ডিব্ৰুগড়ৰ শিক্ষা ভেলীৰ দশম শ্ৰেণীৰ ছাত্ৰ য়জাত কেশানক বেংগালুৰু ইছৰ’ত অনুষ্ঠিত কাৰ্য্যসূচীৰ বাবে নিৰ্বাচিত
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়স্থিত শিক্ষা ভেলী বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ য়জাত কেশানক বেংগালুৰুৰ ইছৰ’ত অনুষ্ঠিত হ’বলগীয়া ‘ইউভিকা২০২৬’ কাৰ্যসূচীৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইউভিকা যুৱ বিজ্ঞানী কাৰ্যসূচী হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ এক উদ্যোগ, যাৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক মহাকাশ প্ৰযুক্তি, মহাকাশ বিজ্ঞান আৰু মহাকাশৰ প্ৰয়োগসমূহৰ সৈতে পৰিচয় কৰোৱা হয়। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে “শিশুকালতেই প্ৰেৰণা দিয়া” আৰু তেওঁলোকক বিজ্ঞান, প্ৰযুক্তি, ইঞ্জিনিয়াৰিং আৰু গণিতৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত কৰা। অধিৱেশনখনি অহা ১০ মে’ৰ পৰা ২২ মে’লৈ বেংগালুৰুৰ ইছৰ’ত অনুষ্ঠিত হ’ব। এই অসাধাৰণ সফলতাৰ বাবে য়জাত কেশানক ডিব্ৰুগড়ৰ লগতে শিক্ষা ভেলী স্কুল কৰ্তপক্ষৰ পৰা অভিনন্দন জ্ঞাপন কৰে আৰু এই সোণালী সুযোগৰ বাবে তেওঁলৈ শুভেচ্ছা জনাইছে।
