জোনাকৰ গধুলি
প্ৰভাত বণিয়া
ফৰিং ফুটা জোনাকৰ গধুলি ঢাৰি পাৰি চোতালত
আইতাৰ সাধু শুনা দিনবোৰ কেনি হেৰাল
সহজ সৰল মোহনীয় সোণালী সুদিন আজি অতীত হল
শৈশৱৰ স্মৃতিয়ে বুকুখন গধুৰ কৰি তুলিছে
বিচাৰি নাপাওঁ আই বোপাইৰ স্নেহ আবদাৰ,
কণ ভাইটী-ভন্টীহঁতৰ মৌ বৰষা মাত
সৰগৰ অমৃত সুধা
সময়ৰ বুকুত বিলীন হ’ল।
প্ৰাণপ্ৰাচুৰ্য্যৰ দিন, হাঁহি ভৰা আবেলি জোন গলা আকাশ
পথাৰ শুৱনি ধাননি
মনোমোহা আমাৰ গাওখনি
পানী ভৰা একাবেকা নদীখন
হৰি নামৰে মুখৰিত গাঁৱৰ গোঁসাই ঘৰ
মাটিৰ চাকি-বন্তিৰে সুশোভিত নঙলা মুখ
সপোন সপোন লগা হ’ল সোণালী সুদিন
মৰহি গল
গাঁৱৰ ঐতিহ্য বৈভৱ।
