বজ্রপাত পৰি ভাঙিল প্ৰাণৰ শিল্পীৰ কাটআউট
ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে পুৱা সোণাপুৰৰ জুবিন ক্ষেত্রত ঘটিল এক অঘটন। বজ্ৰপাত পৰি ভাঙি পৰিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশাল কাটআউট। দুৰ্যোগৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা তিনিগৰাকী মহিলা সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়। পুৱা প্রায় ৫ বজাত জুবিন ক্ষেত্রত দীর্ঘদিন ধৰি সেৱা আগবঢ়াই অহা স্থানীয় কেইবাগৰাকী মহিলাই চৌহদটো চাফ-চিকুণ কৰি আছিল। তেনে সময়তে বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণ হয়। মহিলা কেইগৰাকীয়ে কাম এৰি নাম-প্ৰসংগ কৰা তিৰপালৰ অস্থায়ী তম্বুটোত থাকিবলৈ লয়। বিজুলী-ঢেৰেকনিৰে হোৱা মুষলধাৰ বৰষুণত তম্বুটোৰ ওচৰতে থকা এডাল চেগুন গছত বজ্ৰ পৰে। ফলত গছজোপাৰ ডাল ভাঙি যায় আৰু ডালসমূহ ছিটিকি পৰে। ইপিনে গছজোপাত লগাই থোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশাল কাটআউটৰ ওপৰৰ অংশ সম্পূর্ণ ভাঙি পৰে। বজ্ৰপাতৰ কাৰণে জুবিনক্ষেত্ৰৰ বিদ্যুৎ সেৱাও কিছু সময়ৰ বাবে ব্যাহত হৈ পৰে।
