অসমত এডালো গছ নথকা বহু সংৰক্ষিত বনাঞ্চল আছেঃবনমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰো বিস্ফোৰক অভিযোগ। বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ দাবী, অসমত এডালো গছ নথকা বহু সংৰক্ষিত বনাঞ্চল আছে। গোৱালপাৰাৰ দৰে চহৰো সংৰক্ষিত বনাঞ্চলৰ ভিতৰত গঢ়ি উঠিছে। এতিয়াও সংৰক্ষিত বনাঞ্চলৰে হয় গোৱালপাৰা চহৰখন থকা অঞ্চলটো। বন মন্ত্ৰীগৰাকীৰ এই দাবীক লৈ স্বাভাৱিকতে মিশ্ৰিত প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীৰ সেউজ ফেল’শ্বিপৰ জৰিয়তে গঠন হোৱা গ্রীন টাস্ক ফ’ৰ্টৰ শিক্ষাৰ্থীসকলৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত বনাঞ্চলৰ এনে উদ্বেগজনক বহু তথ্য দাঙি ধৰে বনমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়-বর্তমান প্ৰকৃতিৰ বাবে কথা কোৱা মানুহ বহুত, কিন্তু আমাক কাম কৰা মানুহ লাগে। জীৱনত গছপুলি এডাল ৰুই নোপোৱা একাংশ লোকে এতিয়া প্ৰকৃতিৰ কথা কয়। তেওঁলোকে ইক’ ছেনছিটিভ জ’ন বুজিয়ে নাপায়, কিন্তু ইক’ ছেনছিটিভজ’নক লৈ আন্দোলন কৰিবলৈ ওলাই আহে। বৈধভাৱে সংৰক্ষিত বনাঞ্চলত কোনেও ঘৰ সাজিব নোৱাৰে। কিন্তু একাংশ মানুহে অবৈধভাৱে ঘৰ সাজি বহু সংৰক্ষিত বনাঞ্চল ধ্বংস কৰিছে। এতিয়া আমাৰ চৰকাৰে বহু সংৰক্ষিত বনাঞ্চলৰ মাটি ঘূৰাই আনি পুনৰ বনাঞ্চললৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে। বনমন্ত্ৰীগৰাকীয়ে আজি ইয়াকো উল্লেখ কৰে যে বহনক্ষম আৰু জলবায়ু সহনশীল ৰাজ্য হিচাপে গঢ়িবলৈ নিশ্চিতভাৱে নির্মাণ হ’বই। এনে নিৰ্মাণৰ বাবে শিল-বালি খনন হ’বই। মন্ত্ৰীগৰাকীয়ে কয়- আজি গুৱাহাটীৰ চাৰিওফালে ৰিংৰোড নিৰ্মাণ হ’বলৈ লৈছে। এই নিৰ্মাণৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে যে আগন্তুক সময়ছোৱাত প্রায় ডেৰশৰো অধিক শিল-বালিৰ মহল আবণ্টন দিয়া হ’ব। ইয়াৰ বাবে আইনগত নিবিদা আহ্বান কৰা হ’ব। মন কৰিবলগীয়া যে আজি মুখ্যমন্ত্ৰীৰ সেউজ ফেল’শ্বিপৰ জৰিয়তে গঠন হোৱা গ্রীন টাস্ক ফ’ৰ্চ আনুষ্ঠানিকভাৱে মুকলি কৰি শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি বনমন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে সেউজ আৱৰণ বৃদ্ধি আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য বাস্তৱায়িত কৰিবলৈ জনসাধাৰণৰ সক্রিয় অংশগ্রহণ, বৈজ্ঞানিক দৃষ্টিভংগী আৰু বাস্তৱসন্মত পৰিৱেশমূলক পদক্ষেপৰ প্ৰয়োজন। মন্ত্ৰীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰ সেউজ ফেল’শ্বিপৰ সফলতা কেৱল আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ সুযোগ লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যাৰে মূল্যায়ন কৰিব নোৱাৰি। বৰং তেওঁলোকে আহৰণ কৰা জ্ঞান আৰু অভিজ্ঞতা অসমৰ পৰিৱেশ সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানত কিমান ফলপ্রসূভাৱে প্ৰয়োগ কৰিব পাৰে সেয়াহে গুৰুত্বপূৰ্ণ।
