জুবিনদা, নাহৰ জোপা ফুলিবনে – ৱাহিদ আহমেদ

Pc The Indian Express

জুবিনদা, নাহৰ জোপা ফুলিবনে

ৱাহিদ আহমেদ

কাটাৰ, ডোহা
জুবিনদা নথকা প্ৰথমটো ব’হাগ
মৰহি যোৱা মনৰ
কিমান যে প্ৰত্যাশা
ভাষাবোৰ মনতে নপৰে
জুবিনদা বুলিলে চকুলো সৰে,
জুবিনদাৰ দেশত বসন্ত আহিছে
ৰাংঢালীৰ ব’হাগ ৰঙালী হৈ অহা নাই
এইবাৰ ব’হাগ উকা সাজত
বন্তি জ্বলাই জাতিক
একত্ৰিত কৰি জগাবলৈহে আহিছে,
জুবিনদাৰ নাহৰ জোপা ফুলিছে
ৰঙালীৰ আকাশখনত কিন্তু
ব’হাগবোৰ আমনজিমনকৈ আছে,
জুবিনদাৰ অনুপস্থিতিত
ব’হাগবোৰ ৰঙীন হোৱা নাই,
মনৰ মাজত দুখৰ সমাধিয়ে
এটা কথাকে কৈছে
সোণাপুৰত ব’হাগৰ ৰাতিবোৰে
উচুপি উচুপি কান্দিছে,
সেয়ে আগৰ দৰে ৰঙালীবোৰে
অসমীয়াৰ বুকুত গজালি মেলা নাই
নাহৰ তগৰ ফুলিছে যদিও
ৰঙালীৰ দৰে সুবাস বিলোৱা নাই
জুবিনদাৰ বুকুত ফুলা নাহৰজোপা
আৰু অসমীয়াৰ বুকুত গজি উঠা
নাহৰজোপা একেই নহয়,
জুবিনদাৰ নাহৰজোপা জাতিৰ শিপা,
জাতিৰ বুকুত গজি উঠা জোপা আবেগ
এতিয়া সময় শিপাক খামুচি ধৰাৰ
এই সময় শিপাডাল মজবুতকৈ
আৱৰি ৰখাৰ…
এই শিপাডালত আমি লিখিম
জাতীয় জীৱনৰ ভৱিষ্যত
ইয়াত লিখিম ঐক্যৰ এনাজৰী
জুবিনদাৰ দেশত নাহৰবোৰ
জুবিন হৈ ফুলক
নাহৰৰ গোন্ধই জাতিক জগাওঁক
নাহৰৰ ৰঙবোৰ
জুবিনদাৰ দৰেই বিয়পি পৰক
আবেগৰ পৰা হৃদয়লৈকে