টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ (টি আৰ টি চি), গুৱাহাটীৰ পাঠ্যক্ৰম, প্ৰশিক্ষণ আৰু কেৰিয়াৰৰ সুযোগ
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী
টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ (টি আৰ টি চি), গুৱাহাটী উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগসমূহৰ সঁজুলি, কাৰিকৰী প্ৰশিক্ষণ আৰু দক্ষ মানৱসম্পদৰ প্ৰয়োজন পূৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰে স্থাপন কৰা এটা গুৰুত্বপূৰ্ণ কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ। অসম চৰকাৰে কেন্দ্ৰটোৰ বাবে মাটি আৰু প্ৰাৰম্ভিক অট্টালিকা প্ৰদান কৰে। ২০০০ চনৰ ২৪ ফেব্ৰুৱাৰীত টি আৰ টি চি ভাৰত চৰকাৰৰ এটা ছ’চাইটি হিচাপে পঞ্জীয়ন হয়। আমিনগাঁও ঔদ্যোগিক এলেকা, উত্তৰ গুৱাহাটী পথত অৱস্থিত এই কেন্দ্ৰত প্ৰশাসনিক ভৱন, প্ৰশিক্ষণ ভৱন, আধুনিক কৰ্মশালা, জ্ঞান কেন্দ্ৰ, কৰ্মচাৰী আৱাস আৰু হোষ্টেল আদি সুবিধা আছে।
আধুনিক উৎপাদন প্ৰযুক্তিৰ সৈতে সংগতি ৰাখি ব্যৱহাৰিক, দক্ষতামুখী আৰু উদ্যোগৰ প্ৰয়োজনভিত্তিক কাৰিকৰী শিক্ষা প্ৰদান কৰাই টি আৰ টি চিৰ অন্যতম মূল উদ্দেশ্য। চি এ ডি/চি এ এম, চি এন চি মেচিনিং, প্ৰিচিচন মেচিনিং, মেচিন টুল অপাৰেচন, ৱেল্ডিং টেকন’লজি, পি এল চি আৰু অটোমেচন, আই টি তথা টুল, ডাই আৰু মল্ড মেনুফেকচাৰিং আদি ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ ক্ষেত্ৰ।
দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে ২০২৬–২৭ শিক্ষাবৰ্ষৰ পৰা টি আৰ টি চি, গুৱাহাটীয়ে ‘টুল এণ্ড ডাই মেকিং’ আৰু ‘মেকাট্ৰনিক্স’ নামৰ দুটা তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰম আগবঢ়াইছে। এই দুয়োটা পাঠ্যক্ৰম নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদৰ অনুমোদিত আৰু ৰাজ্যিক কাৰিকৰী শিক্ষা পৰিষদৰ সৈতে সংযুক্ত। দুয়োটা পাঠ্যক্ৰমতে শ্ৰেণীকোঠাৰ তাত্ত্বিক জ্ঞানৰ সৈতে আধুনিক কৰ্মশালা আৰু উদ্যোগমুখী ব্যৱহাৰিক প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয়।
তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰম ‘টুল এণ্ড ডাই মেকিং’ হৈছে ঔদ্যোগিক উৎপাদনত ব্যৱহৃত টুল, ডাই, মল্ড, জিগ আৰু ফিক্সচাৰৰ ডিজাইন, নিৰ্মাণ, ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ সৈতে জড়িত বিশেষায়িত কাৰিকৰী ক্ষেত্ৰ। পাঠ্যক্ৰমত টুল আৰু ডাই ডিজাইন, মল্ড মেনুফেকচাৰিং, প্ৰিচিচন মেচিনিং, ইঞ্জিনিয়াৰিং ড্ৰয়িং, চি এ ডি/চি এ এম, চি এন চি মেচিনিং, প্ৰিচিচন মেজাৰমেণ্ট, মেনুফেকচাৰিং প্ৰচেছ আৰু টুল মেইনটেনেন্সৰ জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা প্ৰদান কৰা হয়। প্ৰিচিচন মেচিনিং, টুল ডিজাইন, ডাই-মল্ড নিৰ্মাণ আৰু মেনুফেকচাৰিং প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীৰ বাবে এই পাঠ্যক্ৰম বিশেষভাৱে উপযোগী।
তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰম ‘মেকাট্ৰনিক্স’ হৈছে মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেনটেচন, কণ্ট্ৰল চিষ্টেম আৰু অটোমেচনৰ সমন্বয়ে গঠিত এটা আন্তঃশাখা কাৰিকৰী ক্ষেত্ৰ। উদ্যোগত স্বয়ংক্ৰিয় মেচিন, ৰবটিক্স, চেন্সৰ, পি এল চি আৰু কম্পিউটাৰ-নিয়ন্ত্ৰিত উৎপাদন ব্যৱস্থাৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে এই ক্ষেত্ৰখনৰ গুৰুত্বও বৃদ্ধি পাইছে। পাঠ্যক্ৰমত ইণ্ডাষ্ট্ৰিয়েল অটোমেচন, ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক ব্যৱস্থা, পি এল চি, কণ্ট্ৰল চিষ্টেম, চেন্সৰ, মেচিন মেইনটেনেন্স, ৰবটিক্স, চি এন চি আৰু স্বয়ংক্ৰিয় মেচিনৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়।
দুয়োটা ডিপ্লমা পাঠ্যক্ৰমৰ বাবে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে গণিত আৰু বিজ্ঞান বিষয় অধ্যয়ন কৰা প্ৰয়োজন। সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ মুঠ নম্বৰ নূন্যতম ৫০ শতাংশ আৰু অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীৰ বাবে নূন্যতম ৪০ শতাংশ নম্বৰ থাকিব লাগে।
সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স নামভৰ্তিৰ বৰ্ষৰ ১ জুলাইত ১৫ৰ পৰা ২২ বছৰৰ ভিতৰত হ’ব লাগে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে উচ্চ বয়সৰ সীমাত নিৰ্ধাৰিত ৰেহাই প্ৰযোজ্য। নামভৰ্তিৰ বৰ্ষৰ ১ জুলাইৰ হিচাপত তেওঁলোকৰ সৰ্বোচ্চ বয়স ২৫ বছৰ হ’ব পাৰে, যদিহে সংশ্লিষ্ট নিয়ম আৰু জন্মতাৰিখৰ চৰ্ত পূৰণ কৰে। বয়সৰ ৰেহাই দাবী কৰা প্ৰাৰ্থীয়ে বৈধ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।
নামভৰ্তি লিখিত পৰীক্ষাৰ জৰিয়তে কৰা হয় আৰু পৰীক্ষাত মূলতঃ অবজেক্টিভ টাইপ প্ৰশ্ন থাকে। সেয়েহে প্ৰাৰ্থীসকলে দশম শ্ৰেণীৰ গণিত আৰু বিজ্ঞানৰ মৌলিক বিষয়সমূহ ভালদৰে পুনৰাবৃত্তি কৰাৰ লগতে বস্তুনিষ্ঠ প্ৰশ্ন সমাধানৰ অভ্যাস কৰা উচিত।
ডিপ্লমাৰ উপৰি টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ (টি আৰ টি চি)য়ে বিভিন্ন আধুনিক আৰু উদীয়মান ক্ষেত্ৰত দক্ষতামুখী প্ৰশিক্ষণ আগবঢ়ায়। ইয়াৰ ভিতৰত থ্ৰীডি এনিমেটৰ এছিষ্টেণ্ট, আৰ্টিফিচিয়েল ইন্টেলিজেন্স এপ্লিকেচন ডেভেলপাৰ আৰু চিস্কো চাৰ্টিফাইড নেটৱৰ্ক এছ’চিয়েট (চিচিএনএ) উল্লেখযোগ্য। এই পাঠ্যক্ৰমসমূহে এনিমেচন, মাল্টিমিডিয়া, কৃত্ৰিম বুদ্ধিমত্তা, চফটৱেৰ, কম্পিউটাৰ নেটৱৰ্কিং আৰু আই টি আন্তঃগাঁথনিৰ দৰে ক্ষেত্ৰত কেৰিয়াৰৰ পথ মুকলি কৰে।
‘থ্ৰীডি এনিমেটৰ এছিষ্টেণ্ট’ পাঠ্যক্ৰমটো এনিমেচন, মাল্টিমিডিয়া, ভিজুৱেল কনটেণ্ট আৰু ডিজিটেল মিডিয়াৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীৰ বাবে উপযোগী। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে আৰু পাঠ্যক্ৰমৰ সময়সীমা ৬০০ ঘণ্টা। সফলভাৱে সম্পূৰ্ণ কৰাৰ পিছত থ্ৰীডি এনিমেচন এছিষ্টেণ্ট, থ্ৰীডি মডেলিং এছিষ্টেণ্ট, এনিমেচন আৰ্টিষ্ট, মাল্টিমিডিয়া এছিষ্টেণ্ট, ভিজুৱেল ইফেক্টছ এছিষ্টেণ্ট আৰু ডিজিটেল কনটেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। এনিমেচন ষ্টুডিঅ’, বিজ্ঞাপন সংস্থা, চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰডাকচন, গেমিং আৰু ডিজিটেল কনটেণ্ট উদ্যোগতো সুযোগ আছে।
‘আৰ্টিফিচিয়েল ইন্টেলিজেন্স এপ্লিকেচন ডেভেলপাৰ’ পাঠ্যক্ৰমটো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰিক প্ৰয়োগৰ ওপৰত কেন্দ্ৰিত। ডিপ্লমা বা যিকোনো স্নাতক অৰ্হতা থকা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে আৰু ইয়াৰ সময়সীমা ৫৪০ ঘণ্টা। এআইৰ ব্যৱহাৰ আই টি, বিত্ত, স্বাস্থ্যসেৱা, উৎপাদন, শিক্ষা, ই-কমাৰ্চ আৰু ব্যৱসায়িক সেৱাত বৃদ্ধি পোৱাৰ বাবে এই ক্ষেত্ৰত নতুন কেৰিয়াৰৰ সুযোগ সৃষ্টি হৈছে। পাঠ্যক্ৰমৰ পিছত এআই এপ্লিকেচন ডেভেলপাৰ, এআই/এমএল চাপৰ্ট এছ’চিয়েট, পাইথন ডেভেলপাৰ, অটোমেচন এছিষ্টেণ্ট, ডাটা/এআই এপ্লিকেচন এছিষ্টেণ্ট আৰু জুনিয়ৰ এআই ডেভেলপাৰ আদি পদত কেৰিয়াৰ আৰম্ভ কৰিব পাৰি। পাইথন, মেচিন লাৰ্নিং, ডাটা চাইন্স, ক্লাউড কম্পিউটিং, অটোমেচন আৰু জেনেৰেটিভ এআইৰ দক্ষতাই আগলৈ অধিক সুযোগ সৃষ্টি কৰিব পাৰে।
‘চিস্কো চাৰ্টিফাইড নেটৱৰ্ক এছ’চিয়েট (চিচিএনএ)’ পাঠ্যক্ৰমটো কম্পিউটাৰ নেটৱৰ্কিং, আই টি আন্তঃগাঁথনি আৰু নেটৱৰ্ক এডমিনিষ্ট্ৰেচনৰ প্ৰতি আগ্ৰহী প্ৰাৰ্থীৰ বাবে উপযোগী। ইয়াৰ সময়সীমা ৪৮০ ঘণ্টা। যোগ্যতা অনুসৰি দশম শ্ৰেণীৰ সৈতে তিনি বছৰীয়া ডিপ্লমা, স্নাতক বা কাৰিকৰী স্নাতক পৰ্যায়ৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে। প্ৰশিক্ষণত নেটৱৰ্ক, কনেক্টিভিটি, ট্ৰাবলছুটিং আৰু নেটৱৰ্ক এডমিনিষ্ট্ৰেচনৰ ব্যৱহাৰিক জ্ঞান দিয়া হয়। নেটৱৰ্ক চাপৰ্ট টেকনিচিয়ান, নেটৱৰ্ক টেকনিচিয়ান, আই টি চাপৰ্ট এক্সিকিউটিভ, টেকনিকেল চাপৰ্ট এছ’চিয়েট, নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰ আৰু জুনিয়ৰ নেটৱৰ্ক ইঞ্জিনিয়াৰ আদি পদত প্ৰৱেশৰ সুযোগ থাকিব পাৰে। অভিজ্ঞতা আৰু অতিৰিক্ত প্ৰমাণপত্ৰৰ জৰিয়তে নেটৱৰ্ক ইঞ্জিনিয়াৰিং, চিষ্টেম এডমিনিষ্ট্ৰেচন আৰু চাইবাৰছিকিউৰিটিৰ দৰে ক্ষেত্ৰলৈও আগবাঢ়িব পাৰি।
টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ (টি আৰ টি চি)য়ে মেনুফেকচাৰিং, মেচিনিং, ৱেল্ডিং, ফিটিং, ইলেক্ট্ৰিকেল আৰু কম্পিউটাৰ প্ৰযুক্তিৰ সৈতে জড়িত বিভিন্ন আই টি আই ট্ৰেডো আগবঢ়ায়। এই পাঠ্যক্ৰমসমূহ ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিভিইটি) অথবা ৰাজ্যিক বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ (এছচিভিটি)ৰ অধীনত পৰিচালিত হয়।
ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিভিইটি)ৰ অধীনত ‘মেচিনিষ্ট’ হৈছে দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে দুবছৰীয়া পাঠ্যক্ৰম। ইয়াত মেচিনিং অপাৰেচন, মেচিন টুল, মেজাৰমেণ্ট টেকনিক আৰু প্ৰিচিচন কম্পোনেণ্ট নিৰ্মাণৰ দক্ষতা বিকাশ কৰা হয়। ‘টাৰ্নাৰ’ও দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে দুবছৰীয়া পাঠ্যক্ৰম, য’ত লেথ অপাৰেচন, কাটিং টুল, টাৰ্নিং প্ৰচেছ আৰু প্ৰিচিচন কম্পোনেণ্ট নিৰ্মাণৰ প্ৰশিক্ষণ দিয়া হয়। ‘ৱেল্ডাৰ’ হৈছে অষ্টম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে এবছৰীয়া পাঠ্যক্ৰম। ইয়াত ৱেল্ডিং টেকনিক, সঁজুলি, মেটাল প্ৰিপাৰেচন, বেছিক ফেব্ৰিকেচন আৰু কৰ্মক্ষেত্ৰৰ সুৰক্ষাৰ ওপৰত ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়।
ৰাজ্যিক বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ (এছচিভিটি)ৰ অধীনত ‘মেচিনিষ্ট’ আৰু ‘ফিটাৰ’ দুয়োটা দুবছৰীয়া পাঠ্যক্ৰম আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে। ফিটাৰ পাঠ্যক্ৰমত মেজাৰিং, মাৰ্কিং, কাটিং, ফাইলিং, ড্ৰিলিং, ফিটিং, এছেম্বলিং আৰু মেচিন মেইনটেনেন্সৰ দক্ষতা বিকাশ কৰা হয়। ‘ইলেক্ট্ৰিচিয়ান’ হৈছে দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে দুবছৰীয়া পাঠ্যক্ৰম, য’ত ইলেক্ট্ৰিকেল ৱায়াৰিং, চাৰ্কিট, ইলেক্ট্ৰিকেল মেচিন, মটৰ, সঁজুলি স্থাপন, ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা পদ্ধতিৰ প্ৰশিক্ষণ দিয়া হয়। কম্পিউটাৰ আৰু ডিজিটেল প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীৰ বাবে ‘ক’পা (কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট)’ হৈছে এটা এবছৰীয়া পাঠ্যক্ৰম। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে। ইয়াত কম্পিউটাৰ অপাৰেচন, ডাটা এণ্ট্ৰি, অফিচ এপ্লিকেচন, ডিজিটেল টুল আৰু ইণ্টাৰনেট ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়।
টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ (টি আৰ টি চি)ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ উপৰিও ইয়াৰ প্ৰডাকচন উইঙে উদ্যোগৰ প্ৰয়োজন অনুসৰি প্ৰেছ টুল, মল্ড, জিগ, ফিক্সচাৰ, গেজ আৰু অন্যান্য প্ৰিচিচন কম্পোনেণ্ট নিৰ্মাণ কৰে। চি এন চি আৰু চি এ এম প্ৰযুক্তি ব্যৱহাৰ কৰি উচ্চ-নিখুঁত মেচিন পাৰ্টছ নিৰ্মাণৰ লগতে ডাই আৰু টুলৰ মেৰামতি, ৰি-শাৰ্পেনিং আৰু মেইনটেনেন্সো কৰা হয়। আধুনিক উৎপাদন প্ৰযুক্তি, প্ৰিচিচন মেচিনিং সুবিধা আৰু এম এছ এম ই খণ্ডৰ বাবে পৰামৰ্শদাতা সেৱাৰ জৰিয়তে কেন্দ্ৰটোৱে উদ্যোগিক বিকাশতো সহায় কৰে।
টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ (টি আৰ টি চি)ৰ বিভিন্ন পাঠ্যক্ৰমে মেনুফেকচাৰিং, মেচিনিং, ইঞ্জিনিয়াৰিং, অটোমেচন, আই টি, নেটৱৰ্কিং, এনিমেচন আৰু অন্যান্য কাৰিকৰী ক্ষেত্ৰত কেৰিয়াৰ গঢ়াৰ সুযোগ সৃষ্টি কৰে।
ডিপ্লমা পাঠ্যক্ৰম‘টুল এণ্ড ডাই মেকিং’ সম্পূৰ্ণ কৰা শিক্ষাৰ্থীয়ে টুল এণ্ড ডাই মেকাৰ, টুল ডিজাইনাৰ, ডাই-মল্ড টেকনিচিয়ান, চি এন চি অপাৰেটৰ, চি এন চি প্ৰগ্ৰামাৰ, প্ৰিচিচন মেচিনিষ্ট, চি এ ডি/চি এ এম টেকনিচিয়ান, প্ৰডাকচন টেকনিচিয়ান, কোৱালিটি কণ্ট্ৰ’ল টেকনিচিয়ান আৰু মেইনটেনেন্স টেকনিচিয়ান হিচাপে কাম কৰিব পাৰে। অটোমোবাইল, অভিযান্ত্ৰিক, টুল ৰুম, প্ৰিচিচন ইঞ্জিনিয়াৰিং আৰু ডাই-মল্ড মেনুফেকচাৰিং খণ্ডত ইয়াৰ চাহিদা আছে।
ডিপ্লমা পাঠ্যক্ৰম ‘মেকাট্ৰনিক্স’ সম্পূৰ্ণ কৰা শিক্ষাৰ্থীয়ে মেকাট্ৰনিক্স টেকনিচিয়ান, অটোমেচন টেকনিচিয়ান, পি এল চি টেকনিচিয়ান, চি এন চি টেকনিচিয়ান, ৰবটিক্স টেকনিচিয়ান, কণ্ট্ৰল চিষ্টেম টেকনিচিয়ান, ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰিকেল টেকনিচিয়ান, প্ৰডাকচন টেকনিচিয়ান আৰু অটোমেচন মেইনটেনেন্স টেকনিচিয়ান আদি পদত সুযোগ লাভ কৰিব পাৰে।
একেদৰে থ্ৰীডি এনিমেটৰ এছিষ্টেণ্ট, এআই এপ্লিকেচন ডেভেলপাৰ, চিচিএনএ আৰু আই টি আই ট্ৰেডসমূহে শিক্ষাৰ্থীৰ অৰ্হতা আৰু দক্ষতা অনুসৰি চাকৰি তথা স্ব-নিয়োজনৰ সম্ভাৱনা সৃষ্টি কৰে।
কাৰিকৰী শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতো দক্ষতা উন্নয়নৰ সুযোগ অব্যাহত থাকে। প্ৰযোজ্য নিয়ম অনুসৰি শিক্ষাৰ্থীয়ে চি এ ডি/চি এ এম, চি এন চি প্ৰগ্ৰামিং, ৰবটিক্স, পি এল চি, ইণ্ডাষ্ট্ৰিয়েল অটোমেচন, কোৱালিটি কণ্ট্ৰ’ল আৰু এডভান্সড মেনুফেকচাৰিং আদি ক্ষেত্ৰত অধিক বিশেষায়িত দক্ষতা আহৰণ কৰিব পাৰে। অতিৰিক্ত টেকনিকেল চাৰ্টিফিকেচন, ব্যৱহাৰিক প্ৰজেক্ট, ইণ্টাৰ্নশ্বিপ আৰু ঔদ্যোগিক অভিজ্ঞতাই চাকৰিৰ সম্ভাৱনা আৰু কেৰিয়াৰৰ অগ্ৰগতি অধিক শক্তিশালী কৰে।
সামগ্ৰিকভাৱে, টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ (টি আৰ টি চি), গুৱাহাটীয়ে শিক্ষাৰ্থীৰ বাবে পৰম্পৰাগত কাৰিকৰী শিক্ষাৰ পৰা আধুনিক ডিজিটেল প্ৰযুক্তিলৈকে এক বিস্তৃত কেৰিয়াৰ পৰিসৰ আগবঢ়াইছে। সেয়েহে পাঠ্যক্ৰম নিৰ্বাচনৰ সময়ত কেৱল চাকৰিৰ সম্ভাৱনা নহয়, নিজৰ শৈক্ষিক অৰ্হতা, আগ্ৰহ, যোগ্যতা, ব্যৱহাৰিক দক্ষতা আৰু দীৰ্ঘম্যাদী কেৰিয়াৰ লক্ষ্যও বিবেচনা কৰা উচিত। সঠিক পাঠ্যক্ৰম, নিয়মীয়া অনুশীলন আৰু উদ্যোগমুখী দক্ষতাৰ সমন্বয়ে শিক্ষাৰ্থীক এক সুদৃঢ় আৰু সম্ভাৱনাময় কেৰিয়াৰ গঢ়াত সহায় কৰিব পাৰে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে ।
