ডিব্ৰুগড়ত চিত্ৰাভিনেত্ৰী চেতনা দাসক জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চৰ বসন্ত বঁটা প্ৰদান: অভিনেতা অৰুণ হাজৰিকাক বিশেষ সম্বৰ্ধনা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট চিত্ৰাভিনেত্ৰী চেতনা দাসক জাতীয়-জনগোষ্ঠীয় ঐক্যমঞ্চ, ডিব্ৰুগড়ে ‘বসন্ত বঁটা-২০২৬’ প্ৰদান কৰে৷ দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে চৌকিডিঙ্গী খেলপথাৰত জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চ, ডিব্ৰুগড়ৰ উদ্যোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী চেতনা দাসক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়৷ জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চ, ডিব্ৰুগড়ৰ সভাপতি ৰাণাৰঞ্জন গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত ‘বসন্ত বঁটা-২০২৬’ গ্ৰহণ কৰি বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে কয় যে, জনগোষ্ঠীয় নামটোৱে মোক আকৃষ্ট কৰিছে৷ জাতিটো একগোট হৈ জীয়াই থাকিব লাগিব৷ আমাৰ মাজত ঐক্য বৃদ্ধি পাইছে৷ আমাৰ ঐক্য সদায় আছে আৰু সদায় থাকিব৷ সেই অনুপ্ৰেৰণাতে মই আজি জীয়াই আছো৷ নিজৰ ভাষণ প্ৰসংগত বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে সাংস্কৃতি ক্ষেত্ৰখনত খোজ পেলোৱা স্মৃতি সোঁৱৰণ কৰে৷ এই অনুষ্ঠানতে সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰৰ সম্পাদিত স্মৃতিগ্ৰন্থ ‘ঐক্য’ উন্মোচন কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই৷ জাতীয়- জনগোষ্ঠীয় ঐক্য মঞ্চ, ডিব্ৰুগড়ৰ সম্পাদক বিতুপন দুৱৰাই আঁত ধৰা অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি জয়ন্ত দাস, গৌৰিশংকৰ দাস, কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাঞ্জল দত্ত, বেংগলী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক তাপস দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷নিশা সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিৱেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী গীতাঞ্জলি দাসে৷ পুৱাৰ ভাগত ডিব্ৰুগড় নগৰৰ মাজেৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই শুভ উদ্বোধন কৰা শোভাযাত্ৰাত অভিনেত্ৰী ভ্ৰান্তি মেধিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে।
