পূৰবী ৰয়ক মহিলা মৰ্চাৰ নতুন সভাপতি হিচাপে নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে পূৰবী ৰয়ক নিযুক্তি দিয়া হৈছে ৷ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা পূৰবী ৰয়ক তৎকালে কাৰ্যকৰী হোৱাকৈ এই পদত নিযুক্তি প্রদান কৰা হয় । শনিবাৰে এক বিবৃতিযোগে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই কথা প্ৰকাশ কৰিছে ৷ বিবৃতিটোত শইকীয়াই উল্লেখ কৰে, ভাৰতীয় জনতা পার্টী, মহিলা মর্চা, অসম প্রদেশৰ ৰাজ্যিক সভানেত্ৰীৰূপে দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা শ্রীমতী পূৰবী ৰয়ক তৎকালে কাৰ্যকৰী হোৱাকৈ নিযুক্তি প্রদান কৰা হ’ল । আপোনাক প্ৰদান কৰা এই গুৰু দায়িত্ব নিষ্ঠা আৰু সক্ৰিয়তাৰে আগবঢ়াই নিব বুলি বিশ্বাস ব্যক্ত কৰিলো লগতে আপোনালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো । দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা পূৰবী ৰয়ক অসম বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাবে দায়িত্বভাৰ দিয়াৰ পাছতে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলেও তেওঁক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ৷ ইফালে নতুন দায়িত্ব লাভৰ পাছত পূৰবী ৰয়ে কয়- আজি সঁচাকৈ ভাল লগা দিন। এই দায়িত্ব লাভৰ পিছত মই যথেষ্ট আৱেগিক হৈছোঁ। কাৰণ যোৱা ১২টা বছৰে বিজেপিত কাম কৰি থকাৰ লগতে যোৱা ৭ বছৰ মহিলা মৰ্চাৰ লগত জড়িত হৈ আছোঁ। যোৱা তিনিটা কার্যকাল মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকাৰ দায়িত্বত থকাৰ এই যাত্ৰা সঁচাকৈ ভাল লগা। এনে দীঘলীয়া সময়ৰ পিছত আজি দলে যি প্রাপ্য সম্মান দিছে, তাৰ কাৰণে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিজেপিৰ পতাকাখন যাতে সদায় ওপৰত ৰাখিব পাৰোঁ, সেই লক্ষ্যৰে আগন্তুক দিনত মই কাম কৰি যাম।
