চান্দা অপসংস্কৃতি ৰোধ কৰক
নিবেদিতা হাজৰিকা
লখিমপুৰ
সমাজৰ কোনো সামূহিক শুভ কাৰ্য ,উৎসৱ বা অনুষ্ঠান সম্পাদনৰ অৰ্থে ৰাইজৰ পৰা দান-বৰঙণি বা অৰ্থ সাহাৰ্য সংগ্ৰহ কৰা কাৰ্যই হৈছে চান্দা।বিভিন্ন উপলক্ষ যেনে বিহু,পূজা বা তেনে কোনো সভা-সমিতি আদি আয়োজন কৰিবলৈ আনৰ পৰা আৰ্থিক সাহাৰ্য লোৱাটো এক নিয়মত পৰিণত হৈছে। আমাৰ অসমত এই ব্যৱস্থা বৰ বেয়াকৈ গা কৰি উঠা দেখা গৈছে।স্বাভাৱিকতে ৰাইজৰ অনুষ্ঠান বুলিয়ে সকলোৱে পাৰ্যমানে সামৰ্থ অনুসৰি অনুদান আগবঢ়ায়। কিন্তু বহু সময়ত দেখা যায় কমিটিৰ সদস্য সকলে ব্যক্তিজনৰ আৰ্থিক অৱস্থা বা অসুবিধা নুবুজি নিজৰ ইচ্ছামতে এটা নিৰিখ ধাৰ্য কৰি দিয়ে ।বহু সময়ত এই কথাবোৰে মানুহক অসুবিধাত পেলায়। পূজা ,বিহু বা তেনে ধৰণৰ উপলক্ষত কমিটিৰ নামত একাংশ লোকে ঘৰলৈ অহাৰ উপৰি ৰাস্তা আদি অৱৰোধ কৰি বা দোকানী সকলক হাৰাশাস্তি কৰি জোৰকৈ ধন সংগ্ৰহ কৰে।শুনিবলৈ বেয়া যদিও এটা কথা সত্য যে আজি-কালি ধৰ্মানুষ্ঠানেই হওঁক বা বিহুৰ ফাংচনেই হওঁক চান্দা তুলি পতাটো এচামৰ বাবে এটা ব্যৱসায়ত পৰিণত হৈছে।এই সংস্কৃতিয়ে যুৱ প্ৰজন্মক কৰ্ম বিমুখ ,পৰমুখাপেক্ষী আৰু বহু পৰিমানে উচ্ছৃংখল কৰি তুলিছে,যাৰ বাবে সামাজিক শান্তি-শৃংখলা বিঘ্নিত হৈছে।কেৱল সেয়ে নহয়, এনে কাৰ্যই অসমৰ সামাজিক সম্প্ৰীতি বিনষ্ট কৰাৰ লগতে কৰ্ম সংস্কৃতিৰ প্ৰতি স্পৃহা হ্ৰাস কৰিছে।
এক অপ্ৰিয় সত্য এয়ে যে যুৱ প্ৰজন্মৰ মাজত কাম নকৰাকৈ চান্দাৰ টকাৰে ৰং -ধেমালি কৰাৰ মানসিকতা গঢ়ি উঠা দেখা গৈছে ,যি নৈতিক অৱক্ষয়ৰো মূল কাৰণ বুলি গণ্য কৰা হয়।
চান্দা তোলা বা জোৰ জৱৰদস্তি চান্দা আদায় বৰ্তমান সামাজিক প্ৰেক্ষাপটত মূলত এটি অপসংস্কৃতি হিচাপে গণ্য কৰা হৈছে।জোৰ পূৰ্বক চান্দা তোলাটো নিঃসন্দেহে এক অপসংস্কৃতি। ই সংস্কৃতিৰো পৰিপন্থী।স্মতব্য যে আধ্যাত্মিক উৎসাহ -উদ্দীপনাৰে উদ্যাপন কৰিব লগীয়া উৎসৱত এনে অপসংস্কৃতিয়ে সমাজত ব্যাপক নেতিবাচক প্ৰভাৱ পেলায়।বৰ্তমান অসমত এই ব্যাধি দ্ৰুত গতিত বিয়পি পৰা পৰিলক্ষিত হৈছে। সহজে ধন ঘটাৰ মানসিকতাই সচেতন মহলক চিন্তিত কৰি তুলিছে।কিয়নো কোনো ব্যক্তিয়ে স্বইচ্ছাৰে দিয়া চান্দাত অসন্তুষ্ট হৈ ,চান্দাৰ নামত জোৰ জুলুম কৰা বা কটাক্ষ কৰি কথা কোৱাৰ দৰে ঘটনাও ঘটা দেখা যায়।বহু সময়ত বহু স্থানত সমিতিৰ উদ্যোক্তা সকলে ঘৰে-ঘৰে গৈ ধন দাবী কৰাৰ উপৰি ৰাজপথত চলাচল কৰা বাহনৰ গৰাকীৰ পৰাও বলপূৰ্বক ভাবে ধন দাবী কৰাৰ দৰে নিকৃষ্ট ঘটনা দেখিবলৈ পোৱা যায়,শুনিবলৈ পোৱা যায়। চান্দা অপসংস্কৃতি ভয় আৰু আতংকৰ কাৰণ হৈ পৰিছে বহুতৰ বাবে।এনে কাৰ্য সঁচাই গৰিহনাৰ যোগ্য , কিয়নো এই পাবত গজা অপসংস্কৃতিবোৰে বহুতকে যন্ত্ৰণা দিয়ে।
চান্দা তুলি বিহু পতাত বা আন তেনে সামাজিক অনুষ্ঠান সমূহ পালন কৰাত বাধা নাই বা আপত্তি নাই। কিন্তু চান্দা সংগ্ৰহৰ নামত আনক বাটে-ঘাটে ,ঘৰত জোৰ জুলুম কৰাটো একেবাৰেই গ্ৰহণ যোগ্য কাৰ্য নহয় ।চান্দা হ’ব লাগে দিওতা জনৰ সক্ষমতাৰ ভিত্তিত।এই ক্ষেত্ৰত আনে জোৰ কৰা অনুচিত।যি পৰিমানৰ ধন দাতাই স্ব-ইচ্ছাৰে আগবঢ়ায় সেই অনুদান বা চান্দা সংগ্ৰহকাৰীসকলে আনন্দ মনেৰে গ্ৰহণ কৰা উচিত বা সন্তুষ্ট হোৱা উচিত।
বিভিন্ন স্থানত প্ৰশাসনে এই ধৰণেৰে বলপূৰ্বক ধন সংগ্ৰহ বা চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিছে যদিও দুই -এঠাইত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি প্ৰায়ে শুনিবলৈ পোৱা যায়।ৰাইজে সাহসেৰে এনেবোৰ অপসংস্কৃতিৰ বিৰুদ্ধে থিয় নিদিলে সহজ-সৰল লোক এই কু-কৰ্মৰ বলি হৈয়ে থাকিব।অসমীয়া সংস্কৃতিত নতুন কৈ সংযোজিত হোৱা এই ধৰণৰ চৰম অপসংস্কৃতি আৰু অৰুচিকৰ পৰম্পৰা ৰোধৰ সময় আহি পৰিছে।
