ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৫ আগষ্টৰ পৰা ডিব্ৰুগড় ” এ ” ডিভিজন ফুটবল লীগ আৰম্ভ :দহ দলৰ অংশগ্ৰহণ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰয়াত ‘মনোজ কুমাৰ পাত্ৰ’ আৰু প্ৰয়াত ‘বগা দাস’ৰ সোঁৱৰণত আয়োজিত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ চিনিয়ৰ “এ” ডিভিজন ফুটবল লীগ–২০২৬ অহা ০৫ আগষ্টৰ পৰা জকাই ৰূপজ্যোতি সংঘ ৰাজহুৱা খেলপথাৰ, জকাই আৰু চৌকীদিঙী খেলপথাৰ, ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব বুলি সন্থাৰ ফুটবল বিভাগৰ সম্পাদক অসীম হাজৰিকাই জনাইছে। লীগ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান ০৫ আগষ্ট, ২০২৬ তাৰিখে বিয়লি ২:৩০ বজাত জকাই ৰূপজ্যোতি সংঘৰ ৰাজহুৱা খেলপথাৰ, জকাইত অনুষ্ঠিত হ’ব। এই লীগ প্ৰতিযোগিতাত মুঠ ১০টা দল অংশগ্ৰহণ কৰিব।অংশগ্ৰহণ কাৰী দলসমূহ হৈছে বৰবৰুৱা এফ চি চি,মিলনজ্যোতি সংঘ, হৰকপথাৰ এফ চি,চেঁচা এফ চি, টিমনা এফ চি চি, ব্রাদাৰ্ছ এফ চি, ৱেক-আপ গাইজ এফ চি, ৰে’লৱে ডব্লিউ এছ চি, ৱেলকাম এফ চি আৰু জকাই ৰূপজ্যোতি সংঘ।
