ভ কৰি উত্তৰ আলোচনা কৰি থাকোতেই হঠাৎ মোৰ চকু গল তাইৰ চুলিৰ মাজত লুকাই থকা কণমানি সেন্দুৰকণলৈ । তাই বিবাহিত ! কথাৰ মাজতে তাইৰ পৰা জানিব পাৰিলো যে বৰ্তমান তাই দৰঙৰ কোনোবা এখন কলেজত অধ্যাপনা কৰি আছে । শুনি আচৰিত হলোঁ ! এনে এজনী চঞ্চল, চিত্ পখিলি হেন ছোৱালী বোৱাৰী হোৱাৰ লগতে অধ্যাপিকাও । নিজৰে কিবা লাজ লগাৰ দৰে অনুভৱ হল । ইতিমধ্যে এক্সটাৰনেলে সকলোকে যাবলৈ নিৰ্দেশ দিলে । ওলাই আহিব লৈ বহি থকা তেওঁক সুধিলোঁ “কিয় আজি নাযাও বুলি ভাবিছে নিকী হয় ?” আকৌ সেই চঞ্চল হাঁহি মাৰি দুটি চকু সৰু কৰি উত্তৰ দিলে “যাম ৰবা হি হি, এওঁ বা আহি পালেহি নাই” ………..

 শ্ৰী অভিজিত শেনচোৱা
 দেউবিল নপমীয়া গাঁও, শিৱসাগৰ