ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উৎকোচ লোৱাৰ অভিযোগত ছাত্ৰ একতা সভাৰ উপ-সভাপতি মাধুৰ্য চেতিয়া গ্ৰেপ্তাৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উৎকোচ লোৱাৰ অভিযোগত ছাত্ৰ একতা সভাৰ উপ-সভাপতি মাধুৰ্য চেতিয়া গ্ৰেপ্তাৰ ::বি এড পাঠ্যক্ৰমৰ আসন দিয়াৰ নামত ছাত্ৰ ছাত্ৰী পৰা ধন লোৱাৰ অভিযোগ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয় চাঞ্চল্যকৰ ঘটনা ।বি.এড. পাঠ্যক্ৰমত নামভৰ্তিৰ আসন নিশ্চিত কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ছাত্ৰ-ছাত্ৰীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ উপ-সভাপতি মাধ্যুৰ্য চেতিয়াক। এই ঘটনাই বিশ্ববিদ্যালয় চৌহদৰ লগতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বি.এড. নামভৰ্তিক কেন্দ্ৰ কৰি সংঘটিত হোৱা এই কাণ্ডই পুনৰ শিক্ষা ব্যৱস্থাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতাক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে। অভিযোগ অনুসৰি, বি.এড. প্ৰৱেশ পৰীক্ষাৰ পূৰ্বে এটা দুষ্ট চক্ৰই বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ শিক্ষানুষ্ঠানত আসন নিশ্চিত কৰাৰ নামত প্ৰাৰ্থীসকলৰ পৰা এক লাখৰ পৰা ডেৰ লাখ টকা পৰ্যন্ত দাবী কৰিছিল। ইতিমধ্যে বহু শিক্ষাৰ্থীৰ পৰা অনলাইন আৰু অফলাইন মাধ্যমেৰে ৫০ হাজাৰৰ পৰা ৭০ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈছে।বিশ্ববিদ্যালয়ৰে কেইগৰাকীমান সজাগ ছাত্ৰৰ গোপন অনুসন্ধানৰ ফলত এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত তেওঁলোকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতে এজাহাৰৰ ভিত্তিত তৎপৰতা চলাই আৰক্ষীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পি.জি.এচ.ইউ.-ৰ উপ-সভাপতি মাধ্যুৰ্য চেতিয়াক আটক কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত এই ঘটনাৰ আঁৰত কেৱল এজন ছাত্ৰ নেতা নহয়, বৰং এটা বৃহৎ চক্ৰ ইয়াৰ লগত থকাৰ সন্দেহ কৰা হৈছে। আৰক্ষীৰ ভয়ত এই চক্ৰটোৰ আন কেইবাজনো সদস্য পলায়ন কৰা বুলিও জানিব পৰা গৈছে। আনহাতে, বিশ্ববিদ্যালয়ৰ ভিতৰৰ কোনো কৰ্মচাৰী অথবা অন্য কোনো প্ৰভাৱশালী ব্যক্তি এই কাণ্ডৰ সৈতে জড়িত আছে নেকি, সেই দিশতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত এই কাণ্ডৰ উচিত তদন্তৰ পাছত চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।