ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ অন্যতম বাহ্যিক কাৰক -নদী
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
পৃথিৱীৰ উপৰিভাগ বা ভূ-পৃষ্ঠৰ অৱয়ব সদায় একেদৰে নাথাকে।সময়ৰ গতিত এই অৱয়ব সমূহৰ পৰিবৰ্তন ঘটে। অৱশ্যে অৱয়ববোৰৰ সৃষ্টিৰ লগত জড়িত হৈ থকা প্ৰক্ৰিয়াবোৰো সময়ৰ গতিত পৰিবৰ্তন হয়। জলভাগ আৰু স্থলভাগেৰে গঠিত ভূ-পৃষ্ঠত দেখা- দেখিকৈ কিছুমান কাৰকে ক্ৰিয়া কৰি থাকে। যেনে ধৰা সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী,হিমবাহ, সাগৰৰ ঢৌ আদি। এই বোৰকে বাহ্যিক কাৰক বুলি কোৱা হয়। কিছুমান আভ্যন্তৰীণ কাৰকৰ বাবে ভূ-পৃষ্ঠৰ অৱয়ব সলনি হ’ব পাৰে।সেইবোৰ হৈছে প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰী।
ভূ-পৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক বোৰৰ ভূমিকা অতীতৰ পৰা এতিয়ালৈকে একে নহয়। একোটা অঞ্চলৰ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ একোটা প্ৰক্ৰিয়াইহে ক্ৰিয়া কৰা দেখা যায়। উদাহৰণ স্বৰূপে বেছি বৰষুণ হোৱা অঞ্চলত নদীৰ কাৰ্যই মূখ্য ভূমিকা পালন কৰে। যিহেতু পৃথিৱী পৃষ্ঠৰ বেছি ভাগ জলভাগে আবৃত সেয়ে ভূ-পৃষ্ঠৰ অৱয়বৰ পৰিৱৰ্তনত নদীৰ কাৰ্য সুদূৰপ্ৰসাৰী। নদীৰ কাৰ্যক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। সেই কেইটা হৈছে ১) খনন বা ক্ষয় কাৰ্য ২) পৰিবহন আৰু ৩) অৱক্ষেপন বা জমাকৰণ কাৰ্য।
বৰষুণৰ পৰিমাণ বেছি হ’লেই ভূ-পৃষ্ঠৰ খননকাৰ্য আৰম্ভ হয়। ঘাঁহ -বন, গছ-গছনি নথকা বালিময় ঠাইত এই খনন বেছি হয়। বৰষুণৰ পানী নৈ হৈ বৈ গ’লে পানীৰ খনন শক্তি বৃদ্ধি পায়। নদীয়ে নদীৰ গতিপথত অৰ্থাৎ উৎসৰ পৰা মোহনালৈকে গোটেই পথ চোৱাতে খননকাৰ্য চলায়। এই খননকাৰ্য নদীৰ গতিপথৰ সকলো ঠাইতে সমান নহয়। উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল , গতিপথ ঠেক হোৱা দেখা যায়। উচ্চভূমিৰ পৰা ভৈয়ামলৈ বা সমতললৈ গতি কৰোঁতে নদীৰ গতিবেগ হ্ৰাস পায় আৰু সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ’বলৈ ধৰে । এনেদৰে গেদ জমা হৈ হৈ নদীৰ বুকুৰ গভীৰতা কমি বাম হৈ পৰে। তেনে অঞ্চলত পানীভাগ বোৱাই নিবলৈ নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। এনে খননকাৰ্যক পাৰ খনন বা পাৰ্শ্ব খনন বোলা হয়। সাধাৰণতে এই কাৰ্যক গৰাখহনীয়া বুলিও কোৱা হয়। গৰাখহনীয়াই নদীৰ গতিপথ একা-বেঁকা কৰি তোলে।সাপৰ গতিৰ লগত তুলনা কৰি নদীৰ এই একা-বেঁকা গতিক সৰ্পিল গতি বুলি কোৱা হয়। বাৰিষাকালত বৰষুণৰ পৰিমাণ যথেষ্ট বেছি হ’লে নদীয়ে পানীৰ ভৰ সহিব নোৱাৰি অতি বেঁকা অংশ এৰি পোনাই গতি কৰে। নদীয়ে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয়। সেই অংশত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীয়েও নিজৰ নিজৰ গতিপথত এনে বহুতো হ্ৰদ বা বিলৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ দাঁতি-কাষৰীয়া দীপৰ বিল এনেদৰেই সৃষ্টি হৈছিল। এই হ্ৰদ বা বিল সমূহে পানী ধৰি ৰাখি বানপানীৰ প্ৰাবল্য কমাই ৰখাত কিছু পৰিমাণে সহায় কৰিছে।
খনন কাৰ্যৰ যোগেদি নদীয়ে বহু পৰিমাণে গেদৰ সৃষ্টি কৰে। এই গেদসমূহ নদীয়ে কঢ়িয়াই আনোতে গতিপথৰ লগতে দুয়োপাৰ আৰু মোহনাতো জমা কৰি বিভিন্ন ধৰণৰ অৱয়বৰ সৃষ্টি কৰে। সেই বোৰ ভিতৰত নদীৰ বুকুত বালি-বোকা জমা হৈ সৃষ্টি হোৱা বালিচৰ, প্লাৱনভূমি , প্ৰাকৃতিক বান্ধ বা প্ৰাকৃতিক মথাউৰি আৰু ব-দ্বীপেই প্ৰধান। বৃহৎ নদী -দ্বীপ মাজুলী এক প্ৰকাৰৰ বালিচৰ। এনেদৰেই নদীৰ কাৰ্যই ভূ-পৃষ্ঠৰ অৱয়বৰ পৰিবৰ্তন ঘটাই আহিছে।
