সন্তানৰ ভৱিষ্যতৰ দিশ আৰু অভিভাৱকৰ দায়িত্ব
শংকৰ দেৱ, দেৰগাঁও
বৰ্তমান সময়ত এক প্ৰতিযোগিতামূলক শিক্ষাৰ পৰিবেশ আৰু সমাজৰ উচ্চাশিক্ষাৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত সন্তানৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্ৰতিজন অভিভাৱকে নিজৰ সন্তান যাতে জীৱনত সফল হয় আৰু আৰ্থ-সামাজিকভাৱে সুৰক্ষিত হৈ থাকে, তাৰ বাবে অশেষ যত্ন লয়। কিন্তু বহু ক্ষেত্ৰত এই যত্নেই বাধ্যতাৰ ৰূপ লৈ সন্তানৰ ওপৰত এক বিপৰীতমুখী চাপৰ সৃষ্টি কৰে, যাৰ ফলত তেওঁলোকৰ নিজা চিন্তা-ভাবনা আৰু আগ্ৰহ গুৰুত্বহীন হৈ পৰে।
আজিৰ সমাজত বিশেষকৈ দেখা যায় যে চিকিৎসক, ইঞ্জিনিয়াৰ, প্ৰশাসনিক বিষয়া আদি পেছাসমূহক অধিক মূল্য দিয়া হয়। এই কাৰণেই বহু অভিভাৱকে নিজৰ সন্তানক এই পেছাসমূহৰ দিশে আগবঢ়াবলৈ চেষ্টা কৰে, যদিও কেতিয়াবা সেই ক্ষেত্ৰত সন্তানৰ স্বাভাৱিক আগ্ৰহ নাথাকে। এই ধৰণৰ চাপত বহু শিক্ষাৰ্থীয়ে মানসিক দিশত বিপৰ্যস্ত হৈ পৰে, আত্মবিশ্বাস হেৰুৱায় আৰু জীৱনৰ প্ৰতি আগ্ৰহ কমি যায়।
সন্তানৰ মনোবিজ্ঞান অনুসৰি, যি কামত তেওঁলোকৰ স্বাভাৱিক আগ্ৰহ থাকে, সেই কামত তেওঁলোকে অধিক মনোযোগ আৰু উদ্যমেৰে কাম কৰিব পাৰে। সংগীত, ক্ৰীড়া, শিল্প, সাহিত্য, বিজ্ঞান—প্ৰতিটো ক্ষেত্ৰতেই সফলতাৰ সম্ভাৱনা আছে, যদি সেই ক্ষেত্ৰত যথেষ্ট নিষ্ঠা আৰু আগ্ৰহ থাকে। সেয়েহে, অভিভাৱকে সন্তানৰ লুকাই থকা এই প্ৰতিভা আৰু স্পৃহা চিনাক্ত কৰি সেই অনুসৰি উপযুক্ত দিশ নিৰ্দেশনা দিব লাগে।
ইয়াৰোপৰি, আজিৰ আধুনিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থাও বৰ্তমান বহুমুখী হৈ উঠিছে। কেৱল পৰম্পৰাগত পেছাৰ ওপৰিও নতুন নতুন ক্ষেত্ৰ—যেনে তথ্য-প্ৰযুক্তি, ডিজিটেল মিডিয়া, উদ্যোগিতা, ক্ৰীড়া ব্যৱস্থাপনা আদি—উদ্ভৱ হৈছে। এই ক্ষেত্ৰসমূহতো আজিৰ যুৱ প্ৰজন্মই অসীম সম্ভাৱনা দেখুৱাবলৈ সামৰ্থ হৈছে। যদি এই ক্ষেত্ৰত সময়োপযোগী অভিভাৱকে এই পৰিবৰ্তন সমূহ বুজি সন্তানৰ আগ্ৰহৰ সৈতে মিলাই সিদ্ধান্ত লয়, তেন্তে সন্তানৰ ভৱিষ্যত অধিক উজ্জ্বল আৰু সুখময় হ’ব পাৰে।
অভিভাৱক আৰু সন্তানৰ মাজত এক সুস্থ যোগাযোগ থকাটো অতি প্ৰয়োজনীয়। সন্তানৰ সৈতে বন্ধুত্বপূর্ণ সম্পৰ্ক গঢ়ি তুলি তেওঁলোকৰ চিন্তা-ভাবনা শুনা, সমস্যাবোৰ বুজা আৰু উৎসাহ যোগোৱা—এইদৰে শিশুটিক আত্মবিশ্বাসী কৰি তোলাত সহায়ক হয়। বাধ্যতাৰ সলনি পৰামৰ্শ আৰু সহানুভূতিৰ জৰিয়তে সন্তানক সঠিক পথত আগবঢ়োৱা উচিত।
উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত এই বিষয়টো বিশেষ গুৰুত্ব বহন কৰে, কিয়নো আজিৰ শিশুৱেই আগন্তুক দিনৰ সমাজ গঢ়োতা একো একোজন সুদক্ষ বিষয়া হৈ উঠিব। যদি তেওঁলোকৰ স্বাভাৱিক প্ৰতিভা আৰু সপোন সমূহ সঠিকভাৱে বিকাশ পাবলৈ সুবিধা দিয়া যায়, তেন্তে তেওঁলোক সমাজৰ বাবে এক ইতিবাচক শক্তি হিচাপে পৰিণত হ’ব।
সেইয়ে অভিভাৱকৰ দায়িত্ব কেৱল সন্তানৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাই নহয়, বৰং তেওঁলোকৰ সপোন সমূহক সন্মান জনোৱা আৰু সঠিক দিশত আগবাঢ়ি যাবলৈ সহায় কৰাটো একান্তই প্ৰয়োজন। সন্তানৰ আগ্ৰহ আৰু স্পৃহাক অগ্ৰাধিকাৰ দি লোৱা সিদ্ধান্তই তেওঁলোকক সুখী, সফল আৰু আত্মনির্ভৰশীল ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। সেয়েহে, বাধ্যতাৰ সলনি বুজাবুজি আৰু সমৰ্থনৰ জৰিয়তেই সন্তানৰ এক সুন্দৰ ভৱিষ্যত গঢ় দি এখন সুস্থ আৰু উন্নত সমাজ গঢ়ি তোলাটো সম্ভৱ বুলি ভবাৰ প্ৰয়োজন আছে।
