ডিব্ৰুগড়ত ৰাখী বন্ধনৰ পবিত্ৰ দিনটোত আশা বৃদ্ধাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

ডিব্ৰুগড়ত ৰাখী বন্ধনৰ পবিত্ৰ দিনটোত আশা বৃদ্ধাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

এম হাছিম হাছিম,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাখী বন্ধনৰ পৱিত্ৰ দিন উপলক্ষে ডিব্ৰুগড়ৰ “আশা বৃদ্ধাশ্ৰম”ত উপস্থিত হৈ আশ্ৰমৰ মাতৃসকলৰ সৈতে  সময় কটালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই উপলক্ষে ডিব্ৰুগড়স্থিত হাতীমূৰা বৃদ্ধাশ্ৰমত থকা মাতৃসকলক বিচনা,লেপ-তুলি, গাৰু, বিভিন্ন খাদ্য সামগ্ৰী আৰু বস্ত্ৰকে ধৰি প্ৰয়োজনীয় সামগ্ৰী আদি আগবঢ়ায়। মাতৃসকলৰ সৈতে আন্তৰিকভাৱে মত-বিনিময় কৰাৰ লগতে তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আশ্ৰমখনৰ সেৱা- শুশ্ৰূষাৰ প্ৰশংসা কৰি তেওঁ কয় যে ২০২০ চনৰ পৰাই মঞ্জুলা বৰুৱাৰ নেতৃত্বত আশা বৃদ্ধাশ্ৰমে বিভিন্ন ঠাইৰ পৰা অহা মাতৃসকলক সেৱা-শুশ্ৰূষা আৰু আশ্ৰয় প্ৰদান কৰি আহিছে। মাতৃসকলক জীৱনৰ শেষ সময়- ছোৱাত যত্ন, মৰম আৰু মৰ্যাদা প্ৰদান কৰাটো সন্তান হিচাপে সকলোৰে দায়িত্ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, “মাতৃসকলতকৈ ডাঙৰ গুৰু আন কোনো হ’ব নোৱাৰে”।বৃদ্ধাশ্ৰমৰ মাতৃসকলৰ সান্নিধ্য লাভ কৰি তেওঁলোকৰ চৰণত মূৰ দোৱাই আশীৰ্বাদ গ্ৰহণ কৰি অত্যন্ত আনন্দিত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। আশা বৃদ্ধাশ্ৰমৰ নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত আগন্তুক দিনত চৰকাৰীভাৱে তথা ব্যক্তিগতভাৱেও সম্ভৱপৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে সোনোৱালে।মন্ত্ৰী গৰাকীৰ আগমনে আশ্ৰমৰ মাতৃসকলৰ মাজতো সৃষ্টি কৰে আনন্দৰ পৰিৱেশ। আশ্ৰমত থকা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ শৈশৱ কৈশোৰৰ বন্ধু (বৰ্তমান প্ৰয়াত) মাতৃ তথা চাবুৱাৰ এগৰাকী বিশিষ্ট প্ৰয়াত চিকিৎসকৰ‌ পত্নীয়ে কয় যে, পুত্ৰৰ মৃত্যুৰ পাছত ঘৰত অকলে থাকিবলগীয়া হোৱাত আৰু ঘৰ-দুৱাৰো জৰাজীৰ্ণ হৈ পৰাত তেওঁ বৃদ্ধাশ্ৰমলৈ আহে। মন্ত্ৰীগৰাকীসহ অহা লোকসকলে তেওঁৰ সৈতে কথা পতা আৰু মৰম-স্নেহ দেখুওৱাত তেওঁ আনন্দিত হোৱা বুলি প্ৰকাশ কৰে।উল্লেখযোগ্য যে, মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি আইগৰাকীৰ পুৰণি স্মৃতি সোঁৱৰণ কৰি আবেগিক হৈ পৰে । নিজৰ প্ৰয়াত পুত্ৰৰ হাইস্কুল আৰু কলেজীয়া দিনত এগৰাকী অন্যতম বন্ধু আছিল সৰ্বানন্দ সোণোৱাল। এসময়ত আৰ্থিকভাৱে স্বচ্ছল নথকা আৰু তেওঁৰ পুত্ৰৰ সৈতে ব্যৱসায় কৰা সৰ্বানন্দ আজি প্ৰতিষ্ঠিত হৈও তেওঁক পাহৰা নাই। খবৰ ল’বলৈ অহা আৰু মৰম-স্নেহ আগবঢ়োৱাৰ বাবে  মনৰ পৰা আশীৰ্বাদ দিয়ে আইগৰাকীয়ে। ৰাখী বন্ধনৰ দিনটোত আগবঢ়োৱা বিচনা-পত্ৰ, লেপ-তুলী, কাপোৰ-কানি আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ সহায়ে আশ্ৰমৰ মাতৃসকলৰ মাজত আনন্দৰ সৃষ্টি কৰে। মৰম, সন্মান আৰু আপোনত্বৰ এই পদক্ষেপে ৰাখী বন্ধনৰ মানৱীয় বাৰ্তাক অধিক অৰ্থৱহ কৰি তোলে। মন্ত্ৰী গৰাকীৰ সৈতে ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা আৰু অসম পেট্ৰ’ কেমিকেলৰ বিকুল ডেকা উপস্থিত থাকে।