কমনৱেলথ গেমছত ৰূপৰ পদক লাভ লাভলীনাৰ 

কমনৱেলথ গেমছত ৰূপৰ পদক লাভ লাভলীনাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল অসম সন্তান বক্সাৰ লাভলীনা বৰগোঁহায়ে ৷ গ্লাছগোত চলি থকা কমনৱেলথ গেমছৰ মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত পৰাস্ত হলেও ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ গৌৰৱ, ভাৰতীয় তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে ৷ ভাৰতীয় সময় অনুসৰি শনিবাৰে নিশা অনুষ্ঠিত ৭৫ কেজি শাখাৰ ফাইনেল মেচখনত অষ্ট্ৰেলিয়াৰ বক্সাৰ এমা-ছু গ্ৰীণট্ৰিৰ হাতত ৪-১ পইন্টত পৰাস্ত হয় লাভলীনা ৷  উল্লেখ্য যে, লাভলীনা বৰগোঁহায়ে কমনৱেলথ গেমছৰ মহিলাৰ ৭৫ কেজি শাখাৰ ছেমি ফাইনেলত আফগানিস্তানৰ তুভালুৰ তাৰোণা টাফাকিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৷ ফাইনেলৰ আৰম্ভণিৰ পৰা দুয়োগৰাকী বক্সাৰে অত্যন্ত সতৰ্ক আৰু কৌশলী প্রদর্শন আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ বক্সাৰগৰাকীয়ে আক্রমণাত্মক মনোভাবেৰে খেলি লাভলীনাক বেকফুটলৈ ঠেলি দিয়ে। প্ৰথম ৰাউণ্ডত অষ্ট্ৰেলিয়াৰ বক্সাৰৰ্গৰাকীয়ে চাৰিজন বিচাৰকৰ পৰা দহ পইন্ট লাভ কৰাৰ বিপৰীতে লাভলীনাই মাত্ৰ এজনৰ পৰাহে দহ পইন্ট লাভ কৰে। দ্বিতীয় ৰাউণ্ডত লাভলীনাই দুর্দান্ত প্ৰত্যাৱৰ্তনেৰে অষ্ট্ৰেলিয়াৰ বক্সাৰগৰাকীক বিপদত পেলায়। তৃতীয় তথা নির্ণায়ক ৰাউণ্ডত লাভলীনা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। এই ৰাউণ্ডত লাভলীনাই কোনো সুযোগেই ল’ব নোৱাৰিলে। পাঁচ বিচাৰকৰ চাৰিজনে অষ্ট্ৰেলিয়াৰ বক্সাৰৰ পক্ষত ৰায় দিয়াৰ বিপৰীতে মাত্র এজনেহে লাভলীনাৰ পক্ষ লয়। বিচাৰকৰ সিদ্ধান্তত অষ্ট্ৰেলিয়াৰ বক্সাৰগৰাকী বিজয়ী হয়। যদিও সোণৰ পদকৰ সপোন পূৰণ নহ’ল তথাপি এই সাফল্যৰ জৰিয়তে তেওঁ পুনৰবাৰ ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পদক জয় কৰি দেশ তথা অসমৰ গৌৰৱ বৃদ্ধি কৰিলে। অলিম্পিক, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত পদক জিনি ভাৰতৰ তৃতীয়গৰাকী বক্সাৰ হিচাপে নজিৰ গঢ়ে লাভলীনাই। বক্সাৰগৰাকীয়ে সোণৰ পদক লাভ কৰিব বুলি আশা কৰি আছিল যদিও অষ্ট্ৰেলিয়াৰ বক্সাৰ এমা-ছু গ্ৰীণট্ৰিৰ হাতত পৰাস্তত হোৱাৰ লগে লগে লাভলীনা বৰগোঁহায়ে ৰূপৰ পদকতে সন্তুষ্ট থাকিব লগীয়া হ’ল ৷ আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰূপৰ পদক লাভ কৰাৰ পাছতে সামাজিক মাধ্যমযোগে লাভলীনা বৰগোঁহাইক অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে, অভিনন্দন লাভলীনা! কমনৱেলথ গেমছ ২০২৬ত ৰূপৰ পদক জয় কৰি পুনৰবাৰ সমগ্ৰ অসম আৰু দেশবাসীক গৌৰৱান্বিত কৰাৰ বাবে অসম কন্যা লাভলীনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। এই সাফল্য অসমৰ যুৱ প্ৰজন্মৰ বাবে বিশেষকৈ উদীয়মান খেলুৱৈক সপোন দেখিবলৈ আৰু সেই সপোন বাস্তৱায়িত কৰিবলৈ সাহস যোগোৱাৰ বাটত উৎসাহৰ এটি উৎস হৈ ৰ’ব। আমি বিশ্বাস কৰোঁ, ভৱিষ্যতৰ দিনবোৰতো তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত ভাৰত আৰু অসমৰ নাম অধিক উজ্জ্বল কৰি তুলিব।