হৰি নামৰ ধ্বনি নামঘৰে নামঘৰে” কাৰণ এয়া যে ভাদৰেই প্ৰশান্তি – কল্পনা দত্ত 

হৰি নামৰ ধ্বনি নামঘৰে নামঘৰে” কাৰণ এয়া যে ভাদৰেই প্ৰশান্তি 

কল্পনা দত্ত 
লুইত নগৰ ,নুনমাটি, গুৱাহাটী 

অসমীয়া সমাজ জীৱনত ভাদ মাহৰ স্থান আটাইতকৈ সুকীয়া আৰু পবিত্ৰ। এই সময়ছোৱাত সমগ্ৰ অসম জুৰি এক অপূৰ্ব আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয়। গাঁৱে-ভূঞে, চহৰে-নগৰে থকা প্ৰতিখন নামঘৰৰ পৰা ভাঁহি আহে ডবা, কাঁহ, শংখ আৰু তালৰ শব্দ। ইয়াৰ লগতে এক সুৰত বাজি উঠে— “হৰি নামৰ ধ্বনি নামঘৰে নামঘৰে। “

এই ধৰ্মীয় আৰু সাংস্কৃতিক জাগৰণে অসমীয়া প্ৰাণক ভক্তিৰসেৰে আপ্লুত কৰি তোলে। ভাদ মাহক পবিত্ৰ জ্ঞান কৰাৰ লগতে এই মাহটিত নামঘৰত ভগৱানক আৰাধনা কৰাৰো সুকীয়া তাৎপৰ্য আছে। বিশেষকৈ

অসমীয়া সমাজ আৰু সংস্কৃতিৰ দুই কাণ্ডাৰী, যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি এই মাহতে পৰে। ইয়াৰ উপৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্মমাহ হোৱা বাবে মাহজুৰি চলা এনে ভক্তি-অৰ্চনা অত্যন্ত সুন্দৰ লগতে জাতীয় স্ংস্কৃতিৰো পৰিচায়ক। সেয়েহে এই সমগ্ৰ মাহটোত অসমীয়া বৈষ্ণৱ সমাজে ভগৱানৰ চৰণত নিজক বিলীন কৰি দিয়ে।নামঘৰৰ ভক্তিৰস আৰু পৰিবেশে ভাদ মাহ অহাৰ লগে লগে অসমৰ সকলোতে থকা নামঘৰসমূহ সজীৱ হৈ উঠে। ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে নিতৌ গা-পা ধুই পবিত্ৰ অন্তৰেৰে নামঘৰলৈ ঢাপলি মেলে। নামঘৰৰ মজিয়াত থকা গুৰু আসনৰ সমুখত বন্তি জ্বলাই, শৰাই আগবঢ়াই সকলোৱে একলগে আঁঠু লয়।তাৰ পিছত আৰম্ভ হয় ভগৱানৰ গুণানুকীমাৰ্তন। মহাপুৰুষ শংকৰ-মাধৱে ৰচনা কৰি যোৱা কীৰ্তন ঘোষা, নামঘোষা, গুণমালা আদিৰ পবিত্ৰ ফাঁকিবোৰ বৈষ্ণৱসকলৰ কণ্ঠত প্ৰাণ পাই উঠে আৰু বৈকুণ্ঠপুৰী সদৃশ কৰি তোলে। নামৰ শেষত প্ৰদান কৰা মাহ-প্ৰসাদৰ সুগন্ধই সমগ্ৰ পৰিবেশটোক আৰু অধিক পবিত্ৰ কৰি তোলে।সামাজিক একতাৰ প্ৰতীকভাদ মাহৰ এই নাম-প্ৰসংগই কেৱল ধৰ্মীয় ভাৱেই জগাই নোতোলে বৰঞ্চ ই অসমীয়া সমাজৰ একতা আৰু ভাতৃত্ববোধকো সুদৃঢ় কৰে। নামঘৰৰ মজিয়াত কোনো ধনী-দুখীয়া, উচ্চ-নীচৰ ভেদভাৱ নাথাকে। সকলোৱে একেলগে বহি হৰি নাম গায়। গাঁৱৰ কোনোবা ঘৰত কিবা অমংগল হ’লে বা সমাজৰ কল্যাণৰ বাবে নামঘৰত সমূহীয়া প্ৰাৰ্থনা কৰা হয়। ইয়াৰ জৰিয়তে সমাজত শান্তি, সম্প্ৰীতি আৰু মৰম-চেনেহৰ এক এনাজৰী গঢ়ি উঠে।

অসমীয়া কৃষিজীৱি মানুহে ভাদ মাহত কৃষি কৰ্মৰ পৰা আহৰি পায়। এই মাহৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈছিল বাবে শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱৰ সময়ত এক উজ্জ্বল জ্যোতিয়ে প্ৰকৃতিৰ ৰূপ অতুলনীয় কৰি তুলিছিল। তেওঁক আৱৰ্ত কৰিয়েই গঢ় লৈ উঠিছিল নৱ বৈষ্ণৱ ধৰ্ম আৰু অসমীয়া সংস্কৃতিৰ এটি নৱযুগ। অসমত নৱবৈষ্ণৱ ধৰ্ম বা একশৰণ নামধৰ্মৰ বীজ ৰোপণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। তেখেতৰ এই ৰসময়ী ভক্তিময়ী ধাৰাই অসমীয়া সমাজ জীৱনক সুপ্ৰতিষ্ঠিত কৰি বৰ্ণ ভেদা-ভেদ নিৰ্মুল কৰি সুশৃংখল ৰূপে গঢ়ি তুলিবলৈ প্ৰতিষ্ঠা কৰিছিল সত্ৰ আৰু নামঘৰ। পৰৱৰ্তী কালত এই সত্ৰ আৰু নামঘৰতেই নাম কীৰ্তনৰ ভক্তি ৰস বিয়পি পৰিছিল আৰু সেই পৰম্পৰা এতিয়াও এই ভাদৰ মাহতেই প্ৰচলিত হৈ আছে।

“হৰি নামৰ ধ্বনি নামঘৰে নামঘৰে”— এইয়া কেৱল এটা বাক্য নহয়, এয়া অসমীয়া সংস্কৃতিৰ প্ৰাণস্পন্দন। ভাদ মাহে অসমীয়া মানুহৰ মনৰ কালিমা দূৰ কৰি এক পবিত্ৰ আৰু পোহৰময় পথৰ সন্ধান দিয়ে। যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যাব খোজা মানৱীয় মূল্যবোধক এই মাহটোৱে পুনৰ সজীৱ কৰি তোলে। মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি আৰু হৰি নামৰ এই অমৃত ৰসে অসমীয়া সমাজখনক যুগ যুগ ধৰি পবিত্ৰ আৰু ঐক্যবদ্ধ কৰি ৰখাৰ লগতে গুৰুজনাৰ অৱদান নাম-কীৰ্তনৰ ধ্বনিয়ে সকলোৰে মনলৈ ভক্তি ভাৱ আনে।

ভাদ মাহৰ পবিত্ৰ ক্ষণত প্ৰতিজন অসমীয়াৰ বাবে মহাপুৰুষ দুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই এফাঁকি প্ৰাৰ্থনাৰে সামৰিলোঁ —

  শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু,
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু ।