কোভিড আক্ৰান্তৰ সহায়ৰ বাবে ৩৭ লাখ টকাৰ পুঁজি সংগ্ৰহ বিশ্বনাথন আনন্দৰ

বাৰ্ত্তাসেৱা – কোভিড আক্ৰান্তৰ সহায়ৰ বাবে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে প্ৰাক্তন গ্লেণ্ড মাষ্টাৰ বিশ্বনাথন আনন্দে লোৱা পদক্ষেপে বিশ্বজুৰি সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰাথমিক অৱস্থাত তেওঁলোকে যি পৰিমাণৰ পুঁজি সংগ্ৰহৰ লক্ষ্য বান্ধি লৈছিল তাতকৈ বহুগুণে বেছি পুঁজি সংগ্ৰহ হ’ল কোভিড আক্ৰান্তৰ বাবে। উল্লেখ্য যে অনলাইনৰ জৰিয়তে দবা খেল অনুষ্ঠিত কৰি পুঁজি সংগ্ৰহৰ বাবে পৰিকল্পনা হাতত লৈছিল আনন্দ তথা তেওঁৰ কেইজনমান সতীৰ্থই। মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে তেওঁলোকৰ এই প্ৰচেষ্টালৈ সঁহাৰি জনাই বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকে অনুদান আগবঢ়ায়। মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ৩৭ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় বিশ্বনাথন আনন্দে। অনলাইনযোগে অনুষ্ঠিত হোৱা এই দবা খেলৰ ২২খন গেমত অংশ লৈ তেওঁ ১৯খনত জয়লাভ কৰিছিল। এই গেমসমূহ উপভোগ কৰিবৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰদান কৰিবলগীয়া হৈছিল ক্ৰীড়াপ্ৰেমীয়ে। ইয়াৰ জৰিয়তে উক্ত পুঁজি সংগ্ৰহ কৰা হয়।