ডিব্ৰুগড়ৰ ‘জে জে এম হস্পিতালৰ সঞ্চালক ডাঃ সঞ্জীৱ শৰ্মাৰ উদ্যোগত শিৱসাগৰৰ দুশ বানাক্ৰান্ত কাষত খাদ্য সামগ্ৰী বিতৰণ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰ জিলাখনত অব্যাহত থকা সংহাৰী বানত বিস্তৰ ক্ষতিসাধন হোৱা দুৰ্গম অঞ্চলসমূহৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত চিকিৎসালয় ‘জে জে এম হস্পিতাল’। হস্পিতালখনৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট চিকিৎসক ডাঃ সঞ্জীৱ শৰ্মাৰ উদ্যোগত আজি শিৱসাগৰ জিলাৰ কেইবাটাও বানপীড়িত অঞ্চলত ব্যাপকভাৱে বান সাহায্য বিতৰণ কৰা হয়।জিলাখনৰ মগৰহাট, আলাইমুখ আৰু নাজিৰাৰ সুন্দৰ পুখুৰী সুলাল গাঁৱত হস্পিতাল কৰ্তৃপক্ষই সাহায্য বিতৰণ কৰে। অঞ্চলকেইটাৰ প্ৰায় দুশটা বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্যসামগ্ৰীকে ধৰি বিভিন্ন প্ৰয়োজনীয় আৰু নিত্য- ব্যৱহাৰ্য বস্তু বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰা হয়।জে জে এম হস্পিতালৰ মুখ্য বিত্তীয় বিষয়া সৌৰভ দে’ আৰু মানৱ সম্পদ বিষয়া চাহিন আহমেদৰ নেতৃত্বত যোৱা ১৫ জনীয়া এটা অভিজ্ঞ কৰ্মীৰ দলে প্ৰত্যক্ষভাৱে উপস্থিত হৈ বানপীড়িত ৰাইজৰ হাতত এই সাহায্য সামগ্ৰীসমূহ তুলি দিয়ে। এই মানৱীয় পদক্ষেপত হস্পিতালৰ দলটোক বিশেষভাৱে সংগ প্ৰদান কৰে উদীয়মান অভিনেতা অনুৰাগ বিতুপনে। অভিনেতাগৰাকীয়ে প্ৰতিগৰাকী বানাক্ৰান্ত লোকৰ দুখ -দুৰ্দশাৰ বুজ লয় আৰু তেওঁলোকৰ কাষত থিয় দিয়াৰ আশ্বাস দিয়ে।বানৰ এই কঠিন সময়ত ডিব্ৰুগড়ৰ চিকিৎসালয়খন আৰু ডাঃ সঞ্জীৱ শৰ্মাই আগবঢ়োৱা এই মানৱীয় তথা প্ৰশংসনীয় সহায়ক শিৱসাগৰৰ স্থানীয় ৰাইজে শলাগ লৈছে।
