ডিফুত জুবিন-কাৰ্বি শিল্পী সমাজৰ ফুটবল

ডিফুত জুবিন-কাৰ্বি শিল্পী সমাজৰ ফুটবল

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিফুস্থিত কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত জুবিন একাদশ আৰু কাৰ্বি আংলং চিনেমা শিল্পী সন্থাৰ মাজত অনুষ্ঠিত হোৱা প্ৰীতি মেচখনত কাৰ্বি চিনেমা শিল্পী সন্থাই জুবিন একাদশক ৫-১ গʼলৰ ব্যৱধানত পৰাস্ত কৰে। খেলৰ অন্তত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দুয়োটা দলকে বঁটা প্ৰদান কৰে। খেলত অংশগ্ৰহণ কৰি অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে নিজকে ফুটবলপ্ৰেমী বুলি অভিহিত কৰি ফুটবল আৰু সংগীতৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক থকা বুলি মন্তব্য কৰে। ইমান ডাঙৰ ষ্টেডিয়ামত কেতিয়াও ফুটবল খেলা নাই বুলি কয় জনপ্ৰিয় শিল্পী গৰাকীয়ে ৷ কাৰ্বি আংলং চিনেমা শিল্পী দলৰ অধিনায়ক তথা জনপ্ৰিয় কৌতুক শিল্পী ৰাজীৱ ক্ৰʼৱে খেলৰ জনপ্ৰিয়তা বৃদ্ধিৰ জৰিয়তে ড্ৰাগছকে আদি কৰি সমাজৰ ক্ষতিকাৰক দিশসমূহৰ পৰা আঁতৰি থকাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনোৱাৰ লগতে সকলোকে কʼৰʼনাৰ প্ৰতিষেধক গ্ৰহণৰ বাবে আহ্বান জনায়। আনহাতে, আজিৰ খেলখনৰ জৰিয়তে ডিফুত জনপ্ৰিয় শিল্পীসকলৰ সমাৱেশক লৈ পাহাৰীয়া চহৰখনত এক উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। জুবিন একাদশৰ খেল চাবলৈ আজি ডিফু ষ্টেডিয়ামত দহ সহস্ৰাধিক ৰাইজে ভিৰ কৰে ৷