ডিব্ৰুগড়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্য্যসূচী

ডিব্ৰুগড়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্য্যসূচী:: বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দাবী

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ দাবীত পুনৰ সৰব হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। ডিব্ৰুগড়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে। প্ৰতিবছৰে চুবুৰীয়া দেশ ভূটান আৰু উজনি অসমৰ পাহাৰীয়া অঞ্চলৰ পৰা নামি অহা বানে অসমত ব্যাপক ক্ষতি সাধন কৰে। কৃষিভূমি, গাঁও-ঘৰ, পথ-দলং আৰু জনজীৱন বিপৰ্যস্ত হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতিও গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰি আহিছে। সংগঠনটোৱে অভিযোগ কৰে যে, স্বাধীনতাৰ পিছৰে পৰা অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া হোৱা নাই। ফলস্বৰূপে, সমস্যাটোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধানৰ ব্যৱস্থা কৰা, ক্ষতিগ্ৰস্ত সকলো লোকক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা আৰু ক্ষতিগ্ৰস্ত কৃষকসকলৰ কৃষি ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিয়া আদি দাবীসমূহৰ সমৰ্থনত ৰাজ্যৰ প্ৰতিখন জিলাত অৱস্থান ধৰ্মঘট কাৰ্যসূচীও ৰূপায়ণ কৰে। অসমৰ দীৰ্ঘদিনীয়া বান- গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত সংগঠনটোৰ এই পদক্ষেপে আগন্তুক সময়ত কি প্ৰতিক্ৰিয়া লাভ কৰে, সেয়া লক্ষ্যণীয় হ’ব।