আৰচিবিক ৯ ৰানত পৰাস্ত কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে

Pc NDTV Sports

আৰচিবিক ৯ ৰানত পৰাস্ত কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইপিএলৰ বৃহস্পতিবাৰে অনুষ্ঠিত মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে আৰচিবিক ৯ ৰানত পৰাস্ত কৰে। লক্ষ্ণৌত বৰষুণৰ বাবে ব্যাহত হোৱা এই মেচখনত ডাকৱর্থ-লুইছ নিয়ম অনুসৰি লাভ কৰা ২১৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি আৰচিবিয়ে ১৯ অভাৰত ৬ উইকেট হেৰুৱাই ২০৩ ৰান সংগ্ৰহ কৰে। এইটো চলিত ছিজনত এলএছজিৰ তৃতীয় জয়। বৰষুণৰ বাবে সময় নষ্ট হোৱাত মেচখন ১৯-১৯ অভাৰৰ কৰা হয়। ২১০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি আৰচিবিৰ আৰম্ভণি ভাল নহ’ল। জেকব বেথেলে মাত্র ৪ ৰান কৰি মহম্মদ ছামিৰ বলত আউট হয়। তাৰ পিছত প্রিন্স যাদৱে চমৎকাৰ বলত বিৰাট কোহলিক শূন্যতে পেভিলিয়নলৈ উভতাই পঠায়। যদিও ৯ ৰানতে দুটা উইকেট হেৰুৱাই কিন্তু দেৱদত্ত পাড়িকেল আৰু অধিনায়ক ৰজত পাটিদাৰে পিছত ইনিংছ চম্ভালে। দুয়োজনে মিলি তৃতীয় উইকেটৰ বাবে ৫৩ বলত ৯৫ ৰানৰ গুৰুত্বপূৰ্ণ পার্টনাৰশ্বিপ গড়ে। পাড়িকেলে ২৫ বলত ৩৪ ৰান কৰি আউট হয়। আনহাতে, ৰজতে ৩১ বলত ৬১ ৰানৰ বিস্ফোৰক ইনিংছ খেলে।  জিতেশ শৰ্মাৰ নিৰাশাজনক প্ৰদৰ্শন এই মেচতো অব্যাহত থাকে আৰু তেওঁ মাত্র ১ ৰান সংগ্ৰহ কৰে।টিম ডেভিদে ১৭ বলত ৪টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৪০ ৰান কৰে। ক্রুনাল পাণ্ডিয়াই ১৬ বলত ২৮ ৰান কৰি অপৰাজিত থাকে, আনহাতে ৰোমাৰিঅ ছেফার্ডে ১৫ বলত অপৰাজিত ২৩ ৰান সংগ্ৰহ কৰে। কিন্তু ক্রুণাল-শ্বেফাৰ্ডৰ জোৰদাৰ ইনিংছেও আৰচিবিক জয় দিব নোৱাৰিলে। বলিঙত এলএছজিৰ হৈ প্রিন্স যাদবে ৪ অভাৰত ৩৩ ৰান দি ৩টা উইকেট দখল কৰে। শ্বাহবাজ আহমেদে ২টা উইকেট লাভ কৰে আৰু মহম্মদ ছামিয়ে ১টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে এলএছজিয়ে ২০ অভাৰত ৩ উইকেট হেৰুৱাই ২০৯ ৰান সংগ্ৰহ কৰে। মিচেল মার্শ্ব আৰু আর্শিন কুলকানীয়ে প্রথম উইকেটৰ বাবে ৯.২ অভাৰত ৯৫ ৰান যোগ কৰে। আৰ্শিন ১৭ ৰান কৰি আউট হয়। তাৰ পিছত মার্শ্বে পুৰাণৰ সৈতে দ্বিতীয় উইকেটৰ বাবে ৭০ ৰানৰ অংশীদাৰিত্ব গঢ়ে। পুৰাণে ২৩ বলত ৩৮ ৰান সংগ্ৰহ কৰে। মার্শ্বে আনটো মূৰত থিয় হৈ ৪৯ বলত নিজৰ শতক সম্পূৰ্ণ কৰে। মার্শ্বে ৫৬ বলত ৯টা চাৰি আৰু ৯টা বিশাল ছয়ৰ সহায়ত ১১১ ৰান সংগ্ৰহ কৰে। অন্তিম অভাৰসমূহত অধিনায়ক ঋষভে ১০ বলত অপৰাজিত ৩২ ৰান কৰে। পণ্টৰ ইনিংছত আছিল ৪টা চাৰি আৰু ২টা ছয়। আৰচিবিৰ হৈ বলিঙত হেজলউজ, ক্রুণাল পাণ্ডিয়া আৰু ৰাছিখ ছালামে এটাকৈ উইকেট লাভ কৰে। এই পৰাজয়ৰ সৈতে চলিত ছিজনত আৰচিবিয়ে চতুৰ্থ পৰাজয়ৰ সন্মুখীন হয়।