তুমি নিৰ্যাতনকাৰী হোৱা..গৌতম শৰ্মা জাপোৰিগোগ, গুৱাহাটী

..তুমি নিৰ্যাতনকাৰী হোৱা..

তুমি নিৰ্যাতনকাৰী হোৱা,

খামুচীয়া ককাল নখেৰে পিতিকি,
ফেনাফেন কৰি দিয়া,
ন্যায়ৰ সুৰুঙাৰে সৰকি যাব পৰাকৈ
এজন শোষণকাৰী হোৱা ,

তুমি নিৰ্যাতনকাৰী হোৱা |

আটলান্তাৰ বুকুত ডুব যোৱা , টাইটানিক হৈ
তুমি নিশাৰ অন্ধকাৰত ডুবি যোৱা,
কোমল দেহৰ তেজে তেজে
মঙহে মঙহে
তোমাৰ হৈ ঠিয় হওঁক , মনুষ্যৰ অধিকাৰ ৰক্ষাকাৰী

কাথগড়াত ঠিয় কৰাই আকি দিব, মেৰপাক দিয়া পিকাচোৰ চিত্ৰশিল্প |

ঠিক বুকুত অকা যোৱা তোমাৰ দাতৰ আচোঁৰবোৰৰ দৰে ….

চোতালে চোতালে গল্প গুজৱ হ’ব

হ’ব স্বল্পবসনা যুৱতীৰ চৰিত্ৰ অৱলোকন,
নিশাৰ অন্ধকাৰত স্বাধীনতা বিচৰাৰ, কোনে দিলে অধিকাৰ?
সেয়া তোমাৰ নিৰ্যাতনৰ জাচতিফিকেচন!
ন্যায়ৰ ৰক্ষণাবেক্ষণত, তুমি ক্ষন্তেকীয়া হেডলাইন হ’বা
টি আৰ পি ৰ দৌৰত তুমি কিছুদিন ব্ৰেকিং নিউজ হ’বা

অন্ধ আইনৰ দৃষ্টিৰ আৰত তুমি নিশা যাপনকাৰী হোৱা

তুমি নিৰ্যাতনকাৰী হোৱা…

ভাৰসাম্যৰ তুলাচানীত তোমাৰ আচলখনৰ ওজন..
কেতিয়াবা শাস্তীৰ দাবীত আন্দোলন, নতুবা মুক্তিৰ দাবীত জনগণ,

কোনো ধৰ্ষিতাই পদে পদে পোৱা ঘৃণাৰ বিপৰীতে
নিজক নিৰ্দোষী প্ৰমাণকাৰী হোৱা..

তুমি নিৰ্যাতন কাৰী হোৱা…

গৌতম শৰ্মা
জাপোৰিগোগ, গুৱাহাটী