ডিব্ৰুগড়ত খেলো ইণ্ডিয়া সম্বাদ- খেল কি বাত পিএম কে সাথ’

ডিব্ৰুগড়ত খেলো ইণ্ডিয়া সম্বাদ- খেল কি বাত পিএম কে সাথ’:: অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ফুটবলৰ কিংবদন্তি প্রাক্তন অধিনায়ক বাইচুং ভূটীয়া

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ যুৱশক্তিক ক্ৰীড়াৰ সৈতে অধিক নিবিড়ভাৱে সংযুক্ত কৰি এখন সুস্থ, সবল আৰু আত্মবিশ্বাসী ভাৰত গঢ়াৰ লক্ষ্যৰে সমাগত ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ‘খেলো ইণ্ডিয়া সম্বাদ- খেল কি বাত পি এম কি সাথ’ কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিশেষ কার্যসূচীত অংশগ্রহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে। এই উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৮ লাখৰো অধিক যুৱক-যুৱতীক উদ্দেশ্যি প্ৰদান কৰা প্ৰেৰণাদায়ক ভাষণ উৎসাহী শিক্ষাৰ্থীসকলৰ সৈতে শুনি উদ্বুদ্ধ হয় কেন্দ্রীয় মন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীয়ে ক্রীড়াৰ জৰিয়তে ব্যক্তি আৰু সমাজৰ শাৰীৰিক-মানসিক উৎকর্ষ সাধন, যুৱপ্ৰজন্মক অনুশাসিত আৰু আত্মবিশ্বাসী কৰি তোলা তথা এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে বিশ্ব ক্রীড়াৰ বিভিন্ন শাখাত ভাৰতৰ অংশগ্ৰহণ আৰু সফলতা অধিক বিস্তৃত কৰাৰ আহ্বানৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধৃতি দি কয় যে আন দেশসমূহৰ এনে বহু ক্রীড়াত পদক অর্জন কৰিছে, যিবোৰত ভাৰতৰ অংশগ্রহণেই নাই। আমিও এই ক্রীড়াসমূহত পাৰদৰ্শিতা অৰ্জন কৰিব লাগিব”।তেওঁ লগতে কয়, “ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে এই ক্রীড়াসমূহত আমি নিখুঁত পাৰদৰ্শিতা অৰ্জন কৰাটো অতি প্রয়োজনীয়”।এই লক্ষ্য আগত ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০৩৬ চনৰ অলিম্পিকক কেন্দ্র কৰি ভাৰতৰ দীৰ্ঘম্যাদী ক্রীড়া কৌশলৰ কথাও উল্লেখ কৰে। লক্ষ্য হৈছে দেশৰ বৃহৎ সংখ্যক ক্রীড়াবিদক বিভিন্ন ক্রীড়া শাখাত এনেদৰে সুদক্ষ কৰি তোলা, যাতে তেওঁলোকে কেৱল অলিম্পিকলৈ যোগ্যতা অর্জন কৰাই নহয়, বিশ্বমঞ্চত উৎকৃষ্ট প্ৰদৰ্শন কৰি দেশৰ বাবে সন্মান আৰু অধিক পদক কঢ়িয়াই আনিব পাৰে৷’খেলো ইণ্ডিয়া সম্বাদ খেল কি বাত পিএম মোদী কে সাথ’ কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে সোণোৱালে মত-বিনিময় কৰে আৰু শিক্ষার্থীয়ে ক্রীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই বিশ্ববিদ্যালয় চৌহদত এটা অত্যাধুনিক ছুইমিং পুল নিৰ্মাণৰ কথা ঘোষণা কৰে সোণোৱালে। তদুপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্রীড়াবিদ সকলৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া মূলক ভ্ৰমণৰ কথাও ঘোষণা কৰে।ডিব্রুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত ভাৰতীয় ফুটবলৰ জীৱন্ত কিংবদন্তি তথা প্রাক্তন অধিনায়ক বাইচুং ভূটীয়াৰ উপস্থিতিয়ে বিশেষ মাত্ৰা প্ৰদান কৰে৷ নিজৰ ক্ৰীড়া- জীৱনৰ অভিজ্ঞতা আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জনৰ বাবে এগৰাকী খেলুৱৈয়ে কৰিবলগীয়া কঠোৰ পৰিশ্ৰমৰ বিষয়ে তেখেতে আগবঢ়োৱা বক্তব্যই উপস্থিত শিক্ষার্থীসকলক গভীৰভাৱে অনুপ্রাণিত কৰে৷অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে ছাত্ৰ- ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ অনুভৱৰ উমান লৈ ভাষণ প্ৰদান কৰি সোণোৱালে কয় যে ক্রীড়া কেৱল পদক অৰ্জনৰ মাধ্যম নহয়, ক্রীড়া হৈছে জীৱন গঢ়াৰ এক শক্তিশালী পথ। ক্রীড়াই এগৰাকী ব্যক্তিক সুস্থ-সবল কৰি তোলাৰ লগতে অনুশাসন, একাগ্রতা, দলীয় মনোভাৱ, নেতৃত্বৰ গুণ আৰু সফলতাৰ বাবে প্ৰয়োজনীয় মানসিক দৃঢ়তা গঢ়ি তোলে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিগত ১২ বছৰত দেশৰ ক্ৰীড়া ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন সাধন কৰিছে। প্রতিভাৱান প্রতিভাৱান খেলুৱৈক চিনাক্ত কৰাৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় মানৰ আন্তঃগাঁথনি, উন্নত ক্ৰীড়া সা-সুবিধা আৰু আৰ্থিক সহায়লৈকে খেলুৱৈক চিনাক্ত কৰাৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণ, আন্তঃৰাষ্ট্রীয় মানৰ আন্তঃগাঁথনি, উন্নত ক্রীড়া সা-সুবিধা আৰু আৰ্থিক সহায়লৈকে বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে ভাৰতীয় ক্রীড়াক এক নতুন উচ্চতালৈ লৈ গৈছে। আগন্তুক সময়ত ভাৰতে কমনৱেলথ গেমছ আয়োজন কৰিবলৈ সাজু হৈছে, যি আমাৰ দেশৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু বিশ্ব ক্রীড়া ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত সামর্থ্যৰ এক গৌৰৱময় প্রতিফলন।সোণোৱালে স্মৰণ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ দায়িত্বত স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী হিচাপে কার্যনির্বাহ কৰাৰ সময়ত তেওঁ দেশৰ আগশাৰীৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে বুজ লোৱাৰ সুযোগ লাভকৰিছিল।সেই সময়ত বহু খেলুৱৈয়ে উন্নত প্রশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় মানৰ সা-সুবিধা আৰু আর্থিক সহায়ৰ অভাৱৰ কথা অৱগত কৰিছিল।এই অভিজ্ঞতাৰ ভিত্তিত সৰ্বানন্দ সোণোৱালে বিষয়সমূহ প্রধানমন্ত্রী মোদীৰ দৃষ্টিগোচৰ কৰাত প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত কৰি তেওঁলোকক প্রয়োজনীয় সকলোধৰণৰ সহায়- সহযোগিতা আগবঢ়োৱাৰ বাবে পৰিকল্পনা গ্ৰহণৰ নিৰ্দেশ দিছিল। ইয়াৰ ফলস্বৰূপে ‘টার্গেট অলিম্পিক প’ডিয়াম’ৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপৰ জৰিয়তে দেশৰ শীৰ্ষ খেলুৱৈসকলক উন্নত প্রশিক্ষণ, প্রস্তুতি আৰু আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাৰ বাবে প্রয়োজনীয় সহায় আগবঢ়োৱাৰ এক শক্তিশালী ব্যৱস্থা গঢ় লৈ উঠে।তেওঁ লগতে কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ -ছাত্ৰীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। এনে এখন ঐতিহ্যমণ্ডিত শৈক্ষিক প্ৰতিষ্ঠানৰ চৌহদত ‘খেলো ইণ্ডিয়া সম্বাদ’ অনুষ্ঠিত হোৱাটো অত্যন্ত তাৎপর্যপূর্ণ। এই কার্যসূচীয়ে বিশ্ববিদ্যালয়ৰ যুৱসমাজক ক্রীড়াৰ প্ৰতি অধিক উৎসাহিত কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাৰ বাবে নতুন প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্রকাশ কৰে৷