নিজান নিশা আহিবা – অৰ্ণৱ কটকী

Pc Pinterest

নিজান নিশা আহিবা

অৰ্ণৱ কটকী
জাঁজী যোৰহাট

আহিবা তুমি শুই নিতাল মৰা নিশাটিত
মৰমৰ বৰষূণ জাক নমাই তিয়াই তুলিম তোমাৰ হৃদয়ৰ চুবুৰী
শিল হৈ গোট মৰা বুকুখনিত কামনাৰ বীজ সিচিম
অপত্য বাসনাৰ জীয়া পোক বোৰ খুচৰিম বুকু বিদাৰি।
যদি তুমি ভাল পোৱা !
নিশাৰ বৰষুণ জাক তেনে ভাল পাব পাৰিবা মোকো
আৰু যদি ভালপোৱা তপত ৰ’দৰ উত্তাপ বুজিবা মৰমৰো উষ্ণতাৰ গভীৰতা ।
আহিবা মেঘৰ ছাঁ সানি চুলি কোচা মেলি
প্ৰেম ঘামৰ মিশ্ৰিত সুবাস সানি ,যৌৱন সামৰি
আহিবা নিজান নিশা এজাক মিঠা মলয়া লগতে লৈ।
উটি ভাঁহি যাম দূৰলৈ!
অনুভৱ, অনুভূতি লগতে লৈ।
কোমল হাতৰ মিঠা পৰশ গাতে পিন্ধি লৈ,
মোৰো যে মন তোমাৰ হিয়াৰ গৰাকী হ’বলৈ।
কাষৰতে ৰৈ তোমাৰ নামৰ সুগন্ধি এপিয়লা পান কৰাৰ
সপোনৰ বুকুতে চিৰকাল উমলিবা, ফুলিবা সুপুষ্পিতা হৈ।
আহিবা দেই শুভ্ৰ এযোৰ পোছাক পিন্ধি,
তেজী ৰঙা কামনাৰ সেন্দুৰ পৰিলেও ছিটিকি
আক্ষেপ নকৰিবা বাধা প্ৰাচীৰ গঢ়ি।
নিজান ,নিতাল ,নিস্তব্ধ নিশা উজাগৰে বাট চাম
তুমি আহিবা বুলি, আন্ধাৰ মোহাৰি।
প্লাৱন নামিব নয়ন ভৰি, উশাহত নাচিব প্ৰকৃতি
বিজুলীৰ আঁৰে আঁৰে লুকাম দুয়ো দুয়োকে সামৰি।।