ড° হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ পিতৃ পৰিচয় লৈ কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ড° হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ পিতৃ পৰিচয় লৈ কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ পিতৃ পৰিচয় লৈ যি অপমানসূচক মন্তব্য কৰিলে সেয়া এক সুস্থ গণতান্ত্ৰিক ৰাজনীতিৰ প্ৰতি ভাবুকি হিচাপে পৰিগণিত হৈছে। এয়া সমগ্ৰ নাৰী সমাজৰ প্ৰতি অপমান।এই সমগ্ৰ ঘটনাৰ প্ৰতিবাদ স্বৰূপে আৰু শেহতীয়াভাৱে বিজেপিয়ে দেশত আৰম্ভ কৰা ধৰ্মীয় মেৰুকৰণৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে  অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত কাৰ্য্যকৰী সভাপতি ৰাতুল পাটোৱাৰী,উপ সভাপতি পৰিতোষ ৰয়, প্ৰশাসনিক সাধাৰণ সম্পাদক আব্দুৰ ৰাজ্জাক,সাংগঠনিক সাধাৰণ সম্পাদক অঙ্কুৰ দাস আৰু ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত গুৱাহাটীৰ দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়।এই কাৰ্য্যসূচীত প্ৰতিবাদী যুৱ কংগ্ৰেছৰ সদস্যসকলে হিমন্ত বিশ্ব হায় হায়,সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, নাৰীসত্তাক অপমান কৰা বন্ধ কৰক আদি শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি ভাষণ প্ৰসংগত কাৰ্য্যকৰী সভাপতি ৰাতুল পাটোৱাৰীয়ে কয় যে এগৰাকী প্ৰয়াত  প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী তথা দেশৰ এগৰাকী সন্মানীয় মহিলা নেত্ৰী ছোনীয়া গান্ধীৰ পুত্ৰ ৰাহুল গান্ধীৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিলে সেয়া দূৰ্ভাগ্যজনক।ৰাহুল গান্ধী দেশৰ এগৰাকী প্ৰাক্তন শ্বহীদ প্ৰধানমন্ত্ৰীৰ পুত্ৰ। অসমৰ মুখ্যমন্ত্ৰী বুলি তেওঁক কবলৈ লাজ লাগিছে।নিজৰ মুখৰ অশ্লীল,অশোভনীয় মন্তব্যৰ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ আগত লজ্জানত কৰিলে। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই এই কথা উঠাই নলয় আৰু ৰাজহুৱাভাৱে ক্ষমা নোখোজে তেতিয়ালৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ এই প্ৰতিবাদ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থাকিব আৰু ইয়াতকৈ অধিক তীব্ৰতৰ ৰূপত গণতান্ত্ৰিক আন্দোলন আৰম্ভ হ’ব বুলি যুৱ কংগ্ৰেছৰ নেতৃত্বই সদৰি কৰে।