ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ড° কমলা কান্ত বৰগোহাঁই স্মাৰক বক্তৃতা আৰু বুজাবুজিৰ চুক্তি উপাচাৰ্যৰ উপস্থিতিত সম্পন্ন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ড° কমলা কান্ত বৰগোহাঁই স্মাৰক বক্তৃতা আৰু বুজাবুজিৰ চুক্তি উপাচাৰ্যৰ উপস্থিতিত সম্পন্ন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ পূৱৰ অগ্ৰণী উচ্চশিক্ষাৰ প্রতিষ্ঠান ডিব্রুগড় বিশ্ববিদ্যালয়ত সু-লেখক, গল্পকাৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ প্ৰাক্তন সহযোগী প্রাধ্যাপক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক ড° কমলা কান্ত বৰগোহাঁইৰ স্মাৰক বক্তৃতা অনুষ্ঠান ৭-৫-২৬ তাৰিখে সুকলমে বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হয়।ড° বৰগোহাঁইৰ স্মৃতিত প্ৰতি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্রত ড° কমলা কান্ত বৰগোহাঁই স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰাৰ উদ্দেশ্য আগত ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ উপস্থিতিত আৰু ড° কমলা কান্ত বৰগোহাঁইৰ পত্নী তথা বিশিষ্ট লেখিকা ড° মামণি বৰগোহাঁইৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।চুক্তি অনুসৰি ড°কমলা কান্ত বৰগোহাঁইৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ স্মৃতি ৰক্ষাৰ্থে শৈক্ষিক তথা সাহিত্যিক কাম-কাজসমূহ চলাই নিবৰ বাবে ৫ লাখ টকাৰ অনুদান আগবঢ়ায়। চুক্তিৰ জৰিয়তে স্মাৰক বক্তৃতানুষ্ঠান, আলোচনা সত্ৰ, ছাত্র-ছাত্রীৰ সহায়ক আৰু জনহিতৈষীমূলক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে ড° কমলা কান্ত বৰগোহাঁইৰ স্মৃতি তথা কর্মজীৱন যুগমীয়া কৰি ৰখাৰ প্ৰয়াস কৰা হয়। উল্লেখযোগ্য যে পূর্বেও ড° কমলাকান্ত বৰগোহাঁইৰ পৰিয়াল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজত আন এক বুজাবুজিৰ চুক্তি সম্পন্ন হৈছিল আৰু সেই চুক্তি অনুসৰি প্ৰতিবছৰে ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত শিক্ষাতত্ত্ব বিভাগৰ স্বৰ্ণপদক প্রাপ্ত গৰাকীক ড° কমলাকান্ত বৰগোহাঁই স্ক’লাৰশ্বিপ প্ৰদান কৰি অহাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগতেই ড° কমলাকান্ত বৰগোহাঁই মেম’ৰিয়েল প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সম্পন্ন হোৱা চুক্তি অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ ‘ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত ‘ -“অসমত সংবাদমাধ্যমৰ দুটা শতক গতি-প্রকৃতি আৰু সম্ভাৱনা” শীর্ষক এক বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয় আৰু ইয়াত বক্তৃতা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ প্ৰাধ্যাপক অভিজিত বৰাই।তেওঁ কয় যে – “মানুহে জীৱনটো সহজ কৰি তুলিবলৈ অহৰহ নতুন নতুন প্রযুক্তি আৰু ব্যৱস্থা উদ্ভাৱন কৰি আহিছে, কিন্তু বেছিভাগ ক্ষেত্ৰতেই সেইবোৰক অর্থপূর্ণ আৰু সচেতনভাৱে ব্যৱহাৰ কৰাৰ জ্ঞান বা সক্ষমতা মানুহে গঢ়ি তুলিব পৰা নাই”।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকাই অনুষ্ঠানটোৰ বক্তব্যত অতি সাৱলীলভাৱে উল্লেখ কৰে যে -” নতুন প্রজন্মক অনুপ্রাণিত কৰি অহা ড° কমালাকান্ত বৰগোহাঁই স্মাৰক বক্তৃতা এক জীৱন, দৃষ্টিভংগী, বৌদ্ধিক অৱদানৰ প্ৰতি এক অর্থপূর্ণ শ্রদ্ধাঞ্জলি।” বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালেও সভাত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে লগতে অনুষ্ঠানৰ বিশিষ্ট অতিথি ড° মামণি বৰগোহাঁইয়েও তেওঁৰ কৃতজ্ঞতা আৰু স্মৃতি মিশ্ৰিত এক বক্তব্য প্ৰদান কৰে। আদৰণি ভাষণত ভাষণ প্ৰদান কৰে ড° মামণি বৰগোহাঁই, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক ড° প্রবীণ কুমাৰ গগৈয়ে। এই অনুষ্ঠানতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰি ড° কমলা কান্ত বৰগোহাঁইৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে প্ৰতিবছৰে এনে অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয়।