বিচ্ছেদ – প্ৰভাত বণিয়া

Pc StockCake

বিচ্ছেদ

প্ৰভাত বণিয়া

মায়াবী জীৱন মায়াত নিমজ্জিত
দিশহাৰা স্বপ্নীল পৃথিৱীৰ কায়া
অসাৰ সৌন্দৰ্য-সুষমা,
হাঁহি-কান্দোন ,পথৰুৱা বাঁহীৰ সুৰ

টোপ টোপ
বৰষুণৰ টোপাল সৰা নাই
শিলাময় হৃদয়
আকাশ শূণ্য তৰাফুল নুফুলে
সুখ আৰু দুখ একাকাৰ
একলা দুকলাকৈ বাঢ়িছে ক্ৰমশ: আমাৰ বিৰহৰ দুৰ্ঘোৰ
নিশা।